দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।
১/ দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰা হয়।
৯৮১গৰাকী বন সুৰক্ষা বাহিনীৰ কনিষ্টবললৈ যোগ্যতাৰ স্বীকৃতি৷
দীক্ষান্ত সমাৰোহত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
২/ ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা।
নিৰ্বাচন আয়োগে ঘোষণা কৰে নিৰ্বাচনৰ দিন।
৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন৷
মনোনয়ন পত্ৰ দাখিল কৰা দিন ২১ আগষ্ট।
২২ আগষ্টত হ’ব মনোনয়নত পত্ৰৰ পৰীক্ষা।
ৰাজ্যসভাত খালী হৈ আছে ১২খনকৈ আসন।
৩/ পেৰিছ অলিম্পিকৰ ফাইনেলৰ পৰা পৰা বাহিৰ হয় বিনেশ ফ’গাট।
অতিৰিক্ত ওজনৰ বাবে ৫০ কেজি শাখাৰ পৰা বাহিৰ হব লগা হয় বিনেশ ফ’গাট।
১০০ গ্ৰাম ওজন বৃদ্ধিৰ বাবে অযোগ্য ঘোষণা কৰে বিনেশ ফ’গাটক।
৪/ অলিম্পিকৰ ফাইনেলত ভিনেশ ফোগাটক অযোগ্য ঘোষণাক লৈ প্ৰতিবাদৰ পোষকতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
এই সন্দৰ্ভত IOAৰ সভাপতি পি টি উষাৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ভিনেশ ফোগাটক সহায় হোৱাকৈ যিকোনো বিকল্প উপায় গ্ৰহণৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে।
৫/ ৰাজনৈতিক অস্থিৰতাৰ অন্তত বাংলাদেশত শীঘ্ৰে গঠন হ’ব অন্তৰ্ৱৰ্তীকালীন চৰকাৰ।
অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা নিৰ্বাচিত হয় নোবেল বিজয়ী মহম্মদ ইউনুছ।
এই সিদ্ধান্ত গ্ৰহণ দেশখনৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনৰ।
ৰাষ্ট্ৰপতি ভৱন অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰে এই সিদ্ধান্ত।
দুখীয়া লোকৰ বেংকাৰ নামেৰেও পৰিচিত মহম্মদ ইউনুছ।
৬/ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে আছুৱে৷
আছুৰ কেন্দ্ৰীয় সমিতি আৰু ডিব্ৰুগড় জিলাৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক৷
কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্ত্ৰী গৰাকীৰ সৈতে আলোচনা কৰে।
৭/ হাতীমূৰাৰ অস্থায়ী সুৰক্ষা বান্ধৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অস্থায়ী সুৰক্ষা বান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে জলসম্পদ বিভাগক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৮/ কাজিৰঙাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
২০খন ৰাবাৰ বোট অৰ্পণ কৰে উদ্যান কৰ্তৃপক্ষক।
বাগৰি বনাঞ্চলত আয়োজন কৰা হয় এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড’ শৰ্মা।
৯/ আজি ৰাষ্ট্ৰীয় জেভলিন দিৱস। সৰুসজাই ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত বিশেষ কাৰ্যসূচী ৰূপায়ন।
উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।
১০/ খানাপাৰাত দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ কাৰ্যসূচী।
হস্ততাঁত বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।
অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বস্ত্ৰ মেলা আয়োজন কৰা হয়।
উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।
১১/ নেপালৰ নুৱাকোটত হেলিকপ্টাৰ দুৰ্ঘটনা।
এয়াৰ ডাইনেষ্টীৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও ৪ জন লোক নিহত হয়।
জানিব পৰা মতে কাঠমাণ্ডুৰ পৰা ছ্যাফ্ৰুবেন্সিলৈ ৰাওনা হৈছিল হেলিকপ্টাৰখন।
১২/ গুৱাহাটীত পুনৰ বৃষ্টিপাত ।
সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ, প্ৰয়োজন নহ’লে বাহন ব্যৱহাৰ নকৰিবলৈ আৰু GS ৰোডৰ ডাউন টাউন হাস্পতাল অভিমুখে নাযাবলৈ আহ্বান মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ।
‘X’ যোগে গুৱাহাটীবাসীলৈ পৰামৰ্শ মুখ্যমন্ত্ৰী ড০ বিশ্ব শৰ্মাৰ।
১৩/ ৰহাত আধাৰশিলাতে সীমাৱদ্ধ পথ উন্নয়ন।
লোকনিৰ্মাণ বিভাগৰ ঠিকাদাৰক সকীয়নি দিয়ে বিধায়ক শশীকান্ত দাসে।
নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে তেনে ঠিকাদাৰক পেনাল্টি অথবা ব্লেক লিষ্টেড কৰিবলৈ বিভাগীয় অভিযন্তাক আহ্বান বিধায়কগৰাকীৰ।
১৪/ মোৰাঝাৰৰ আমবাৰী-গনিপুৰ ৰোডত আৰক্ষীৰ অভিযান৷
অভিযানত জব্দ কৰে প্ৰায় ৭ লাখ ৫০ হাজাৰ নকল টকা৷
আৰক্ষীয়ে আটক কৰে আব্দুল কৰিমক লগতে জব্দ কৰা হয় টকা খিনি।
১৫/ কাৰ্বি আংলঙত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰা জাৰি।
জিলা দণ্ডাধীশ নিৰলা ফাংছ’পীয়ে জাৰি কৰে নিষেধাজ্ঞা।
ৰাজহুৱা স্থানত ৫জনতকৈ অধিক লোকৰ সমাগমত বাধা।
ৰাজহুৱা স্থানত প্ৰতিবাদ, জোঁৰ সমদলতো নিষেধাজ্ঞা।
১৬/ কাজিৰঙাত দুষ্প্ৰাপ্য পিপলি চেংমাছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।
বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ কৰে ৩ সৰবৰাহকাৰীক।
৩ সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হয় দুষ্প্ৰাপ্য পিপলি চেংমাছ।
কিছুদিন পূৰ্বেও পিপলি চেংমাছসহ আটক কৰিছিল এজনক।
১৭/ কাজিৰঙাত বন বিভাগৰ অভিযানত চোৰাং কাঠসহ বলেৰ’ ভান জব্দ।
কাজিৰঙাৰ গেলেকীৰ পৰা যোৰহাট অভিমুখী আছিল বাহনখন।
বনকৰ্মীয়ে তৎপৰতাৰে জব্দ কৰে চোৰাং কাঠসহ বলেৰ’ ভানখন।
বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰে বনকৰ্মীয়ে।
১৮/ ডুমডুমাত পথ মেৰামতিৰ দাবীত আছুৰ উত্তাল প্ৰতিবাদ।
জৰাজীৰ্ণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে জীয়াতু ভুগিছে ৰাইজে।
ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত।
ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰতিবাদ।
শীঘ্ৰেই ঘাইপথটোৰ মেৰামতিৰ দাবী জনাই সংগঠনটোৱে।
১৯/ ভিনেশ ফোগাটক সাক্ষাৎ কৰে IOAৰ অধ্যক্ষ পি টি উষাই।
অলিম্পিকত অযোগ্য ঘোষণাৰ পাছতে অসুস্থ হৈ পৰিছিল ভাৰতীয় মল্লযোদ্ধাগৰাকী।
২০/ কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী৷
৮ আৰু ৯ আগষ্টত অসম, মেঘালয়ত ORANGE ALERT জাৰি কৰে।
Sangita Dutta Editor in Chief Rnewsindia24.com