Lovlina Borgohain

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

 

১/ কাইলৈ টাটাৰ প্ৰস্তাৱিত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি পূজন।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশ লব ভূমি পূজন কাৰ্যসূচীত ।
ভূমি পূজনস্থলী পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

২/ বিজেপিৰ পৰা আজি আনুষ্ঠানিকভাৱে পদত্যাগ কৰে অশোক শৰ্মাই।
অহা ৯ আগষ্ট কংগ্ৰেছত যোগদান কৰিব অশোক শৰ্মা আৰু প্ৰাক্তন IPS বিষয়া ব্ৰজেনজিৎ সিংহই।

৩/ লাভলীনা বৰগোহাঁইক ষ্টাৰ চিমেণ্টৰ ব্ৰেণ্ড এম্বেছাদৰ নিযুক্তি।
‘লাভলীনাক ব্ৰেণ্ড এম্বেছাদৰ ৰূপে পাই গৌৰৱান্বিত ষ্টাৰ চিমেণ্ট।
লাভলীনা বৰগোহাঁই অসমীয়া জাতিৰ প্ৰকৃত প্ৰেৰণা আৰু গৌৰৱ’।
মন্তব্য ষ্টাৰ চিমেণ্টৰ মুখ্য পৰিচালন বিষয়া প্ৰদীপ পুৰোহিতৰ।

৪/ ২০০৪ বেটচৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া তথা বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব হিচাপে কৰ্মৰত অসম সন্তান মৃদু পৱন দাসক ৰুৱাণ্ডাত ভাৰতৰ পৰৱৰ্তী উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়া হয়।

৫/ স্বতন্ত্ৰ হ’ল ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজ।
এতিয়াৰে পৰা নিজাকৈ প্ৰস্তুত কৰিব পাঠ্যক্ৰম, পৰিচালনা কৰিব পৰীক্ষাও।
ইয়াৰ পূৰ্বে বি বৰুৱা কলেজত স্থাপন হ’ব পৰীক্ষা নিয়ন্ত্ৰণ কেন্দ্ৰ।
আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি এই ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

৬/ কলিয়াবৰৰ হাতীমূৰাত উপস্থিত জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকা।
হাতীমূৰাৰ শ্লুইচ গেট সংলগ্ন কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।
২ জুলাইত বানত ছিগিছিল শ্লুইচ গেটৰ সংলগ্ন অংশ।
অস্থায়ী সুৰক্ষা বান্ধ ছিগি প্লাৱিত হৈছিল কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চল।

৭/ ২০২৫ বৰ্ষত ৰাজ্যত আৰম্ভ হ’ব বহুকেইখন চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম৷
ৰাজ্যত আৰম্ভ হৈছে ৯খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম৷
সামাজিক মাধ্যমত ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

৮/ অৰুণোদয়ৰ ধন সংগ্ৰহৰ অভিযোগত আটক আৰক্ষী জোৱান৷
ৰাকিবুল ইছলাম আহমেদ নামৰ জোৱানজনক আটক কৰে ধুবুৰীত আৰক্ষীয়ে।
জোৱানজনে বিজেপিৰ নেতা বুলি পৰিচয় দি সংগ্ৰহ কৰিছিল ধন৷

৯/ দৰং জিলাত ভয়াৱহ ৰূপ লয় জাপানীজ এনকেফেলাইটিছে৷
ইতিমধ্যে জিলাখনত JEত আক্ৰান্তৰ সংখ্যা ১১ জনলৈ বৃদ্ধি হয়।
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ ৫ জনৰ মৃত্যু ঘটে।

১০/ হিমাচলত বান-ভূমিস্খলনত মৃত্যু ঘটে ৪জনকৈ লোকৰ৷
সন্ধানহীন ৫০ৰো অধিক লোক৷

১১/ আগষ্টৰ শেষৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰে এই তথ্য৷

১৩/ মৰিয়নিত আটছাৰ প্ৰতিবাদী কাৰ্যসূচী৷
প্ৰতিবাদী নেতাক প্ৰহাৰক লৈ সৰৱ আটছা৷
কাজিৰঙাৰ ভূমি বণিয়াক হস্তান্তৰৰ বিৰোধিতাৰে কৰিছিল প্ৰতিবাদ৷
লগতে একাংশ আটছা নেতাক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল আৰক্ষীয়ে৷

১৪/ বিলাসীপাৰাৰ চিৰাকুটাত প্রশাসনৰ উচ্ছেদ অভিযান।
চৰকাৰী ভূমিত বসবাস কৰা লোকৰ বিৰুদ্ধে উচ্ছেদ অভিযান।
৩০৭টা পৰিয়ালক উচ্ছেদ কৰে বিলাসীপাৰা প্রশাসনে।

১৫/ বৰপথাৰত বাৰ্মিজ চুপাৰি ভৰ্তি এখন ট্রাক জব্দ।
ধনশিৰি মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত জব্দ হয়।
নাগালেণ্ডৰ পৰা দয়ালপুৰ-গেলাবিল হৈ সৰবৰাহৰ সময়তে জব্দ কৰে আৰক্ষীয়ে।

১৬/ ১০৭টা পৰীক্ষাৰ মাচুল বৃদ্ধি কৰিছে GMCH কৰ্তৃপক্ষই।
মন্তব্য GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাৰ।

১৭/ কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ২৯০জনলৈ বৃদ্ধি৷
বৰ্তমানলৈকে সন্ধানহীন হৈ আছে ২০০ৰো অধিক লোক৷

১৮/ জাগুনৰ হোষ্টেলত মৃত্যু হোৱা ছাত্ৰৰ কুমচাইস্থিত নামৌগাঁৱৰ বাসগৃহত উপস্থিত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা।
ছাত্ৰজনৰ সৈতে সংঘটিত হোৱা ঘটনাত দুখ প্ৰকাশ কৰাৰ লগতে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে বিধায়কগৰাকীয়ে।

ঘটনা সন্দৰ্ভত বিদ্যালয়ৰ অধ্যক্ষ আৰু ৭ জন ছাত্ৰক গ্ৰেপ্তাৰ কৰে
লগতে হোষ্টেলৰ চকীদাৰ আৰু ৰান্ধনী গংগাবাহাদুৰ লিম্বুকো গ্ৰেপ্তাৰ কৰে।

১৮/ অহা বছৰৰ পৰা মেট্ৰিকত নাথাকিব ডিভিজনৰ ব্যৱস্থা।
স্থানৰ পিছত মেট্ৰিক পৰীক্ষাৰ পৰা প্ৰত্যাহাৰ হ’ব ডিভিজনৰ ব্যৱস্থাও।
গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।
দুই-এদিনৰ ভিতৰতে আনুষ্ঠানিক ঘোষণা কৰিব শিক্ষা বিভাগে।

১৯/ ৫২ বছৰৰ পাছত ঐতিহাসিক জয়।
অলিম্পিকত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমটো জয় ভাৰতীয় হকী দলৰ।
গ্ৰুপৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াক হৰুৱাই পইন্টৰ তালিকাত দ্বিতীয় স্থানত ভাৰত।

২০/ বিৰুবাৰীৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত আহত শিশুটিৰ মৃত্যু।
GMCHত চিকিৎসাধীন অৱস্থাত ৪ বছৰীয়া মীৰা তিৱাৰীৰ মৃত্যু হয়।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *