চৰাইদেউ মৈদাম

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

 

1. অসমবাসীৰ বাবে অতি সুখবৰ৷
চৰাইদেউ মৈদামে আনুষ্ঠানিকভাবে ইউনেস্কোৱে ঘোষণা কৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি৷

2. আজি কাৰ্গিল বিজয় দিৱস৷
ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষ্যে ভাৰতীয় সেনাৰ বিশাল আয়োজন৷
লাডাখত বিজয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
বীৰভূমি আৰু ছহিদ মাৰ্গো পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

3. তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব পাৰস্পৰিক বদলি।
ঘোষণা মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ।

4. এতিয়াৰে পৰা আয়ুস্মান কাৰ্ডেৰে কেৱল জটিল ৰোগত আক্ৰান্ত ৰোগীয়েহে পাব ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ সুবিধা৷
ফেচবুকযোগে ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷

5. আজিৰে পৰা আৰম্ভ হ’ব পেৰিছ অলিম্পিক৷
স্থানীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হয় অলিম্পিক৷
অংশগ্ৰহণ কৰে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে।

6. বীৰ ৰাঘৱ মৰাণ দিৱসত চৰকাৰী বন্ধ ঘোষণা৷
১৯ নৱেম্বৰৰ দিনটো চৰকাৰী বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে এই কথা৷

7. মাছখোৱা সাংস্কৃতিক প্ৰকল্পত ৰাইজৰ দলৰ যোগদান কাৰ্যসূচী।
BJP-AGPকে ধৰি কেইবাটাও দলৰ নেতাৰ যোগদান কৰে ৰাইজৰ দলত।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়।

8. গুৱাহাটী কমাৰ্চ কলেজত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা।
কলেজখনৰ GCC MUN-2024ত উপস্থিত থাকে মন্ত্ৰীগৰাকী।
মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰে মত-বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে।

9. ৰাজ্যিক বিজেপিত নতুন প্ৰভাৰী।
হৰিশ দ্বিবেদীক অসম বিজেপিৰ নতুন প্ৰভাৰী হিচাপে আনুষ্ঠানিক নিযুক্তি দিয়ে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই।

10. আজাৰাত উপস্থিত মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মা।
মহানগৰীৰ আজাৰাৰ কেওটপাৰাত মনসা পূজাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
এই ঋমা মনসা মন্দিৰৰ উন্নয়নৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা 50 লাখ টকা সাহাৰ্য ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

11. গুৱাহাটী আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ মাজত বুজাবুজি চুক্তি।
প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ড্ৰোণৰ জৰিয়তে ঔষধৰ আদান প্ৰদান, জৰুৰীকালীন অৱস্থাত সহায় আদি বিষয় সামৰি কৰা হয় এই চুক্তি।
দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে এখনি গ্ৰাম্য চিকিৎসা মহাবিদ্যালয়ৰ লগত চুক্তিবদ্ধ হ’ল AIIMS।

12. মহিলা এছিয়া কাপৰ ছেমিফাইনেলত ভাৰতীয় মূল একাদশত উমা চেত্ৰী।
বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা মেচখনত খেলিব অসম কন্যাই।
শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’ব ছেমিফাইনেল মেচখন।

13. কোকৰাঝাৰত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা ৷
ডুৰাণ্ড কাপক লৈ কোকৰাঝাৰত ব্যাপক প্ৰস্তুতি।
BTR চৰকাৰৰ সহযোগত কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত ৩০ জুলাইৰ পৰা অনুষ্ঠিত হ’ব ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা।

14. অসমত এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ বাবে PRC নহ’লেও হ’ব, ড’মিচাইল চাৰ্টিফিকেট কিন্তু লাগিবই ।
তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পৰাই প্ৰযোজ্য হ’ব ড’মিচাইল চাৰ্টিফিকেট।
এমাহৰ ভিতৰত চৰকাৰে প্ৰকাশ কৰিব প্ৰয়োজনীয় নিৰ্দেশনা।

15. মহিলা এছিয়া কাপৰ ছেমিফাইনেলত ভাৰতীয় মূল একাদশত উমা চেত্ৰী।
বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব লগা মেচখনত খেলিব অসম কন্যাই।
শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত হ’ব ছেমিফাইনেল মেচখন।

16. কাহিলিপাৰাৰ সর্বশিক্ষা কার্যালয়ৰ সন্মুখত শিক্ষক-শিক্ষয়িত্ৰীৰ ধর্ণা কাৰ্যসূচী।
দৰমহা বৃদ্ধিৰ লগতে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

17. জাগীৰোডৰ পলাহগুৰিত চোৰাং গৰুসহ এখন ট্ৰাক জব্দ।
মেঘালয়লৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে ট্ৰাকখন।
আৰক্ষীয়ে ট্ৰাকৰ চালক গৰাকীক আটক কৰে।

18. দেশৰ ৰাজধানী দিল্লীৰ লগতে মুম্বাই, পুনে আৰু ৰায়গড়ত ধাৰাষাৰ বৰষুণ৷
বৰষুণৰ বাবে পুনে আৰু ৰায়গড়ত বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ঘোষণা৷

19. নিউ বঙাইগাঁও ষ্টেচনত অসম ৰে’লৱে আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
অভিযানত জব্দ কৰে ২৬টা ড্ৰাগছ কণ্টেনাৰত প্ৰায় ২৮৬গ্ৰাম ড্ৰাগছ।
আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী বিশাল কুমাৰক৷

20. মৌজাদাৰ মাণিক গগৈৰ দেহাৱসান।
৮০ বছৰ বয়সত চিকিৎসাধীন অৱস্থাত দেহাৱসান শিৱসাগৰৰ হাঁহচৰাৰ মৌজাৰ মৌজাদাৰ তথা সমাজকৰ্মীগৰাকীৰ।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *