Jayanta Malla Baruah

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

 

১/ চাহ পৰ্যটন উন্নয়ন আঁচনিক লৈ চৰকাৰৰ বিশেষ পদক্ষেপ।
৩৪ খন চাহ বাগিচাক বিত্তীয় সাহায্য প্ৰদান কৰে ।
জনতা ভৱনত অনুদান প্ৰদান কৰে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

২/ কংগ্ৰেছৰ নিৰ্বাচনী কমিটীৰ পৰা পদত্যাগ প্ৰাক্তন মন্ত্ৰী অকন বৰাৰ।
PACৰ পৰাও পদত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।
AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ প্ৰেৰণ পদত্যাগ পত্ৰ।
PAC কমিটীত অকন বৰা থকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল একাংশ কংগ্ৰেছীয়ে।
দলীয় গোপন তথ্য ৰাজহুৱা হোৱাৰ আশংকা প্ৰকাশ কৰিছিল কংগ্ৰেছ কৰ্মীয়ে।

৩/ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে গোপাল শৰ্মাক নিযুক্তি।
নৱ তালুকদাৰৰ পদত্যাগৰ পাছত গোপাল শৰ্মাক নিযুক্তি।
APCCৰ সভাপতি ভূপেন বৰাই নিযুক্তি দিয়ে গোপাল শৰ্মাক।

৪/ আজি শাওণ আৰু ভাদ মাহৰ সংক্ৰান্তি।
উদুলি-মুদুলি পৰিৱেশ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা।
১৮ প্ৰসংগৰ নাম-কীৰ্তনেৰে মুখৰিত হয় বটদ্ৰৱা থান।

৫/ কলকাতাৰ ঘটনাক লৈ আজি দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি ।
ভাৰতৰ চিকিৎসকৰ প্ৰতিবাদক সমৰ্থন নেপাল আৰু পাকিস্তানৰ মেডিকেল এছ’চিয়েশ্যনৰ।
বিশ্ব চিকিৎসা সংস্থাক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাই পাকিস্তানে।

৬/ সমগ্ৰ দেশৰ লগতে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ কৰ্মবিৰতি পালন।
কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে চিকিৎসকৰ প্ৰতিবাদ।

৭/ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ কৰ্মবিৰতি পালন।
কলকাতাত চিকিৎসকক ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে চিকিৎসকৰ প্ৰতিবাদ।

৮/ গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ প্ৰতিবাদ।

৯/ নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ প্ৰতিবাদ।

১০/ কলকাতাত মহিলা চিকিৎসকক ধৰ্ষণ-হত্যাৰ বিৰুদ্ধে চিকিৎসকৰ প্ৰতিবাদী।

১১/ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ প্ৰতিবাদ।

১২/ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ প্ৰতিবাদ।

১৩/ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ প্ৰতিবাদ।

১৪/ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকসকলৰ প্ৰতিবাদ।

১৫/ জয়পুৰৰ এছ এম এছ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকৰ প্ৰতিবাদ।

১৬/ GMCHত কনিষ্ঠ চিকিৎসকৰ প্ৰতিবাদ।
জৰুৰীকালীন সেৱাৰ বাদে বাকী সকলো সেৱাৰ পৰা বিৰত থাকে চিকিৎসকসকল।
ভাৰতীয় চিকিৎসা সংস্থাৰ আহ্বানত ২৪ ঘণ্টীয়া কৰ্মবিৰতি পালন।

১৭/ হাইলাকান্দিত চিকিৎসকগৰাকীৰ ধৰ্ষণ, হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত।

১৮/ ভুক্তভোগীৰ ন্যায়ৰ দাবীৰে নেমকেয়াৰ হাস্পতালতো চিকিৎসকৰ প্ৰতিবাদী কাৰ্যসূচী।

১৯/ উত্তৰ প্ৰদেশত সবৰমতী এক্সপ্ৰেছ লাইনচ্যুত ।
লাইনচ্যুত হয় সবৰমতী এক্সপ্ৰেছৰ ২০টাকৈ ডবা।
পুৱতি নিশা প্ৰায় ২:৩০ বজাত সংঘটিত হয় দুৰ্ঘটনাটো।
ঘটনাৰ পাছতেই বাতিল কৰা হয় ৭খন ৰে’ল আৰু সলনি কৰা হয় ৩ খন ৰে’লৰ পথ।

২০/ অনিয়মীয়া বিদ্যুৎ যোগান, বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদী কাৰ্যসূচী।
স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *