Pramod Boro

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

১/ আজি বিশ্ব পৰ্যটন দিৱস।

২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

উপস্থিত থাকে BTR প্ৰধান প্ৰমোদ বড়ো আৰু বহু গণ্য মান্য ব্যক্তি।

২/ যোৰহাট-মাজুলী সংযোগী দলং সন্দৰ্ভত কেন্দ্রীয় মন্ত্রীলৈ পত্র প্ৰেৰণ।

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীলৈ পত্র প্রেৰণ কৰে মুখ্যমন্ত্রী ড’ হিমন্ত বিশ্ব শৰ্মাৰ।

২০২৫ৰ ডিচেম্বৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ ব্যৱস্থা গ্রহণৰ অনুৰোধ।

৫ ছেপ্তম্বৰৰ পৰা বন্ধ হৈ আছে দলং নিৰ্মাণৰ কাম।

৩/ ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ গোলোক সন্মান।

ড° সঞ্জীৱ বৰা (চিত্ৰশিল্প), অৱন্তিকা পৰাশৰ (অনুবাদ সাহিত্য), ৰাজেশ দত্তবৰুৱা (পৰিবেশ কৰ্মী) আৰু ড° বাবুৰাম শইকীয়া(নৃত্যশিল্পী আৰু গৱেষক) লৈ আগবঢ়োৱা হয় এই বিশেষ বঁটা।

৪/ ১ অক্টোবৰত অসম চৰকাৰে ল’ব ৭৫০ কোটি টকাৰ ঋণ।

এই পৰ্যন্ত অসম চৰকাৰৰ ঋণৰ পৰিমাণ ১ লাখ ৫৫ হাজাৰ কোটি টকা।

৫/ গুৱাহাটী নিৰ্মীয়মান উৰণসেতুৰ নক্সা সলনিৰ আহ্বান জনাই মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা লৈ পত্ৰ প্ৰেৰণ কৰে সাংসদ গৌৰৱ গগৈয়ে।

৬/ বৰগাঙত বিহালী সমষ্টিৰ বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ বৈঠক।

বৈঠকত বিজেপি দলৰ সদস্যতা অভিযানৰ লগতে সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰা হয়।

উপস্থিত থাকে মন্ত্ৰী পীযূষ হাজৰিকা, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, দিগন্ত কলিতা ডাঙৰীয়া, দলীয় কাৰ্যকৰ্তা।

৭/ হেপাটাইটিছত আক্ৰান্ত ৰোগীৰ বাবে ভাল খবৰ।

গুৱাহাটীত উপলব্ধ হেপাটাইটিছ ৰোগৰ বিশেষজ্ঞ চিকিৎসক।

অসমৰ দ্বিতীয়জন কিডনি, হেপাটাইটিছৰ বিশেষজ্ঞ ডাঃ বেদান্ত বৰ্মনৰ তত্ত্বাৱধানত ৰোগীয়ে কৰিব পাৰিব চিকিৎসা।

খানাপাৰাস্থিত METRO HOSPITALত উপলব্ধ এই সুবিধা।

৮/ গুৱাহাটী বিশ্ববিদ্যালয়ৰ PGSU নিৰ্বাচনৰ ফলাফল ঘোষণা।

সভাপতি পদত জয়লাভ ABVPৰ মানস প্ৰতিম কলিতাৰ।

সাধাৰণ সম্পাদক পদত জয়ী অসম ছাত্ৰ পৰিষদৰ কৌশিক বৰুৱা।

৯/ কংগ্ৰেছে আৰম্ভ কৰিব সদস্যভৰ্তি অভিযান।

কংগ্ৰেছ শাসনলৈ আহিলেই দিব ৩ হাজাৰকৈ টকা, বিনামূলীয়া বিদ্যুৎ, ৫০০ টকাতে গেছ চিলিণ্ডাৰ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ এই মন্তব্য।

১০/ ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযান ২০২৪।

বজালীত কাৰ্যকৰ্তাক প্ৰমাণ পত্ৰ প্ৰদান কৰি কৃতজ্ঞতা জনাই মন্ত্ৰী ৰণজিত কুমাৰ দাসে।

১১/ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা অসুস্থ।

চেন্নাইত চিকিৎসাধীন হৈ থকা বিধায়কগৰাকীক সাক্ষাৎ কৰে মন্ত্ৰী অতুল বৰাই।

১২/ দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ স্বীকৃতি লাভ কৰে বস্ত্ৰনগৰী শুৱালকুছিয়ে।

‘ক্ৰাফ্ট’ শিতানত এই স্বীকৃতি পৰ্যটন মন্ত্ৰালয়ৰ।

আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰদান কৰা হয় এই সন্মান।

১৩/ ৩০ ছেপ্টেম্বৰৰ পৰা নলবাৰীত পুনৰ পূৰ্বৰ সময়মতেই আৰম্ভ হ’ব বিদ্যালয়।

উৎকট গৰমৰ বাবে সলনি কৰা হৈছিল পাঠদানৰ সময় ।

১৪/ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়াংক খৰ্গেক ক্ষমা খোজাৰ দাবী মন্ত্ৰী পীযুষ হাজৰিকাৰ।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেয়ে অসমত চলা ছেমিকণ্ডাক্টৰৰ কামক লৈ উপহাস কৰিছিল।

১৫/ মন্ত্ৰী যোগেন মহনৰ ব্যক্তিগত সহায়ক মনমথ দাসক অব্যাহতি।

জনতা ভৱনত মন্ত্ৰীৰ অজ্ঞাতে প্ৰৱঞ্চকক দিছিল প্ৰৱেশ পত্ৰ।

বিভাগীয় তদন্ত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

১৬/ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কেৰিবিয়ান ক্ৰিকেটাৰ ডোৱেইন ব্ৰাভ’ৰ।

অৱসৰ ঘোষণা কৰাৰ পাছতেই ডোৱেইন ব্ৰাভ’ক KKRৰ প্ৰশিক্ষক হিচাপে নিযুক্তি প্ৰদান।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দল CSKৰ সৈতে জড়িত হৈ আছিল ডোৱেইন।

বিগত বৰ্ষত ডোৱেইনক CSKৰ বলিঙৰ প্ৰশিক্ষক হিচাপেও নিযুক্তি দিছিল।

১৭/ ৰাজহুৱা হ’ল অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদন।

সামাজিক মাধ্যমযোগে এই কথা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণক লৈ মুখ্যমন্ত্ৰীৰে বৈঠকত বহিছিল আছুৰ শীৰ্ষ নেতৃত্ব।

বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰা সন্দৰ্ভত অনুষ্ঠিত হৈছিল বৈঠক।

বৈঠকৰ পাছতে প্ৰতিবেদন ৰাজহুৱা কৰাৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে।

১৮/ ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক।

দিল্লীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছিল দুলাল বৰা।

দুকুৰিতকৈও অধিক গোচৰত অভিযুক্ত বিতৰ্কিত দুলাল বৰা।

১৯/ বিহাৰত মৰ্মান্তিক ঘটনা৷

পানীত ডুবি ৪৬ গৰাকী লোকৰ মৃত্যু৷

মৃতকৰ ভিতৰত আছে ৩৭টা শিশু৷

সন্ধানহীন হৈ আছে ৩টা শিশু৷

জীৱিত পুত্ৰিকা উৎসৱৰ সময়তে ৰাজ্যখনৰ ভিন্ন স্থানত সংঘটিত হয় এই ঘটনা৷

সৰ্বমুঠ ১৫ খন জিলাৰ ভিন্ন স্থানত পানীত ডুবি শিশুৰ মৃত্যু হয় ।

নিহতৰ পৰিয়াললৈ ৪ লাখ টকাকৈ অনুদান ঘোষণা কৰে নীতিশ চৰকাৰে৷

২০২৩ চনতো সংঘটিত হৈছিল অনুৰূপ ঘটনা৷

য’ত মৃত্যু হৈছিল ২২ জনকৈ লোক৷

২০/ বিদ্যালয়ৰ ‘সফলতা’ৰ বাবে ছাত্ৰক বলিদান বিদ্যালয় কৰ্তৃপক্ষৰ।

বিদ্যালয়ৰ হোষ্টেলত হত্যা কৰে ১১ বছৰীয়া এজন ছাত্ৰক।

ঘটনাৰে জড়িত ৩গৰাকী শিক্ষকসহ বিদ্যালয়ৰ স্বত্বাধিকাৰী আৰু সঞ্চালকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

উত্তৰ প্ৰদেশৰ হাথৰাছত সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

Ankit Motors Gogamukh

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *