মুছলমান

“আপুনি যদি মুছলমান”

Spread the love

 

হয়, আপুনি যদি মুছলমান।
আপুনি যদি ইছলাম ধৰ্মৰ প্ৰতি বিশ্বাসী।
আপুনি যদি পৱিত্ৰ ক্বোৰআনৰ অনুসাৰী।

আপুনি যদি মহাপুৰুষ হজৰত মহম্মদ (ছঃ)ৰ অনুচৰ আৰু আপোনাৰ যদি আছে পৰম কৰুণাময় আল্লাহৰ প্ৰতি অগাধ বিশ্বাস-ভক্তিভাৱ তেনেহলে আপুনি অৱশ্যেই ইছলামৰ, ক্বোৰআন আৰু পয়গম্বৰ হজৰত মহম্মদ (ছঃ)ৰ পদাংক অনুসৰণ কৰি চলিবই লাগিব আৰু ইছলামৰ পথ তথা পয়গম্বৰ হজৰত মহম্মদৰ মত অনুসৰি চলিবলৈ যাওঁতে আপুনি কদাপিও ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰ বিৰোধী কাৰ্য্যত লিপ্ত হ’ব নোৱাৰিব।

 

কাৰণ সকলো ধৰণৰ অপৰাধ-অপকৰ্ম তথা অসামাজিক কাৰ্যকলাপক ইছলামে নিষিদ্ধ বা হাৰাম কৰি থৈছে।

পাচঁ স্তম্ভ বিশিষ্ঠ ইছলাম ধৰ্মত কলিমা, নামাজ, ৰোজা, হজ্ব, যাকাত কোৰবাণী আদি ধৰ্মকাৰ্য কৰাৰ সমানেই ৰাষ্ট্ৰপ্ৰেম আৰু সমাজ সংস্কাৰবাদী হোৱাটো ইছলামৰ বৈশিষ্ট্য।

শিক্ষা, স্বচ্ছত, শৃংখলাবদ্ধতা, আধ্যাত্মিকতা, নৈতিকতা, মূল্যবোধ আদিক গুৰুত্ব দিয়াৰ সমান্তৰালকৈ ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰৰ অনুশাসন মানি চলিবলৈও বদ্ধপৰিকৰ হ’ব লাগিব।

তদুপৰি দেশ তথা সমাজৰ ঐক্য, শান্তি আৰু প্ৰগতিৰ বাবেও নিজকে প্ৰতি মুহূৰ্তত প্ৰস্তুত ৰাখিব লাগিব।

ধৰ্ম, জাত-পাতৰ পৰিভাষাক পাহৰি গৈ সকলো শ্ৰেণীৰ লোকৰ প্ৰতি সদায় হোৱাৰ লগতে দুখীয়া-দৰিদ্ৰৰ প্ৰতিও দৃষ্টিপাত কৰিব লাগিব।

আত্মীয়তাৰ বন্ধন ৰক্ষা কৰি চলিবই লাগিব।
জন্মদাত্ৰী মা-দেউতাৰ সেৱা শুশ্ৰূষা কৰিবই লাগিব।

হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান এই বিশ্বাসক সৰোগত কৰি সকলোৰে সৈতে সদাচাৰ কৰিবই লাগিব।

ডাঙৰক সন্মান আৰু সৰুক মৰম-চেনেহ কৰাৰ লগতে সমাজৰ নৱপ্ৰজন্মক লেখা-পঢ়াকে ধৰি ভাল কামৰ প্ৰতি উৎসাহিত কৰিব লাগিব।

মুছলমান হৈয়ো অইন ধৰ্মক শ্ৰদ্ধা কৰিবই লাগিব।

নিজৰ দেশক (আমাৰ দেশ ভাৰতবৰ্ষ) অন্তৰ দি ভাল পাব লাগিব।

(প্ৰয়োজনত মাতৃভূমিৰ হ’কে জীৱন পৰ্যন্ত দিবলৈ প্ৰস্তুত থাকিব লাগিব)।

তাৰোপৰি সংখ্যাগৰিষ্ঠ মুছলমান অঞ্চলত হিন্দু কিংবা অইন ধৰ্মাৱলম্বী সংখ্যালঘুৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উপৰিও তেওঁলোকৰ ধৰ্মীয় উপাসনালয় সমহূৰো নিৰাপত্তা প্ৰদান কৰিব লাগিব।

চুৰি-ডকাইতি, ঠগ-প্ৰৱঞ্চনা, মিছা কথা কোৱাৰ প্ৰৱণতা আদি পৰিত্যাগ কৰাৰ লগতে জুৱা, মদ, ভাং, ড্ৰাগছ আদি নিচাজাতীয় দ্ৰব্যৰ সেৱন কিংবা ব্যৱসায় বৰ্জন কৰিব লাগিব।

হিংসা, ঘৃণা, নিন্দা, ইৰ্ষা, শত্ৰুতা আদিৰ মনোভাৱ ত্যাগ কৰিব লাগিব।
তদুপৰি ধৰ্ষণ, হত্যাৰ দৰে জঘন্য পাপ কাৰ্যৰ পৰা নিজকে বিৰত ৰাখিব লাগিব।

শোধ-ঘোষ বা অন্য কোনো অসৎ উপায়েৰে ধন উপাৰ্জনৰ লালসা পৰিত্যাগ কৰিব লাগিব।

নাৰী নিৰ্যাতনৰ দৰে গৰ্হিত কাম বন্ধ কৰি মহিলা সকলৰ সবলীকৰণৰ বাবেও আন্তৰিকতা দেখুৱাব লাগিব।

(ইছলামত পুৰুষতকৈ বহু ক্ষেত্ৰত নাৰীক অগ্ৰাধিকাৰ দিয়া হৈছে)।
আনহাতে শ্ৰমিকৰ প্ৰতিও দয়াশীল হ’ব লাগিব।

সদা-সৰ্ব্বদা সত্যৰ ওপৰত অভিচল থাকি আনকো তেনে কৰিবলৈ উৎসাহ যোগাব লাগিব।

পৰিয়ালৰ লগতে সমাজ তথা ৰাষ্ট্ৰৰ প্ৰতি দায়বদ্ধশীল হোৱাটোও ইছলামৰ অংশ।

শিক্ষা, স্বাস্থ্য, কাৰিকৰী বিদ্যাকে ধৰি পৰিস্কাৰ-পৰিচন্নতাৰ ওপৰতো জোৰ দিব লাগিব।

নাৰী সকলেওঁ হিজাব পৰিধান কৰি শালীনতা বজাই ৰাখি চলিবলৈ যত্ন কৰিব লাগিব কাৰণ এয়া ইছলামৰ বিধান আৰু মহাপুৰুষ হজৰত মহম্মদৰ আদৰ্শ।

আৰু ইছলামৰ নীতি তথা পয়গম্বৰ হজৰত মহম্মদৰ সাৰ্বজনীন আদৰ্শ অনুসৰি চলিব পাৰিলে নিশ্চিতভাৱে আপুনি, মই, আমি প্ৰত্যেকেই একো একোজন ভাল তথা প্ৰকৃত মুছলমান হ’ব পাৰিম।

আৰু এজন প্ৰকৃত মুছলমানৰ কোনো সংকা বা ভয়ভীত নাই, থাকিবও নোৱাৰে।

এগৰাকী প্ৰকৃত মুছলমানক কোনেওঁ হিংসা, নিন্দা কিংবা ঘৃনা নকৰে বৰঞ্চ সকলো ধৰ্মাৱলম্বীৰ মানুহেই তেওঁক শ্ৰদ্ধা-সন্মান আৰু বিশ্বাসৰ সৈতে আদৰি লয়।

গতিকে আহক আমি সকলোৱে এজন প্ৰকৃত মুছলমান হ’বলৈ চেষ্টা কৰোঁহি।

 

 

জুলহাছ আলী আহমেদ প্ৰতিবেদন  Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *