Himanta Biswa Sarma

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Ankit Motors Gogamukh

Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

১/ GMCHৰ প্ৰেক্ষাগৃহত নিযুক্তি সমাৰোহ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ২৮২ গৰাকীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা পদত ৮১ গৰাকী প্ৰাৰ্থী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত ২০১ গৰাকী, নগৰাঞ্চলৰ কাৰিকৰী বিষয়া পদত ১০০ গৰাকী, বিত্তীয় ব্যৱস্থাপনা বিষয়া পদত ১০১ গৰাকীক নিযুক্তি প্ৰদান কৰা হয়।

২/ দবা অলিম্পিয়াডত প্ৰথমবাৰলৈ স্বৰ্ণ অৰ্জন কৰি ইতিহাস ৰচনা কৰা ভাৰতৰ পুৰুষ আৰু মহিলা দল দুটাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজ বাসভৱনত সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰে।
লগতে মোডীৰ সৈতে খেলুৱৈসকলে বাৰ্তালাপ কৰে।

৩/ কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ সংবাদমেল।
কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ পাছত প্ৰথমবাৰলৈ ৰাজীৱ ভৱনত সংবাদমেল।
সংবাদমেলত প্ৰধানমন্ত্ৰীৰ শেহতীয়া বিদেশ ভ্ৰমণ কাৰ্যসূচীক লৈ সৰৱ ৰিপুণ বৰা।

৪/ ADREৰ বাবে দেওবাৰে কোকৰাঝাৰৰ সকলো হাট-বজাৰ বন্ধৰ ঘোষণা।
কোকৰাঝাৰ জিলা প্ৰশাসনে জাৰি কৰে এই নিৰ্দেশনা।

৫/ চলিত বৰ্ষত পিতৃ-মাতৃ বন্দনাৰ সুযোগ পাব ৰাজ্যিক কৰ্মচাৰীয়ে।
ইয়াৰ বাবে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে আবেদন কৰিব লাগিব কৰ্মচাৰীসকলে।
আবেদন দাখিলৰ বাবে মুকলি কৰি দিয়া হয় নিৰ্দিষ্ট প’ৰ্টেল।
৬ নৱেম্বৰৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা।

৬/ অসম ৰাজ্যিক চিৰিয়াখানালৈ নতুন অতিথিৰ আগমন।
দিল্লীৰ চিৰিয়াখানাৰ পৰা অসমলৈ আহে ৭টা কৃষ্ণসাৰ মৃগ, এজনী বাঘিনী, এজনী গঁড় আৰু এযোৰ মাকাও।
২ অক্টোবৰত এই বন্যপ্ৰাণীসমূহৰ নামকৰণ কৰিব মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।

৭/ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউত বিশেষ সভা।
বাফাৰ জ’নত বসবাস কৰা ৰাইজৰ সৈতে আলাপ-আলোচনা।
সভাত উপস্থিত থাকে নাজিৰা ৰাজহ চক্ৰৰ বিষয়া-কৰ্মচাৰী, পুৰাতত্ব বিভাগৰ বিষয়া-কৰ্মচাৰী।
ঐতিহাসিক কীৰ্তিচিহ্নসমূহক লৈ ওজৰ-আপত্তিৰ সন্দৰ্ভত মতামত গ্ৰহণ।
বাফাৰ জ’নত হোটেল নিৰ্মাণ কৰিবলৈ নিদিবলৈ বিভাগীয় কৰ্তৃপক্ষক পৰামৰ্শ দয়ানন্দ বৰগোঁহাইৰ।

৮/ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পঞ্চায়ত সচিব।
উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ সচিবক গ্ৰেপ্তাৰ কৰে।
উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ কৰা হয় ৰঞ্জিত কুমাৰ সৰকাৰক।
বিল মোকলাই দিয়াৰ নামত লৈছিল ৭ হাজাৰ টকা।
৫ মাহ পূৰ্বে উত্তৰ শালমাৰা গাঁও পঞ্চায়তত কৰিছিল যোগদান।

৯/ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত ২৭ ছেপ্টেম্বৰৰ পৰা ১৮ অক্টোবৰলৈ অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা।
উদ্যোগ আৰু বাণিজ্য মেলা সংস্থা,অসমৰ উদ্যোগত অনুষ্ঠিত হ’ব মেলা।
এইবাৰ মেলাত অংশগ্ৰহণ কৰিব থাইলেণ্ড, তুৰস্ক, আফগানিস্থান, ডুবাই, কোৰিয়া আৰু বাংলাদেশকে ধৰি বহু দেশে।

১০/ তেজপুৰত মহিন্দ্ৰৰ THAR ROXX মুকলি কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে।
মহিন্দ্ৰৰ অল নিউ M GLYDE প্লেট ফৰ্মত নিৰ্মিত হৈছে THAR ROXX
৩ অক্টোবৰৰ পৰা অনলাইন, মহিন্দ্ৰ ডীলাৰত হ’ব THAR ROXXৰ বুকিং।

১১/ প্ৰবীণ অভিনেতা, নাট্য প্ৰযোজক নীলু চক্ৰৱৰ্তীলৈ শিল্পপ্ৰাণ মাখন দেৱান স্মাৰক বঁটা ২০২৪।
৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসত শিল্পী সাহায্য নিধি অসমে আগবঢ়াই এই বঁটা।
গুৱাহাটী প্ৰেছ ক্লাৱত গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত প্ৰদান কৰে এই বঁটা।

১২/ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ।
স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত AJYCPৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।
হেঙেৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ।
কামৰূপ মহানগৰ জিলা সমিতিৰ দ্বাৰা এই প্ৰতিবাদী কাৰ্যসূচী।

১৩/ প্ৰথমবাৰৰ ADREৰ উত্তৰবহী পুনৰীক্ষণৰ ব্যৱস্থা।
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে এই পদক্ষেপ SLRCৰ।
২৮ ছেপ্টেম্বৰৰ পৰা মুকলি হ’ব নিৰ্দিষ্ট প’ৰ্টেল।

১৪/ অৰুণাচল প্ৰদেশৰ ৩খন জিলাত ৬ মাহৰ বাবে বৃদ্ধি সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA)ৰ সময়সীমা।
নাগালেণ্ডৰ ৮খন জিলাৰ লগতে কেইবাটাও অঞ্চলত বৃদ্ধি কৰা হৈছে AFSPAৰ ম্যাদ।
অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলা আৰু নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমুকেডিমা, মন, কিফিৰে, নকলাক, ফেক আৰু পেৰেণ জিলাত AFSPAৰ ম্যাদ বৃদ্ধি।

১৫/ গুৱাহাটীত বোমা সংস্থাপনৰে জড়িতক গ্ৰেপ্তাৰ৷
বেংগালুৰুত গ্ৰেপ্তাৰ কৰে আলফা(স্বাঃ)ৰ সদস্য গিৰীশ বৰা ওৰফে গৌতমক৷
NIAই গ্ৰেপ্তাৰ কৰে আলফা(স্বাঃ)ৰ সদস্যজনক৷

১৬/ গুৱাহাটীৰ ওজা হেমচন্দ্ৰ বৰুৱা বিদ্যামন্দিৰত গছপুলি ৰোপণ কাৰ্যসূচী।
স্বচ্ছ ভাৰতৰ সৈতে সংগতি ৰাখি আয়কৰ বিভাগৰ এই কাৰ্যসূচী।
অংশগ্ৰহণ কৰে আয়কৰ বিভাগৰ মুখ্য সঞ্চালক আয়ূস মুখাৰ্জী।

১৭/ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা।
২৭ ছেপ্টেম্বৰৰ পৰা ১৮ অক্টোবৰলৈ অনুষ্ঠিত হ’ব এই বাণিজ্য মেলা।
উদ্যোগ আৰু বাণিজ্য মেলা সংস্থা অসমৰ উদ্যোগত হ’ব এই মেলা ।

১৮/ হোটেল গ্ৰীণউডত বিৰোধী ঐক্যৰ সংবাদমেল।
উপস্থিত থাকে ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰা, সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, সাংসদ অজিত কুমাৰ ভূঞা।

১৯/ ডিফুত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৩টা হত্যাকাৰীক।
১৭ ছেপ্টেম্বৰত এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰিছিল তিনিওৱে।
গ্রেপ্তাৰ হয় ৰেনছিং তিচ’, মিৰজেং তেৰাং, বাবুছিং ইংতি।
আটাইকেইটাক আদালতত হাজিৰ কৰোৱাই পুনৰ ৩ দিনৰ জিম্মাত লয় আৰক্ষীয়ে।

২০/ গোলাঘাটৰ মৰঙি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত প্ৰতিবাদ৷
ফলঙনী নৱজ্যোতি হাইস্কুলৰ বেদখলীকৃত ভূমি উচ্ছেদৰ দাবীত ৰাইজ, দল-সংগঠনৰ প্ৰতিবাদ৷
ৰাজহ চক্ৰ কাৰ্যালয়ৰ একাংশ মণ্ডল, বিষয়াৰ নেতৃত্বত মাটি বেদখল হোৱাৰ অভিযোগ৷
বিদ্যালয়খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সনাতন তাঁতীয়ে ভূমি বেদখল কৰাৰ অভিযোগ৷

Ankit Motors Gogamukh

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *