Jual Oram

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

১/ ফোনযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

পৰিস্থিতিৰ সৈতে মোকাবিল কৰিবলৈ কেন্দ্ৰৰ পৰা সহায়ৰ আশ্বাস।

ছ’চিয়েল মিডিয়াযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

২/ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম মুকলি।

লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

সংবাদমেল সম্বোধন কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি সন্দৰ্ভত মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী গৰাকীয়ে।

‘ৰাজ্যত দৰিদ্ৰতা নিৰ্মূলত সহায়ক হৈছে অৰুণোদয় আঁচনি’।

সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

৩/ শিৱসাগৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অৰাম।
ডিমৌ সমষ্টিৰ বান পৰিস্থিতি পৰ্যৱেক্ষণ কৰে মন্ত্ৰী গৰাকীয়ে।
বিভিন্ন বিষয়ক লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ত বৈঠকত মিলিত হয়।
জিলা খনৰ বহু কেইটা চৰকাৰী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী।
মন্ত্ৰী গৰাকীক সংগ দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়ক সুশান্ত বৰগোহাঁই আৰু দলীয় বিষয়ববীয়াই।

৪/ গোৱালপাৰাৰ কল্যাণপুৰৰ নিহত ব্যৱসায়ী অশোক গোৱেল ঘৰত উপস্থিত ৰকিবুল হুছেইন।

শীঘ্ৰেই হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবী জনায় সাংসদ গৰাকীয়ে।

৫/ লোকসেৱা ভৱনত অনুষ্ঠিত নিযুক্তি সমাৰোহ।

সমাৰোহত ৪১ গৰাকী প্ৰাৰ্থীৰ মাজত বিতৰণ নিযুক্তি পত্ৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে নিযুক্তি পত্ৰ।

৬/ অসমত উপস্থিত কংগ্ৰেছৰ পৰ্যৱেক্ষক জিতেন্দ্ৰ সিং।

আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰদেশ কংগ্ৰেছৰ বিশেষ বৈঠক।

৭/ চতুৰ্থবাৰলৈ নেপালৰ প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে কে পি শৰ্মা অলিয়ে।

৮/ কলিয়াবৰত বিধায়ক মনোৰঞ্জন তালুকদাৰ।

হাতীমূৰাৰ ছিগা মথাউৰি পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে।

দোষীৰ বিৰুদ্ধে FIR দিয়াৰ দাবী বিধায়কগৰাকীৰ।

জলসম্পদ মন্ত্ৰীক অকৰ্মণ্য আখ্যা দিয়ে বিধায়ক তালুকদাৰে।

৯/ জলেশ্বৰৰ বুঢ়াবুঢ়ীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে বিধায়ক আফতাব উদ্দিন মোল্লাই।

বুঢ়াবুঢ়ী অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া।

১০/ ‘বেয়া দিনত কংগ্ৰেছ ত্যাগ কৰাসকল ঘূৰি অহাটো নিবিচাৰোঁ।

সুবিধাবাদী একাংশ ঘূৰি অহাটো নিবিচাৰে একাংশ কংগ্ৰেছীয়ে।

কৰ্মীয়ে নিবিচৰা নেতা ঘূৰি অহাত মোৰ আপত্তি থাকিব’।

কংগ্ৰেছৰ একাংশ নেতাৰ ঘৰ ৱাপচীৰ কুচকাৱাচ’ – মন্তব্য সাংসদ গৌৰৱ গগৈৰ।

১১/ ২২ জুলাইলৈ বৃদ্ধি মনীষ চিছ’ডিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ।

দিল্লীৰ ৰাউজ এভিনিউ আদালতে বৃদ্ধি কৰে ন্যায়িক জিম্মাৰ ম্যাদ।

দিল্লীৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল মনীষ চিছ’ডিয়া।

১২/ CM ভিজিলেন্সৰ জালত ফকিৰগঞ্জ থানাৰ উপ-পৰিদৰ্শক৷

৮ হাজাৰ টকা উৎকোচ লৈ থাকোঁতেই উপ-পৰিদৰ্শক ফজিয়েল হকক গ্ৰেপ্তাৰ কৰে।

১৩/ পাকিস্তানত নিষিদ্ধ হ’ব ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-ই-ইনচাফ (PTI)।

দলটোৰ বিৰুদ্ধে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ ।

পাকিস্তান চৰকাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত।

১৪/ বলিউডৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিঙৰ ভাতৃক আটক।

ড্ৰাগছৰ গোচৰত হাইদৰাবাদ আৰক্ষীয়ে আটক কৰে অমন প্ৰীত সিঙক।

১৫/ তেজপুৰৰ দোলাবাৰীত ৫০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

AS09E 8185 নম্বৰৰ বলৰো বাহনত শিলচৰৰ পৰা লখিমপুৰ বঙালমৰালৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি।

গোপন সূত্ৰৰ পম খেদি তেজপুৰ দোলাবাৰীৰ হোটেল ‘আমিৰ’ত চাৰিজন সৰবৰাহ কাৰীৰ সৈতে ড্ৰাগছ খিনি জব্দ কৰে আৰক্ষীয়ে।

১৬/ বান পৰিস্থিতি কিছু শাম কটাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঢাপলি মেলে বন্যপ্ৰাণীসমূহ।

কিন্তু পানী শুকুৱাৰ পাছতে উদ্ধাৰ হয় ১৯৬টা বন্যপ্ৰাণীৰ মৃতদেহ।

১৭/ ছোমালিয়াৰ ৰাজধানী মোগাদিছুত বোমা বিস্ফোৰণ।

বিস্ফোৰণত ৫ জন লোকৰ মৃত্যু হয় আৰু ২০ জন আহত হয়।

মোগাদিছুৰ এখন কেফেৰ বাহিৰত শক্তিশালী বোমা বিস্ফোৰণ।

ইউৰো কাপৰ ফাইনেল উপভোগ কৰি থকাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ।

১৮/ ২০২৪ৰ ইউৰো কাপ ফুটবলৰ খিতাপ দখল স্পেইনৰ।

ইংলেণ্ডক ২-১ গ’লত পৰাস্ত কৰে স্পেইনে।

চতুৰ্থবাৰলৈ ইউৰো কাপৰ খিতাপ দখল কৰে স্পেইনে।

৪৭ মিনিট স্পেইনৰ হৈ প্ৰথমটো গ’ল দিয়ে নিকো উইলিয়ামছে।

৭৩ মিনিটত ইংলেণ্ডৰ ক’ল পালমাৰে গ’ল পৰিশোধ কৰি সমতা স্থাপন কৰে ।

ৰোমাঞ্চকৰ খেলখনত ৮৬ মিনিটত নিৰ্ণায়ক গ’লটো কৰে মাইকেল অয়াৰজাবালে।

স্পেইনৰ নিকো উইলিয়ামছলৈ প্লেয়াৰ অব দ্য মেচৰ সন্মান।

ফুটবল বিশ্বৰ ১৭ বছৰীয়া চাঞ্চল্য লামিনে য়ামালক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা।

১৯/ গোলকগঞ্জৰ বেলগুৰিত বাহনসহ চোৰাং গৰু জব্দ।

আগমনী আৰক্ষীয়ে উদ্ধাৰ কৰে ৫টাকৈ চোৰাং গৰু।

অতি নিৰ্দয়ভাৱে মুখ বান্ধি অনা হৈছিল গৰুকেইটাক।

আৰক্ষীয়ে জব্দ কৰে AR-04-4167 নম্বৰৰ বাহনখন।

পশ্চিমবংগৰ পৰা ধুবুৰী অভিমুখী আছিল বাহনখন।

২০/ চতিয়াৰ ইটাখোলাত ড্ৰাগছ জব্দ।

এটা সৰবৰাহকাৰীৰ পৰা জব্দ কৰে ৪৮টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ।

আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী খাইৰুল ইছলামক।

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *