
Mising Autonomous Council
১/ তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ যাত্ৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
মোদীৰ এইয়া নৱম আমেৰিকা ভ্ৰমণ।
QUAD শিখৰ সন্মিলনত অংশ ল’ব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
প্ৰৱাসী ভাৰতীয়ই আয়োজন কৰে MODI & USৰ।
২/ বেজেৰাত উপস্থিত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা।
বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱনৰ নিৰ্মানস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৩/ কোকৰাঝাৰত BTR চৰকাৰৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস উদযাপন।
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, BTRৰ প্ৰধান প্ৰমোদ বড়ো আৰু বহু গণ্য মান্য ব্যক্তি।
৪/ চৰাইদেউত বিজেপিৰ সদস্যতা ভৰ্তি অভিযান অনুষ্ঠিত কৰে।
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
৫/ দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে আজি শপত গ্ৰহণ কৰে আতিশী মাৰ্লেনাই।
দিল্লীৰ উপ-ৰাজ্যপালে পাঠ কৰোৱাই শপতবাক্য।
৬/ শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকাত নাম সন্নিবিষ্ট ছিপাঝাৰৰ ড০ সাগৰ ভট্ট ৰায়ৰ।
ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰে শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকা।
ড০ সাগৰ ভট্ট ৰায় IIT গুৱাহাটীত গৱেষক বিজ্ঞানী হিচাপে কৰ্মৰত ।
৭/ অখিল গগৈৰ NIAৰ গোচৰ চাৰ্জ ফ্ৰেম সন্দৰ্ভত ২২ অক্টোবৰত হ’ব ৰায়দান।
NIAৰ গোচৰ সন্দৰ্ভত আজি আদালতত চাৰ্জ ফ্ৰেম সন্দৰ্ভত শুনানি সম্পন্ন।
CAA আন্দোলনৰ সময়ত NIA-এ গোচৰ ৰুজু কৰিছিল অখিলৰ বিৰুদ্ধে।
৮/ বঙাইগাঁৱৰ বইটামাৰীত খণ্ড উন্নয়ন বিষয়াক গ্ৰেপ্তাৰ।
গ্ৰেপ্তাৰ কৰে বইটামাৰীৰ BDO পৰমানন্দ শইকীয়াক। জোনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে BDO পৰমানন্দক।
৯/ বোকাজানত উপস্থিত কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী এইচ. ডি কুমাৰস্বামী।
বোকাজান চিমেণ্ট ফেক্টৰী পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
ফেক্টৰীৰ বিষয়া-কৰ্মচাৰীৰ সৈতে মত-বিনিময় কৰে মন্ত্ৰী কুমাৰস্বামীয়ে।
কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে।
১০/ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ ৰাজ্যিক চিকিৎসালয়ত স্বচ্ছ ভাৰত অভিযান।
স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
১২/ সদস্য ভৰ্তিৰে অভিলেখ ৰাজ্যিক বিজেপিৰ।
৩ৰ পৰা ১৯ ছেপ্টেম্বৰলৈ ৩১ লাখ ৪০ হাজাৰ সদস্যভৰ্তি।
১৬ দিনত এই অভিলেখ ৰাজ্যিক বিজেপিৰ।
সদস্য ভৰ্তিৰ ক্ষেত্ৰত TOP 5 সমষ্টিকেইটা হ’ল- জাগীৰোড, নলবাৰী, লখিমপুৰ, জালুকবাৰী, টিংখং।
১৩/ শিৱসাগৰৰ আমগুৰি চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ।
২০ শতাংশ বানচ প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকে।
আমগুৰি চাহ বাগিচা কাৰ্যালয় ঘেৰাও কৰে ২ সহস্ৰাধিক শ্ৰমিকে।
১৫ শতাংশ বানচ মানি লোৱা নহ’ব বুলি হুংকাৰ শ্ৰমিকৰ।
১৫% বানচ প্ৰদানৰ চুক্তিপত্ৰ বাতিলৰ দাবী চাহ শ্ৰমিকৰ।
অন্যথা ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ।
১৪/ RTI কৰ্মী দুলাল বৰাক তলব CM ভিজিলেন্সৰ।
সোমবাৰে ভিজিলেন্সত হাজিৰ হ’ব লাগিব দুলাল বৰা।
দুলাল বৰাৰ নিউজ প’ৰ্টেলত ধন বিনিয়োগ বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথৰ।
মৃদুপৱন নাথে কিমান ধন বিনিয়োগ কৰিছিল সেই সন্দৰ্ভত চলাব জেৰা।
১৫/ প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ।
পিতৃ চবিন বৰ্মন, মাতৃ দিপালী তালুকদাৰক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে।
মহেশ আগৰৱাল নামৰ দীপাংকৰ বৰ্মনৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট এগৰাকীকো গ্ৰেপ্তাৰ।
আজি পাণবজাৰ থানালৈ তলব কৰা হয় দীপাংকৰ বৰ্মনৰ পিতৃ-মাতৃক।
বিনিয়োগকাৰীৰ অভিযোগৰ ভিত্তিত থানাত দুয়োজনকে জেৰা আৰক্ষীৰ।
দীপাংকৰ বৰ্মনৰ সকলো কু-কীৰ্তিৰ বিষয়ে অৱগত পিতৃ-মাতৃ।
১৬/ ম্যানমাৰ সীমান্তৰে মণিপুৰত প্ৰৱেশ প্ৰায় ৯০০ সন্ত্ৰাসবাদীৰ।
চোৰাংচোৱাৰ তথ্যত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য।
সন্ত্ৰাসবাদীয়ে কূটাঘাত সংঘটিতৰ ব্লুপ্ৰিণ্ট ৰচনা কৰাৰ তথ্য পোহৰলৈ।
চোৰাংচোৱাৰ তথ্যৰ পাছতে অধিক সষ্টম হৈ পৰিছে নিৰাপত্তা বাহিনীসমূহ।
১৭/ মাজুলীত ব্ৰহ্মপুত্ৰত আবদ্ধ ৰ’পেক্স ফেৰী উদ্ধাৰ।
ফেৰীখনত আছিল ৯১ গৰাকী যাত্ৰী, ১৩খন চাৰিচকীয়া বাহন, ৩৩খন দুচকীয়া বাহন।
অফলামুখৰ পৰা নিমাতী ঘাট অভিমুখী আছিল ফেৰীখন।
আবদ্ধ ফেৰীখন উদ্ধাৰ কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।
১৮/ আম আদমী পাৰ্টি অসমৰ নতুন সভাপতি নিযুক্তি।
মনোজ ধানোৱাৰক AAP অসমৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়।
’২৪ৰ লোকসভা নিৰ্বাচনত AAPৰ প্ৰাৰ্থী আছিল ধানোৱাৰ।
১৯/ ধিঙৰ নাবালিকা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ।
২ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে।
ধৃত লম্পট দুটা ইছৰাফিল হুছেইন, ফুজাইল আহমেদ। সম্প্ৰতি ধিং থানাত জেৰা অব্যাহত দুই ধৰ্ষণকাৰীক।
২০/ মৰিগাঁৱত পুনৰ ৪ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ।
আৰক্ষীয়ে অভিযানত আটক কৰে ৪ চাইবাৰ অপৰাধীক।
মৈৰাবাৰীৰ পৰা আনোৱাউদ্দিন আহমেদ, ৰেকিবুদ্দিন, লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ আন দুই চাইবাৰ অপৰাধীক।
জব্দ কৰে লেপটপ ,মোবাইল, পান কাৰ্ড, আধাৰ কাৰ্ড।

Sangita Dutta Editor in Chief Rnewsindia24.com