১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 17 May 2024 :-

1. পশ্চিম নলবাৰীৰ চক্ৰ বিষয়াক নিলম্বন।
নিৰ্বাচন আয়োগৰ নিৰ্দেশৰ ভিত্তিত নিলম্বন কৰা হয় অৰ্পণা শৰ্মাক।
নিৰ্বাচনৰ দিনা নলবাৰী জিলা আয়ুক্তৰ সৈতে মতানৈক্য হৈছিল শৰ্মাৰ।

2. প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ দেহাৱসান।
GMCHত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।
দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল বড়ো।
মৃত্যুৰ সময়ত থানেশ্বৰ বড়োৰ বয়স হৈছিল ৮৫ বছৰ।

3. আজি সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৮ সংখ্যক মৃত্যু দিৱস।
মহানগৰীৰ ৰাজগড়ত বিশেষ শ্রদ্ধাঞ্জলি অনুষ্ঠান।
উপস্থিত থাকে পৰাগ দাসৰ পত্নী পূৰৱী দাসৰ লগতে বহুকেইগৰাকী শিক্ষক, সাংবাদিক তথা অনুৰাগী।

4. গুৱাহাটীত উপস্থিত কলকাতা নাইট ৰাইডাৰ্ছৰ দল৷
বিশেষ বিমানৰে গুৱাহাটীত উপস্থিত হয় KKR দলটো৷
১৯ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মেচ৷

5. আজিৰে পৰা মেঘালয়ৰ উমৰইত আৰম্ভ হৈছে ভাৰত-ফ্ৰান্স যৌথ সামৰিক অনুশীলন শক্তিৰ সপ্তম সংস্কৰণ।
মুকলি অনুষ্ঠানত উপস্থিত থাকে ভাৰতত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত থিয়ৰী মাথৌ, ৫১ ছাব এৰিয়া কমাণ্ডিং জেনেৰেল অফিচাৰ মেজৰ জেনেৰেল প্ৰসন্ন সুধাকৰ যোশী।

6. পুনৰ উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ সভাপতি হিচাপে নিৰ্বাচিত জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল।
পূৰ্বেও তিনিবাৰকৈ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে।

7. মা কামাখ্যা ধামত উপস্থিত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ কেশৱ মহাৰাজ।
মাৰ আশিস লয় তাৰকা ক্ৰিকেটাৰগৰাকীয়ে।

8. ৩১ মে’ত পৰ্যটকৰ বাবে বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ।
পৰ্যটন বৰ্ষৰ শেষৰ সময়ছোৱাত বহু পৰ্যটকৰ সমাগম ঘটে।

9. ওড়িশাত ৫খনকৈ নিৰ্বাচনী সভাত উপস্থিত থাকে ড’ হিমন্ত বিশ্ব শৰ্মাই।
উক্ত সভাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে।

10. মৰিগাঁৱৰ বিদ্যালয়ে বিদ্যালয়ে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ ছাডেন ভিজিট।
অন কেমেৰাত ধমক দিয়ে জিলা প্ৰকল্প অভিযন্তা অবিনাশ দাসক।
৯০ খন বিদ্যালয়লৈ অহা ধন আত্মসাৎ কৰাৰ বাবে ধমক দিয়ে জিলা আয়ুক্ত গৰাকীক।

11. কাজিৰঙাত গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে আৰম্ভ হ’ব বন বিভাগ আৰু আৰক্ষী অভিযান।
গঁড়, বন্যজন্তুৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা হ’ব বিশেষ ব্যৱস্থা।
বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙে জনাই এই কথা।
কাজিৰঙাত অনুষ্ঠিত হোৱা বৈঠকত লোৱা হয় এই সিদ্ধান্ত।
বৈঠকত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ,ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সোনালি ঘোষ, ৰাষ্ট্ৰীয় উদ্যান সমূহৰ সঞ্চালক, ডি এফ অ’, আৰু এচ টি এফৰ মহাপৰিদৰ্শক।

12. ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰে ছিপাঝাৰৰ গোপালপুৰৰ যুৱক ৰাখল নাথে৷
তামিল, তেলেগু আৰু হিন্দী ভাষাত ‘খুচি’ নামৰ গীতটি পৰিৱেশন কৰি নাম সন্নিৱিষ্ট কৰে যুৱকজনে৷

13. ৰাজ্যত প্ৰবল ধুমুহা, বৰষুণৰ সম্ভাৱনা।
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰে সতৰ্কতামূলক জাননী।
বাক্সা, চিৰাং, দৰং, কামৰূপ, মৰিগাঁও, নগাঁৱত বৰষুণ অহাৰ সম্ভাৱনা।

14. বিশিষ্ট বুদ্ধিজীৱি ড° হীৰেণ গোহাঁইক প্ৰদান কৰা হ’ল পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা।
পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই গুৱাহাটীৰ প্ৰেছ ক্লাবত প্ৰদান কৰে এই বিশেষ বঁটা।

15. ঢকুৱাখনাত দেৱলীনা হত্যাৰ উত্তেজনা অব্যাহত৷
সোণাৰি চাপৰিত হত্যাকাৰীক ফাঁচীৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বহু মহিলাই।
যৌতুকৰ বাবেই হত্যা কৰা হৈছিল নৱবিৱাহিতা বোৱাৰীক৷

16. অসম-নাগালেণ্ড সীমান্তৰ খটখটিত আৰক্ষীৰ অভিযান।
৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই লক্ষাধিক টকাৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।
আটক কৰে জাহচুপ কন্যাক নামৰ সৰবৰাহ কাৰীটোক।

17. শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ।
পংখী সন্দিকৈৰ ন্যায় বিচাৰি প্ৰতিবাদ।
শিৱসাগৰৰ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত সাব্যস্ত কৰা হয় প্ৰতিবাদ।

18. বঙাইগাঁৱত ভয়ংকৰ অঘটন৷
যাত্ৰীবাহী অটোৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ৷
থিতাতে এগৰাকী যাত্ৰীৰ কৰুণ মৃত্যু৷
মৃত যুৱকজনৰ নাম চিত্তৰঞ্জন শৰণীয়া, আহত হৈছে ধ্ৰুৱজ্যোতি মেচ নামৰ আন এজন লোক৷

19. মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ।
উদয়পুৰৰ পৰা মুম্বাই আৰক্ষী অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে ভিন্দেই।
প্ৰচণ্ড বৃষ্টিপাত-ধুমুহাত হৰ্ডিং বাগৰি মৃত্যু হয় ১৬জনকৈ লোক আৰু আহত হয় ৭৬ জন লোক।

20. কৰিমগঞ্জৰ চুড়াইবাড়ী আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান৷
এখন কণ্টেইনাৰৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ কফ ছিৰাপ৷
৬টা কাৰ্টনৰ পৰা ১,৬০০টা বটল নিষিদ্ধ ফেন্সিডাইল জব্দ কৰা হয়।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *