Kapé MAC
১/ ২১/১০/২০২৪ তাৰিখে দিছপুৰ জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতিত বৈঠকত মিলিত হয় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, MBK, MMK, MDK, TMMK, TMPK ৰ কেন্দ্ৰীয় এটি সজাতি দলে।
বৈঠকত মিচিং স্বায়ত্বশাসিত পৰিষদৰ সাংবিধানিক মৰ্য্যদা প্ৰদানৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক আলোচনাৰ সময়সূচী নিৰ্ধাৰণ কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আৰু পৰিষদৰ আগন্তুক নিৰ্বাচন সম্পৰ্কে আলোচনা কৰা হয়।
লগতে মুখ্যমন্ত্ৰীক উন্নয়নমূলক প্ৰকল্পসমূহক অগ্ৰাধিকাৰ দিবলৈ বিশেষকৈ পৰিষদীয় এলেকাৰ খহনীয়া সুৰক্ষা আৰু দলং নিৰ্মাণৰ বাবে আহ্বান জনাই।
২/ ১৮/১০/২০২৪ তাৰিখে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখ আবুতানি লত্তা প্ৰেক্ষাগৃহত “মিচিং দৃৰবৃ কেবাং”ৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
মুকলি সভা উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত উন্নয়ন কেন্দ্ৰৰ সঞ্চালক ড° ৰাজীৱ দলে
উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, উপাধ্যক্ষ যোগেশ্বৰ কুটুম, সমূহ কাৰ্য্যবাহী সদস্য, সাধাৰণ সদস্য, ছয় মিচিং জাতীয় সংগঠন MBK MMK, MDK, MAK, TMMK TMPKৰ সভাপতি সম্পাদক সকল আৰু সহস্ৰাধিক ৰাইজ।
৩/ ১৫/১০/২০২৪ তাৰিখে মিচিং স্বায়ত্ত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৰ অধ্যক্ষতাত ৩৪ সংখ্যক সাধাৰণ পৰিষদ সভা অনুষ্ঠিত কৰে।
বৈঠকত বিগত ২০২১-২২, ২০২২-২৩আৰু২০২৩-২৪ বিত্তীয় বৰ্ষত প্ৰস্তাৱিত আচঁনি সমূহ ৰূপায়ন কৰাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা প্ৰশাসনিক ও কাৰিকৰী সমস্যাসমূহ বিস্তৃত ভাৱে পৰ্যালোচনা কৰা হয়।
উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, উপাধ্যক্ষ যগেশ্বৰ কুটুম, সমূহ কাৰ্য্যবাহী সদস্য, সাধাৰণ সদস্য আৰু বিভাগীয় বিষয়ববীয়া।
৪/ ১৭/১০/২০২৪ তাৰিখে ডিব্ৰুগড়ত উপস্থিত হৈ MISING MI:BO OKUM’ নিৰ্মাণ কৰাৰ বাবে দান কৰা দুবিঘা ভূমি ডিব্ৰুগড় মিচিং কেবাঙ’ৰ অনুৰোধ মৰ্ম্মে পৰিদৰ্শন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীক সংগ দিয়ে পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়ি আৰু বিভিন্ন দ’ল সংগঠনৰ বিষয়ববীয়াই।
Sangita Dutta Editor in Chief Rnewsindia24.com