Arvind Kejriwal

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Ankit Motors Gogamukh

Mising Autonomous Council
Mising Autonomous Council

১/ আজি তৃতীয় শ্ৰেণী পদৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়।
পুৱা ১০.৩০ বজাৰ লগে লগে আৰম্ভ হয় পৰীক্ষা।
৩,১২৭টা পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হয় ১১,২৩,২০৪ গৰাকী প্ৰাৰ্থী।
সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

২/ ধেমাজিত উপস্থিত সাংসদ গৌৰৱ গগৈ।
ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ গৰাকীয়ে।
সাংসদ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ধেমাজিত উপস্থিত হয় গৌৰৱ গগৈ।

৩/ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দলীয় কৰ্মীক সম্বোধন।
দুদিন পাছত মুখ্যমন্ত্ৰীৰ পদ এৰিব অৰবিন্দ কেজৰিৱালে।
সংবাদমেলত এই ঘোষণা অৰবিন্দ কেজৰিৱালৰ।

৪/ কোকৰাঝাৰত BPF দলৰ যোগদান সমাৰোহ।
BPFত যোগদান কৰে বিভিন্ন দলৰ ২৭৬ গৰাকী পুৰুষ-মহিলাই।
উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম।

৫/ মুকালমুৱাৰ ১২ সংখ্যক চক্ৰধৰ ডেকা সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণি।
প্ৰতিযোগিতাখন উদ্বোধন কৰে GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই।

৬/ বিগত দুটা সপ্তাহত জাগীৰোড সমষ্টিৰ ৪৪ সহস্ৰাধিক লোকে বিজেপি দলৰ সদস্যপদ গ্ৰহণ কৰিছে।
ইয়াৰ দ্বাৰা বিজেপি দলৰ ‘সদস্যতা অভিযান ২০২৪’ত সদস্যপদ গ্ৰহণ কৰা সমষ্টিসমূহৰ তালিকাত বৰ্তমানলৈকে জাগীৰোড দ্বিতীয় স্থানত আছে।
সামাজিক মাধ্যমত এই তথ্য প্ৰকাশ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই৷

৭/ বোকাখাতৰ বিহৰাত দুৰ্ঘটনা৷
অচিনাক্ত গাড়ীৰ খুন্দাত আহত হয় এজন৷
আহতজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে মন্ত্ৰী অতুল বৰাই৷
গোলাঘাটৰ পৰা বোকাখাত অভিমুখে গৈ থকাৰ সময়তে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰে মন্ত্ৰী গৰাকীয়ে।

৮/ উপ-নিৰ্বাচনৰ বাবে চিডলী সমষ্টিত বিজেপিৰ ৰণচালি, চিৰাঙৰ ছাপাগুৰিত বিজেপি-ইউপিপিএলৰ গুৰুত্বপূৰ্ণ বৈঠক।
দুয়োটা দলৰ জিলা আৰু মণ্ডল পৰ্যায়ৰ নেতা-কৰ্মীৰে বৈঠকত মিলিত হয় মন্ত্ৰী অশোক সিংহল, BTR প্ৰধান প্ৰমোদ বড়ো আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত কুমাৰ বসুমতাৰী।

৯/ কাজিৰঙাত নতুনকৈ সংযোজন হ’ব ভিণ্টেজ কাৰ ছাফাৰি।
২ অক্টোবৰৰ পৰা ৰাষ্ট্রীয় উদ্যানখনত আৰম্ভ হ’ব ভিণ্টেজ কাৰ ছাফাৰি।
শতিকা পুৰণি বাহনত উঠি কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিব পাৰিব পৰ্যটকসকলে।
পুৰণি বাহন, চাইকেল, ঘড়ী আদি সংৰক্ষণৰ বাবে পেঙেৰীত স্থাপন কৰিছে এটা সংগ্রহালয়।

১০/ ADREৰ নামত হোৱা তালাচীক লৈ পৰীক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগৰ সন্দৰ্ভত তদন্ত ঘোষণা DGP জি পি সিঙৰ।
তদন্তৰ দায়িত্ব অৰ্পণ কৰে DIG ইন্দ্ৰানী বৰুৱাক।

১১/ নাইজেৰিয়াত শোকাৱহ নাও দুৰ্ঘটনা।
নাও ডুবি ৬৪জনৰো অধিক লোকৰ মৃত্যু হয়।
জীৱিত অৱস্থাত ৬জনক উদ্ধাৰ কৰে।
নাইজেৰিয়াৰ জামফাৰা প্ৰদেশত সংঘটিত হয় এই দুৰ্ঘটনা।
৭০জন কৃষকক কঢ়িয়াই নিছিল নাওখনে।

