Arvind Kejriwal

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 16 May 2024:-

১/ ওড়িশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।
বিজেপিৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে।
“ওড়িশা ডাবল ইঞ্জিনৰ চৰকাৰ হোৱাটো ১০০ শতাংশ নিশ্চিত”- বুলি মন্তব্য কৰে ড’ শৰ্মাই।

২/ টিউমাৰত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন অভিনেত্ৰী ৰাখী সাৱন্ত।
এই কথা জনাই অভিনেত্ৰীগৰাকীৰ প্ৰাক্তন স্বামী ৰীতেশে।
অভিনেত্ৰীগৰাকী কৰ্কট ৰোগত আক্ৰান্তৰ সন্দেহ চিকিৎসকৰ।

৩/ পশ্চিম বংগৰ পূৱ-ক্যানিং সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান মন্ত্ৰী ৰঞ্জিৎ দাসৰ।
বিজেপিৰ প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।

৪/ ‘অসমত ১.২৫ কোটি বাংলাদেশী অনুপ্ৰৱেশকাৰী আছে।
৪০ বছৰ পূৰ্বেই অসমলৈ হৈছিল বাংলাদেশীৰ অনুপ্ৰৱেশ’।
ৰাচীৰ সংবাদমেলত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য।

৫/ তৃতীয়বাৰৰ বাবে সাংসদ হোৱাৰ লক্ষ্যৰে বিহাৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে অসমৰ সাংসদ৷
বিহাৰৰ বাল্মিকী নগৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে নৱ কুমাৰ শৰণীয়াই৷
অসমত নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰা নৱ কুমাৰ শৰণীয়াই GSPৰ হৈয়েই আগবঢ়াইছে প্ৰাৰ্থিত্ব৷

৬/ উত্তৰ প্রদেশৰ আজমগড়ত নিৰ্বাচনী প্রচাৰ অভিযান নৰেন্দ্র মোডীৰ।
মোদীক সংগ দিয়ে মুখ্যমন্ত্রী যোগী আদিত্যনাথে।
৪ জুনত ফলাফল কি হ’ব সেয়া সহজেই অনুমেয় বুলি দাবী যোগী আদিত্যনাথৰ।
কংগ্রেছ আৰু সমাজবাদী প্রাৰ্থীক সাম্প্রদায়িক আখ্যা দিয়ে নৰেন্দ্র মোডীয়ে।

৭/ কাৰাগাৰৰ পৰা মুকলি হৈ উত্তৰ প্রদেশত নিৰ্বাচনী প্রচাৰ অভিযান দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ।
নিৰ্বাচনী প্রচাৰৰ পূৰ্বে লক্ষ্ণৌত অখিলেশ যাদৱৰ সৈতে অৰবিন্দ কেজৰিৱালৰ যৌথ সংবাদমেল।
উক্ত সংবাদমেলতে “অমিত শ্বাহক প্রধানমন্ত্রী পতাৰ ব্লু প্রিণ্ট ৰচিছে নৰেন্দ্র মোডীয়ে” বুলি মন্তব্য আগবঢ়ায় কেজৰিৱালে।
নিৰ্বাচনৰ পিছতে গাদীচ্যুত হ’ব পাৰে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ।

৮/ দিল্লীত ইণ্ডিয়া মৰ্চাৰ চৰকাৰ হ’লে সমৰ্থন জনাব মমতা বেনাৰ্জীয়ে।
নিৰ্বাচনী প্ৰচাৰ সভাত ঘোষণা কৰে তৃণমূল কংগ্ৰেছৰ নেতৃগৰাকীয়ে।

৯/ “চাকিতো নুমাব হ’লে পোহৰতো বেছি হয়, একেই হৈছে বিজেপিৰো।
বিজেপিৰ ভিতৰৰ পৰা দুগব্ধ ওলাইছে আপোনালোকে সাৱধানে থাকিব”- মন্তব্য ভূপেন বৰাৰ।

১০/ ২৮ মে’ৰ ভিতৰত শিক্ষাসেতু এপ’ত সকলো শিক্ষাৰ্থীৰ অভিভাৱকৰ ফোন নম্বৰ আপডেট কৰাটো বাধ্যতামূলক।

১১/ তাৰকা ফুটবলাৰ সুনীল চেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ঘোষণা।
সুনীল চেত্ৰীয়ে কুৱেইটৰ বিৰুদ্ধে খেলিব কেৰিয়াৰৰ অন্তিমখন মেচ।
X যোগে ঘোষণা কৰি আৱেগিক হয় ভাৰতীয় ফুটবল দলৰ অধিনায়কগৰাকী।

১২/ উত্তৰাখণ্ডত পৰ্বত আৰোহণ কৰা ৫ সদস্যক মানপত্ৰ প্ৰদান কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
ভাগীৰথী শৃংগ সফলতাৰে আৰোহণ কৰা পৰ্বত আৰোহী কেইগৰাকীক আদৰণি জনায় মন্ত্ৰীগৰাকীয়ে।

১৩/ আজি জননেতা ভীমবৰ দেউৰীৰ ১২১ সংখ্যক জন্ম জয়ন্তী।
দেউৰী জাতীয় পৰিষদ অসমৰ উদ্যোগত ধেমাজি জিলা সমিতি আৰু গোগামুখ বাসী ৰাইজৰ সহযোগত গোগামুখ ৰাজহুৱা প্ৰেক্ষাগৃহত দেউৰী পূজাৰী সকলৰ দ্বাৰা মাংগলিক কাৰ্যৰে জননেতা ভীমবৰ দেউৰীৰ ১২১ সংখ্যক জন্ম জয়ন্তী পালন কৰে।
উপস্থিত থাকে।
জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ, স্মৃতিগ্ৰন্থ উন্মোচন আৰু কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰে।

১৪/ AIUDFৰ দুজন বিধায়কলৈ কাৰণ দৰ্শোৱাৰ জাননী।
৫ দিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ।
বিধায়ক সুজামউদ্দিন লস্কৰ, নিজামউদ্দিন চৌধুৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী।
সংবাদ মেলত এই কথা ঘোষণা AIUDFৰ নেতৃত্বৰ।

১৫/ যোৰহাটৰ জনপ্ৰিয় চিকিৎসক ডা: শংকৰজ্যোতি পৰাশৰৰ দেহাৱসান।
হৃদৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল।

১৬/ উৎকট গৰমৰ বাবে কাছাৰৰ কালাইনত মৃত্যু এজনৰ।
দুপৰীয়া কলেজৰ পৰা ঘৰলৈ ওভতাৰ পথত ঢলি পৰে লোকজন।
কালাইন হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।
মৃত লোক জন কালাইন এছ আৰ কলেজৰ অস্থায়ী কৰ্মচাৰী চয়ন দে।

১৭/ কলিয়াবৰৰ বেলগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন।
লাওখোৱা অভয়াৰণ্যৰ পৰা আহিছিল এটা হাতী।
মৃত লোকজনৰ নাম যতীন্দ্ৰ মণ্ডল।

১৮/ মণিপুৰৰ থৌবালত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযান।
অভিযানত জব্দ কৰে ৰাইফলসহ আন বহু বিস্ফোৰক সামগ্ৰী।

১৯/ শিমলীতোলা জলজলি নদীত বন বিভাগৰ অভিযান।
অভিযানত ১০ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰে বন বিভাগে।
অভিযানৰ উমান পায় পলায়ন কৰে চোৰাং কাঠ ব্যৱসায়ী।

২০/ কৰিমগঞ্জত জব্দ ১০ কোটি টকা মূল্যৰ ড্ৰাগছ।
কৰিমগঞ্জ আৰক্ষীৰ অভিযানত জব্দ কৰে ১ কেজি ২০০ গাম হেৰইন সহ আটক এটা সৰবৰাহকাৰী।
ধৃত সৰবৰাহ কাৰীটোৰ নাম চিয়াবুদ্দিন।

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *