১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ অসমবাসীৰ বাবে সু-খবৰ।
বীৰ শ্বহীদলৈ কীৰ্তি চক্ৰ বঁটা।
শ্বহীদ দিলীপ দাস আৰু বাবুল ৰাভালৈ কীৰ্তি চক্ৰ বঁটা আগবঢ়োৱা হয়।
ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মুৱে প্ৰদান কৰে এই বিশেষ সন্মান।
২/ ২৪ জুলাইত মোদী 3.0ৰ প্ৰথমখন বাজেট।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট৷
৩/ ‘শিক্ষা সেতু’ৱে লাভ কৰে ৰাষ্ট্ৰীয় ই-গভাৰ্নেন্স বঁটা ২০২৪।
সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।
৪/ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷
ফেৰীৰ ইঞ্জিন বিকল হৈ নদীৰ মাজতে আবদ্ধ হয় মন্ত্ৰীগৰাকী৷
মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে বিধায়ক ভূবন গাম, জিলা আয়ুক্ত কাবেৰী শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি।
৫/ সাংসদ হিচাপে শপত গ্ৰহণ কৰে কাৰাবন্দী অমৃতপাল সিঙে৷
শপত গ্ৰহণৰ পাছত পুনৰ ডিব্ৰুগড় কাৰাগাৰলৈ অনা হয় অমৃতপালক৷
শপত গ্ৰহণৰ বাবে ৪ দিনৰ বাবে মুক্তি লাভ কৰিছিল অমৃতপালে৷
সম্প্ৰতি ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে অমৃতপাল সিং৷
৬/ বিদ্যালয়ত উপস্থিত নথকা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হয়।
ৰাজ্যৰ ৪,৯০৭ গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ।
শিক্ষাসেতু এপত ATTENDANCE নাছিল শিক্ষকৰ।
ইয়াৰ পাছতেই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে।
৭/ ভূপালত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি উম্মোচনী সভা।
ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি অনাবৰণ ড০ মোহন যাদৱৰ।
৮/ মহানগৰীৰ জ্যোতিনগৰত
পিতৃৰ সন্মুখতে উন্মুক্ত নলাৰে উটি যোৱা কণমানি অবিনাশ সৰকাৰৰ আজি ঘটনাস্থলীত পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অবিনাশ সৰকাৰৰ পিতৃ- মাতৃৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৯/ আজিৰ পৰা আৰম্ভ ভাৰত-জিম্বাবৱেৰ পাচঁখনীয়া T-20 শৃংখলা।
প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰে অসম সন্তান ৰিয়ান পৰাগে।
১০/ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱৰ গছপুলি ৰোপণ কাৰ্যসূচী।
ভূপালৰ জম্বুৰীত ৰোপণ কৰা হয় গছপুলি।
‘এক পেড় মা কে নাম’ শীৰ্ষক গছপুলি ৰোপন কৰে।
১১/ কাজিৰঙাৰ ৰাজপথত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা।
প্ৰতিখন যান-বাহনক লাহে লাহে চলাবলৈ অনুৰোধ জনাই কৃষি মন্ত্ৰী বৰাই।
বন্যপ্ৰাণীৰ সুৰক্ষাৰ বন কৰ্মী সকলৰ খবৰ লয় মন্ত্ৰী গৰাকীয়ে।
১২/ চৰাইদেউৰ বান পৰিস্থিতি বুজ লয় সাংসদ গৌৰৱ গগৈয়ে।
চৰাইদেউত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ সাংসদগৰাকী।
১৩/ লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ গড়ছিগা, বালামা-বিষ্ণুপুৰ অঞ্চল আৰু ৰঙানদী সমষ্টিত উপস্থিত হৈ বান পৰিস্থিতি পৰিদৰ্শন কৰে
শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
লগতে বানাক্ৰান্ত ৰাইজৰ সৈতে মতবিনিময় কৰি সমস্যা সমাধান আশ্বাস প্ৰদান কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।
১৪/ জাগীৰোড সমষ্টিৰ অন্তৰ্গত মায়ঙৰ চনকাত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা৷
বান বিধ্বস্ত চনকা অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ক্ষয়-ক্ষতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷
অতি শীঘ্ৰেই খহনীয়া ৰোধৰ ব্যৱস্থা কৰা হ’ব বুলিও আশ্বাস প্ৰদান কৰে মন্ত্ৰী হাজৰিকাই।
১৫/ নুমলীগড়ৰ বানবিধ্বস্ত বংকোৱালত উপস্থিত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ।
বন্যাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লয় বিধায়ক গৰাকীয়ে।
১৬ / যোগীঘোপাত বান পৰিস্থিতি বুজ লয় সাংসদ ৰকিবুল হুছেইনে।
কাবাইটাৰী, চলন্তাপাৰাৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰে সাংসদগৰাকীয়ে।
১৭/ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বন্যাক্ৰান্তৰ খবৰ লয় মন্ত্ৰী অতুল বৰাই৷
বানৰ স্থায়ী সমাধানৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।
১৮/ বানপীড়িতৰ কাষত উপস্থিত দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰিদৰ্শন কৰে বানপীড়িত অঞ্চল।
বন্যাক্ৰান্তৰ দুখ-দুৰ্গতিৰ বুজ লোৱাৰ লগতে বানপীড়িতৰ মাজত পানী, চিৰা, বিস্কুট, চেনি বিতৰণ কৰে সাংসদ গৰাকীয়ে।
১৯/ শিৱসাগৰত ছাই বিকাশ একাডেমীত ভয়ংকৰ ঘটনা।
একাদশ শ্ৰেণীৰ ছাত্ৰৰ ছুৰীৰ আঘাতত মৃত্যু হয় অধ্যক্ষ।
অধ্যক্ষগৰাকীৰ নাম ৰাজেশ বাবু।
সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ নিয়াৰ পথতে মৃত্যু হয় অধ্যক্ষগৰাকী।
ঘটনাক কেন্দ্ৰ কৰি শিৱসাগৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়।
২০/ ১২ জুলাইত বিবাহপাশত আবদ্ধ হ’ব মুকেশ আম্বানীৰ পুত্র অনন্ত আম্বানী।
ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব অনন্ত আম্বানী।
বিবাহৰ পূৰ্বে আম্বানী পৰিয়ালৰ অভ্যৰ্থনাত বিলাসবহুল সংগীত অনুষ্ঠান।
ভাগ লয় কানাডিয়ান বিখ্যাত গায়ক জাষ্টিন বেইবাৰে।
Sangita Dutta Editor in Chief Rnewsindia24.com