১২/ উত্তৰ প্ৰদেশৰ মীৰাটত অঘটন।
তিনিমহলীয়া অট্টালিকা খহি মৃত্যু হয় ৯জন লোকৰ।
দুৰ্ঘটনাৰ সময়ত অট্টালিকাটোত আছিল বহু লোক।
লোহিয়া নগৰৰ জাকিৰ কলনিত সংঘটিত হয় এই ঘটনা।
৩৫ বছৰ পুৰণি আছিল অট্টালিকাটো।

১৩/ আজি ৰাষ্ট্ৰীয় অভিযন্তা দিৱস উপলক্ষ্যে দিছপুৰস্থিত PWD কনভেনচন চেণ্টাৰত বিশেষ আয়োজন৷
অসমৰ অভিযন্তা বিভাগসমূহ ঐক্যবৈদ্ধ হৈ অনুষ্ঠিত কৰে বিশেষ অনুষ্ঠান৷
আন্তঃৰাষ্ট্ৰীয় ভায়োলিন বাদক সুনীতা খাউণ্ড ভূঞাৰ অনুষ্ঠানেৰে জীপাল হয় সাংস্কৃতিক সন্ধিয়া৷

১৪/ ADRE উত্তীৰ্ণ কৰাই দিয়াৰ টোপ দিয়া ৪ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ৷
কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪ প্ৰৱঞ্চকক৷

১৫/ বৰপেটাত বগা চাউলৰ ক’লা বেহা।
যোগীঘোপাৰ ঔডুবিত চোৰাং চাউলভৰ্তি ট্ৰাক জব্দ কৰে।
মাজেৰ আলগা আৰক্ষীয়ে জব্দ কৰে চাউলভৰ্তি ট্ৰাকখন।
ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰে ১৩৭ বস্তা চোৰাং চাউল।
ট্ৰাকখনৰ চালক শুকুৰ আলীক আটক কৰে আৰক্ষীয়ে।

১৬/ মহানগৰীৰ কামাখ্যা ৰে’ল জংচনত চোৰাং কাছ উদ্ধাৰ।
তিনিটা বেগৰ পৰা উদ্ধাৰ কৰে ৫১ টাকৈ কাছ।
দুষ্টচক্ৰই বিক্ৰী কৰাৰ পৰিকল্পনাৰে আনিছিল কাছকেইটা।

১৭/ মহানগৰীত গ্ৰেপ্তাৰ মণিপুৰৰ দুৰ্ধৰ্ষ অপৰাধী।
বেলতলাত গ্ৰেপ্তাৰ কৰে যোছেফ চোংলৈক।
কুকি বিদ্ৰোহী সংগঠন UKNAৰ বিত্তীয় সম্পাদক আছিল যোছেফ।

১৮/ADRE পৰীক্ষা দিবলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যু হয় পৰশ্ৰী গগৈৰ৷
টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আছিল পৰশ্ৰী৷
ডিব্ৰুগড়লৈ গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো৷

১৯/ উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ৷
বন্যপ্ৰাণী পুহি প্ৰকৃতিপ্ৰেমীৰ ৰোষত দেবোলাল গাৰ্লোছা৷
বিৰল প্ৰজাতিৰ পহু বাসগৃহত পুহি বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘাৰ অভিযোগ৷
মেনকা গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰে ডিমা হাছাওৰ প্ৰকৃতিপ্ৰেমীয়ে৷
বন্যপ্ৰাণী সুৰক্ষা আইন ভংগ কৰি বন্যজন্তু পোহাৰ অভিযোগ৷

২০/ চুমি-তাৰ্কিক লুকাই থকাৰ ক্ষেত্ৰত সহায় কৰিছিল ডিব্ৰুগড়ৰ বিতৰ্কিত সুৰা ব্যৱসায়ী জিতেন কলিতাই।
কলিতাৰ সহায়তে জিমখানা ক্লাবত কেইবাঘণ্টা কটাইছিল চুমি-তাৰ্কিকে।
UBI বেংকৰ কৰ্মচাৰী আছিল জিতেন কলিতা।
কলিতাৰ আছে হাইলেণ্ড নামৰ এখন সুৰা বিপণি।
বাহনত প্ৰেছৰ ষ্টিকাৰ লগাই সুৰা সৰবৰাহ কৰাৰো অভিযোগ জিতেন কলিতাৰ বিৰুদ্ধে।

Ankit Motors Gogamukh

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *