Mising Autonomous Council
১/ লোকসেৱা ভৱনত “মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০” (CMAAA 2.0) শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।
উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, যোগেন মহন, চন্দ্ৰমোহন পাটোৱাৰী, বিমল বৰা, মুখ্য সচিব ৰবি কুট্টা, গুৱাহাটী বিশ্ববিদ্যালয় সহকাৰী উপাচাৰ্য ননী গোপাল মহন্ত আৰু বহু গণ্য মান্য ব্যক্তি।
২/ ঝাৰখণ্ডত উপস্থিত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা৷
ৰাঁচীৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত বিজেপি আৰু আজেছুৰ যুটীয়া সংবাদমেলত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড’ শৰ্মা।
আনহাতে AJSUৰ সভাপতি সুদেশ মাহাতোক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৩/ বিহালী সমষ্টিত আগন্তুক উপ-নিৰ্বাচন উপলক্ষ্যে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই মন্ত্ৰী পীযুষ হাজৰিকাই।
লগতে বালিপুখুৰীত বিজেপিৰ ৩৬ আৰু ৩৭নং বুথৰ কাৰ্যকৰ্তাৰ সৈতে উপ-নিৰ্বাচন সন্দৰ্ভত এখন বিশেষ বৈঠকত মিলিত হয় মন্ত্ৰী গৰাকী।
উপস্থিত থাকে সাংসদ ৰঞ্জিত দত্ত, বিধায়ক দিগন্ত কলিতা আৰু জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱা।
৪/ ২০ অক্টোবৰত ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠান।
শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই।
আজি ইণ্ডোনেছিয়ালৈ যাত্ৰা কৰে ৰাজ্যিক বৈদেশিক মন্ত্ৰীগৰাকীয়ে।
৫/ মুকলি আকাশৰ তললৈ নামিল দিল্লী চৰকাৰৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন।
দিল্লীৰ ৰ’জ এভিনিউ আদালতে মঞ্জুৰ কৰে জামিন।
২০২২ চনৰ ৩০ মে’ত EDয়ে ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল সত্যেন্দ্ৰ জৈনক।
৬/ মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
১৯ অক্টোবৰৰ পৰিৱৰ্তে ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০।
ৰাজ্যৰ ৪ খন জিলা বিশ্বনাথ, বঙাইগাঁও, নগাঁও, কাছাৰত সাময়িকভাবে বন্ধ থাকিব এই প্ৰক্ৰিয়া।
নিৰ্বাচন আচৰণ বিধি বলৱৎ হোৱাৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।
সংবাদমাধ্যমত এই কথা জনাই ৰাজহ মন্ত্ৰী যোগেন মহনে।
৭/ ১৫ আৰু ১৬ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’ব বড়োলেণ্ড মহোৎসৱ।
অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
সংবাদমেলযোগে এই কথা জনাই নিখিল বড়ো ছাত্ৰ সন্থাই।
৮/ বাক্সাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটি জিলা সম্পদ কেন্দ্ৰ (District Resource Centre) ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
নিৰ্মাণ হ’বলগীয়া সম্পদ কেন্দ্ৰটোত আগন্তুক দিনত চৰকাৰী পৰ্যায়ৰ বিভিন্ন প্ৰশিক্ষণ প্ৰদানৰ বাবে পৰ্যাপ্ত সা-সুবিধা উপলব্ধ থাকিব ৷
অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও ব্ৰহ্ম, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব মুনিন্দ্ৰ শৰ্মা, জিলা আয়ুক্ত গৌতম দাস, EM গৌতম দাস, ৰাকেশ ব্ৰহ্ম আৰু বিশিষ্ট ব্যক্তিসকল।
৯/ ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত জলসম্পদ আৰু লোকনিৰ্মাণৰ পথ, ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ অভিযন্তাসকলৰ সৈতে এখন পৰ্যালোচনামূলক বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
বৈঠকত আটাইকেইটা বিভাগৰ অধীনত ৰূপায়িত কাম-কাজৰ বুজ লোৱাৰ লগতে ৰূপায়ণ কৰিবলগীয়া আঁচনিসমূহৰ দিশত আলোচনা কৰা হয়।
১০/ বোকাখাত সমজিলাৰ কাৰ্যালয়ত সমজিলা প্ৰশাসনৰ বিষয়া তথা বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা।
বৈঠকত কৃষি, পশুপালন আৰু পশু চিকিৎসা, লোকনিৰ্মাণ, বন, জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, এপিডিচিএল, গ্ৰামোন্নয়ন, শ্ৰম, জলসিঞ্চন আদি বিভাগৰ বিষয়াসকলৰ পৰা সমজিলাখনত বৰ্তমান চলি থকা কল্যাণকামী কাম-কাজৰ বিষয়ে সবিশেষ খতিয়ান লয় আৰু প্ৰতিটো বিভাগৰ বিষয়াক জনসাধাৰণৰ সুবিধাৰ্থে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা দিয়ে মন্ত্ৰী গৰাকীয়ে।
উপস্থিত থাকে বোকাখাত সমজিলা আয়ুক্ত শিৱানী জেৰ্নগল, বোকাখাত পৌৰসভাৰ পৌৰপতি, চক্ৰ বিষয়া, সমজিলা প্ৰশাসনৰ দণ্ডাধীশ, উল্লেখ্যিত বিভাগসমূহৰ বিষয়াসকল।
১১/ ধেমাজিৰ জীয়াধল নৈৰ দুয়োপাৰে থকা জীয়াধল সংৰক্ষিত অৰণ্যভূমি পৰিদৰ্শন কৰাৰ লগতে ৫০ হেক্টৰ ভূমিত চলি থকা গছপুলি ৰোপণ কাৰ্যসূচী পৰ্যবেক্ষণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
১২/ বাল্যবিৱাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে দিয়ে ৰায়দান৷
১০ জুলাইৰ শুনানিৰ অন্তত আজি সৰ্বোচ্চ ন্যায়ালয়ে দিয়ে ৰায়৷
১৩/ ইজৰাইলৰ আক্ৰমণত মৃত্যু হয় হামাছৰ মুৰব্বী য়াহয়া ছিনৱাৰৰ৷
DNA পৰীক্ষাৰ অন্তত ছিনৱাৰৰ মৃত্যু হোৱা বুলি দাবী IDFৰ৷
উল্লেখ্য যে, ইজৰাইলৰ আক্ৰমণত ৩মাহত ৩জনকৈ হামাছৰ মুৰব্বীৰ মৃত্যু হয় ৷
যোৱা আগষ্ট মাহত হামাছৰ মুৰব্বী হিচাবে ঘোষণা কৰা হৈছিল য়াহয়া ছিনৱাৰক৷
ইজৰাইলত চলোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল ছিনৱাৰ৷
১৪/ ১৩ নৱেম্বৰত ৫ সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।
২৩ নৱেম্বৰত হ’ব ভোটগণনা।
ধলাই, চামগুৰি, বিহালী, ছিদলী, বঙাইগাঁৱত হ’ব উপ-নিৰ্বাচন।
১৫/ শক্তিপীঠ মা কামাখ্যাত পূজা-অৰ্চনা কৰে অভিনেত্ৰী তামান্না ভাটিয়াই।
মহাদেৱ বেটিং এপৰ প্ৰমোচনৰ অভিযোগত বৃহস্পতিবাৰে EDৰ জেৰাৰ সন্মুখীন হৈছিল তামান্না৷
১৬/ পুনৰ ছলমানক খানক ভাবুকি প্ৰদান লৰেন্স বিষ্ণই গেঙৰ৷
নিজকে বিষ্ণই গেঙৰ ঘনিষ্ঠ বুলি দাবী কৰে মেছেজ প্ৰেৰণকাৰীয়ে৷
লৰেন্স বিষ্ণয়ৰে শত্ৰুতাৰ অৱসান ঘটাবলৈ ৫ কোটি টকাৰ দাবী৷
বিষয়টো ছলমান খানক সহজভাৱে নল’বলৈ সকীয়নি দিয়ে মেছেজ প্ৰেৰণকাৰীয়ে৷
১৭/ বিহালীত টিকট নোপোৱাৰ বাবে বিজেপি দল ত্যাগ কৰে জয়ন্ত বৰাই।
পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা লৈ।
১৮/ ২৪ অক্টোবৰত অৰুণাচল প্ৰদেশৰ টাৱাঙত অনুষ্ঠিত হ’ব দ্বিতীয় টাৱাং আন্তঃৰাষ্ট্ৰীয় মাৰাথন।
ভাৰতীয় সেনা আৰু অৰুণাচল প্ৰদেশ চৰকাৰে যৌথভাৱে আয়োজন কৰিছে ‘কুইন অৱ হাই এলটিটুড ৰাণ’ৰ।
১৯/ ১ নৱেম্বৰৰ পৰা কাজিৰঙাত মুকলি হ’ব পৰ্যটকৰ বাবে হাতী ছাফাৰী।
হাতী ছাফাৰীৰ বাবে যুদ্ধকালীন প্ৰস্তুতি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ।
মুঠ ৩৫ টা হাতী সাজু কৰা হৈছে চলিত পৰ্যটন বৰ্ষৰ বাবে ।
মাউতসকলক প্ৰশিক্ষণ প্ৰদানৰ লগতে দিয়া হৈছে ইউনিফৰ্ম ,আই কাৰ্ড।
২০/ চানমাৰিত STFৰ জালত পৰে ড্ৰাগছসহ সৰবৰাহকাৰী।
আৰক্ষীয়ে জব্দ কৰে ১০ পেকট ড্ৰাগছ।
দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।
Sangita Dutta Editor in Chief Rnewsindia24.com