Neeraj Chopra

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

 

১/ মহানগৰীৰ ৰুক্মিণীগাঁৱৰ টঙৰা সত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

সত্ৰৰ নৱনিৰ্মিত ভকতগৃহ, ভোজনগৃহৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।

২/ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ জামিন লাভ৷

উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে ছিছ’দিয়াৰ৷

দিল্লীৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ছিছ’দিয়া৷

৩/ সমাগত স্বাধীনতা দিৱস।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সলনি কৰে ফেচবুকৰ প্ৰফাইল ফটো৷

প্ৰতিগৰাকী নাগৰিকক ‘ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচীত অংশ ল’বলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।

৪/ পেৰিছ অলিম্পিকত জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰে নীৰজ চোপ্ৰাই৷

একেৰাহে দুখনকৈ অলিম্পিকত পদক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় নীৰজ চোপ্ৰা ৷

৫/ নেডফিৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস।

উপস্থিত থাকে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা।

নেডফিৰ ক্ষুদ্ৰ ঋণদান আঁচনিৰ ডিজিটেল এপ্লিকেচন মুকলি কৰে মুখ্যমন্ত্ৰীয়ে।

উক্ত অনুষ্ঠানতে জৈৱিক কৃষিৰ জৰিয়তে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সৰ্বেশ্বৰ বসুমতাৰীক সম্বৰ্ধনা জনোৱা হয়।

৬/ মিজোৰামত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা।

আন্তঃৰাজ্যিক সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে উপস্থিত হয় মন্ত্ৰী গৰাকী।

৭/ বিদ্যালয় সমূহত নিযুক্তি দিয়া হ’ব ১,৭৬৬ গৰাকী অংকৰ স্নাতক শিক্ষক- ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ।

৮/ ‘অসম আৰু বাংলাদেশ উভয়তে হিন্দু জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে।’

সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

৯/ বাংলাদেশৰ পৰিস্থিতিক লৈ চিন্তিত NESO ৷

পৰিস্থিতি সন্দৰ্ভত NESOৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীলৈ জৰুৰী দাবী পত্ৰ প্ৰেৰণ কৰে

উত্তৰ-পূবৰ ছাত্ৰ সংগঠনে।

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ সমুজ্জ্বল ভট্টাচাৰ্যই সংবাদমেল সম্বোধন কৰি কোনো বাংলাদেশীক আশ্ৰয় আৰু সংস্থাপন নিদিবলৈ আহ্বান জনাই৷

১০/ নলবাৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ লগতে আন কেইবা গৰাকীয়ে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিষয়ববীয়া।

১১/ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘অভিমুখীকৰণ কাৰ্যসূচী’৷

বিকশিত যুৱ, বিকশিত ভাৰত শ্ল’গানেৰে ইয়ং ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান৷

উক্ত কাৰ্যসূচীত উপস্থিত থাকে শিক্ষামন্ত্ৰী ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন৷

১২/ ভাৰত-বাংলাদেশ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে ADG।

সীমান্ত সুৰক্ষা বাহিনী, ইষ্টাৰ্ণ কমাণ্ডৰ নেতৃত্বত ADG গঠন কৰা হৈছে।

সীমান্তৰ হিন্দু আৰু তাত বাস কৰা অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে কাম কৰিব ADG য়ে৷

সামাজিক মাধ্যমযোগে এই কথা জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

১৩/ বিজ্ঞান দিৱস উপলক্ষে অসম জাতীয় বিদ্যালয়ত বিশেষ আয়োজন।

বিজ্ঞান দিৱস উপলক্ষে অসম জাতীয় বিদ্যালয়ত সদৌ অসম ভিত্তিত বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতাৰ আয়োজন।

১০ আগষ্টত অসম জাতীয় বিদ্যালয়, নুনমাটি চৌহদত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা।

২৮ ফ্ৰেব্ৰুৱাৰীৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতাৰ আয়োজন।

বিবৃত্তি যোগে এই কথা জনালে অসম জাতীয় বিদ্যালয় অধ্যক্ষই।

১৪/ ‘অসম আৰু বাংলাদেশ উভয়তে হিন্দু জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে।’

সামাজিক মাধ্যমযোগে এই তথ্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।

১৫/ স্বাধীনতা দিৱসৰ পূৰ্বে দিল্লী আৰক্ষীৰ বিশেষ সফলতা৷

ISIS মডিউলৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ৷

দিল্লী আৰক্ষীৰ বিশেষ কোষে গ্ৰেপ্তাৰ কৰে সন্ত্ৰাসবাদী ৰিজৱান আলীক৷

১৬/ ভাল খবৰ৷

দুলীয়াজানৰ আধৱ্য ৰাজ বৰাই ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপ ২০২৪ৰ ৭বছৰ অনূৰ্ধত অসমক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে৷

১ ছেপ্টেম্বৰত কৰ্ণাটকৰ মহীশূৰত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা৷

১৭/ আজি বিশ্ব আদিবাসী তথা খিলঞ্জীয়া দিৱস৷

সমগ্ৰ বিশ্বতে ৯ আগষ্ট দিনটো বিশ্ব আদিবাসী দিৱস হিচাপে পালন কৰা হয়৷

আজিৰ দিনটোতে ঢেকিয়াজুলিত আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে শোভাযাত্ৰা উলিয়াই আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী জনায়।

১৮/ তিনিচুকীয়াৰ কেইবাটাও প্ৰান্তত গোৰ্খা ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ।

ৰোহিত বাহাদুৰ ছেত্ৰী নামৰ শিশুৰ সৈতে ভয়ংকৰ কাণ্ড কৰা অপৰাধীক কঠোৰ শাস্তিৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।

শদিয়াৰ অৰুণাচল সীমান্তৰ শান্তিপুৰ গে’টতো আগছুৰ প্ৰতিবাদ।

উত্তাল ডিৰাক, জাগুন নামচিক, জয়ৰামপুৰ, বৰডুমচাৰ অৰুণাচলৰ প্ৰৱেশ পথ।

১৯/ কৰিমগঞ্জত ১১৫ কোটি টকাৰ ড্ৰাগছ জব্দ।

STFৰ মূৰব্বী পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ ড্ৰাগছ।

২০/ গোৱালপাৰাৰ লক্ষীপুৰত বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্রৰ মৃত্যু।

নিহত বীৰেশ্বৰ হাজং আৰু ৰমেন্দ্র হাজং।

বিদ্যুৎ‍ বিভাগৰ গাফিলতিৰ বাবেই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *