78th Independence Day

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

78th Independence Day

১/ দেশজুৰি উদযাপন ৭৮ সংখ্যক স্বাধীনতা দিৱস ।

লালকিল্লাত পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

‘আমি মহিলাসকলক সন্মান কৰোঁ, তেওঁলোকৰ বাবে সংবেদনশীলভাৱে সিদ্ধান্ত লওঁ’।

মহিলা কৰ্মচাৰীৰ বাবে মাতৃত্বকালীন ছুটিৰ সময়সীমা ১২ সপ্তাহৰ পৰা ২৬ সপ্তাহলৈ বৃদ্ধি।

স্বাধীনতা দিৱসত ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

২/ সমগ্ৰ দেশৰ লগতে আজি অসমতো ৭৮ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন কৰা হয়।

গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

৩/ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণ‌ই স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ।

৪/ ৰাজভৱনত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই।

৫/ কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী খেলপথাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।

৬/ হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰৰ খেলপথাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী কেশৱ মহন্তই৷

৭/ শিলচৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই৷

৮/ যোৰহাটত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী যোগেন মহনে।

৯/ লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী ৰণোজ পেগুৱে।

১০/ বঙাইগাঁৱৰ গান্ধী ময়দানত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ।

১১/ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী বিমল বৰাই।

১২/ ৰাজীৱ ভৱনত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে APCCৰ সভাপতি ভূপেন বৰাই।

১৩/ বাজপেয়ী ভৱনত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।

১৪/ মহানগৰীৰ NEDFI হাউচত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদ্‌যাপন৷

পতাকা উত্তোলন কৰে NEDFIৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক PVSLN Murtyয়ে৷

১৫/ ডিফুত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।

১৬/ গোগামুখত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

১৭/ স্বাধীনতা দিৱসৰ পুৱাই APCCৰ সভাপতি ভূপেন বৰালৈ আয়কৰ বিভাগৰ জাননী।

কাইলৈৰ ভিতৰত আয়কৰ বিভাগৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ’ব লাগিব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী।

১৮/ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ সৈতে উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

খেলুৱৈসকলক সাক্ষাৎ কৰি মত-বিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷

১৯/ স্বাধীনতা দিৱসৰ মাজতেই আলফা (স্বাঃ)ৰ ই-মেইল বাৰ্তা।

ৰাজ্যৰ ২৫ টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী।

গুৱাহাটীৰ ৮টাকৈ স্থানত বোমা স্থাপন কৰাৰ দাবী সংগঠনটোৰ।

দিছপুৰ লাষ্টগেট, নাৰেংগী আৰ্মী কেম্পৰ সমীপৰ CDA গেটত বোমা স্থাপন।

আনহাতে, ভেটাপাৰা, মালিগাঁও, যোৰাবাট, ৰাজগড়ত বোমা সংস্থাপনৰ দাবী।

পাণবজাৰৰ ব্ৰহ্মপুত্ৰ উদ্যোগৰ এটা গুমটিৰ তলত, শৰণীয়াৰ গান্ধী মণ্ডপলৈ যোৱা ট্ৰেন্সফৰ্মাৰৰ বাকচত, শিৱসাগৰৰ DTO অফিচৰ কাষত, ONGCৰ বিজি ৰোডত , লাকুৱা তিনিআলি, ডিব্ৰুগড়ৰ পুৰণা বাছ আস্থানতো বোমা স্থাপনৰ দাবী।

লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডৰ কাষত, লালুক দৈনিক বজাৰ, বৰঘাট আৰক্ষী চকীৰ সমীপতো বোমা স্থাপনৰ দাবী।

নলবাৰী, ৰঙিয়া-তামুলপুৰ ৰোড, নগাঁও মেডিকেললৈ যোৱা পথতো বোমা স্থাপনৰ দাবী।

কাৰিকৰী বিজুতিৰ বাবে দুপৰীয়া ১২ বজাৰ পূৰ্বে বিস্ফোৰণ কৰিব নোৱাৰা বুলি উল্লেখ কৰা হয়।

উক্ত স্থানৰ বোমাসমূহ নিষ্ক্ৰিয় কৰাৰ আহ্বান আলফা স্বাধীনৰ।

বোমা স্থাপনৰ ঠাইসমূহৰো ফটো প্ৰেৰণ কৰে আলফা (স্বাঃ)-এ।

আলফা(স্বাঃ)ৰ বোমা সংস্থাপন প্ৰসংগত প্ৰতিক্ৰিয়া DGP জি পি সিঙৰ-

‘গুৱাহাটীৰ দুটা স্থানত বোমাসদৃশ সামগ্ৰী উদ্ধাৰ।

উদ্ধাৰ হোৱা সামগ্ৰীখিনি পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰা হয়৷

লখিমপুৰ, শিৱসাগৰ, নলবাৰী, নগাঁৱত উদ্ধাৰ হয় বোমাসদৃশ সামগ্ৰী’৷

২০/ APCCৰ সভাপতি ভূপেন বৰালৈ আয়কৰ বিভাগৰ জাননী ৷

কাইলৈ আয়কৰ বিভাগৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *