Mising Sports Carnival

মিচিং স্পৰ্টছ কাৰ্নিভেল ২০২৪ সফল সামৰণি।

Spread the love

 

Mising Olympic

অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টাকাম মিচিং পৰিন কেবাঙৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠনৰ সহযোগত ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ২৮ নৱেম্বৰ তাৰিখৰ পৰা ১ ডিচেম্বৰ তাৰিখলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মিচিং স্পৰ্টছ কাৰ্নিভেল ২০২৪ দ্বিতীয় সংস্কৰণ সফলতাৰে সামৰণি পৰে।

Mising Olympic

অনুষ্ঠানত মিচিং স্পৰ্টছ কাৰ্নিভেল -২০২৪ ৰ স্মৃতি গ্ৰন্থ ADI’ LE’KOR আৰু TMPK Sports Journal গ্ৰন্থ শুভ উন্মোচন কৰা হয়।

Mising Olympic

কাৰ্নিভেলত ৰাজ্যৰ ১৭ খন জিলাৰ খেলুৱৈয়ে গোগামুখ মহাবিদ্যালয় খেলপথাৰ, মিচিং ৰেগি ৰেগাম ছুইমিং পুল, মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্প, গোগামুখ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ফুটবল, সাতুৰ, আৰ্চাৰী, বেডমিন্টন, মাৰথান দৌৰ, ১৭ অনুৰ্ধ্ব ছোৱালী-ল’ৰা ভলীবল, ১৭ অনুৰ্ধ্ব ছোৱালী কাবাডী খেল, দগদিগ খেলকে ধৰি ১৮ টাকৈ বিষয়ৰ খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম গৌৰৱ, অলিম্পিয়ান, অৰ্জুন বঁটা, অসম সৌৰভ, মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাই।Lovlina Borgohain

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ সুদক্ষ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুMising Sports Carnival

জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, উপাধ্যক্ষ যগেশ্বৰ কুটুম।Mising Sports Carnival

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ সমূহ কাৰ্য্যবাহী আৰু সাধাৰণ সদস্য সকল, অসমৰ বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়া, মিচিং জাতীয় সংগঠন MBK MMK MDK MAK TMMK TMPK আৰু অন্যান্য দল সংগঠনৰ বিষয়ববীয়া, ক্ৰীড়া বিভাগ আৰু বিভিন্ন ক্ৰীড়া সন্থাৰ বিষয়ববীয়া।

Mising Sports Carnival

আনহাতে, সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত হাজাৰ হাজাৰ শ্ৰোতাৰ লগতে প্ৰায় ৩ সহস্ৰাধিক খেলুৱৈৰ সন্মূখত মিচিং তথা অসমীয়া গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় সংগীতশিল্পী বৰ্ণালী কলিতাই।

চতুৰ্থ দিন অৰ্থাৎ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ, বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত কেইবাবাৰো পদক প্ৰাপ্ত, অলিম্পিক বঁটা বিজয়ী পদ্মশ্ৰী সাইখোম মীৰাবাই চানু।

Mising Sports Carnival

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্বল কুমাৰ ভটাচাৰ্য।

Mising Sports Carnival

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাঁ, জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল পেগু।

Mising Sports Carnival

উপস্থিত থাকে পৰিষদৰ সমূহ কাৰ্য্যবাহী আৰু সাধাৰণ সদস্য সকলMising Autonomous Council

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়া, জাতীয় সংগঠনৰ বিষয়ববীয়া, মিচিং জাতীয় সংগঠন MBK MMK MDK MAK TMMK TMPK আৰু অন্যান্য দল সংগঠনৰ বিষয়ববীয়া, ক্ৰীড়া বিভাগ আৰু বিভিন্ন ক্ৰীড়া সন্থাৰ বিষয়ববীয়া।

Mising Sports Carnival

উক্ত অনুষ্ঠানত মুখ্য অতিথি, বিশিষ্ট অতিথি, আৰু আমন্ত্ৰিত অতিথি সকল উপস্থিত থাকি আগবঢ়াই থৈ যোৱা বিশ্লেষণাত্মক, পৰামৰ্শমূলক তথা গুৰুত্বপূৰ্ণ বক্তব্যই আমাৰ নৱ-প্ৰজন্ম সকলক প্ৰতিখোজে অনুপ্ৰেৰণা যোগাব।Mising Sports Carnival

মিচিং স্পৰ্টছ্ কাৰ্নিভেলত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী উদীয়মান ক্ৰীড়াপ্ৰতিভাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে তেওঁলোকৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।

আপুনি আপোনাৰ বহুমূলীয়া তথা মূল্যবান সময় খৰচ কৰি আমাৰ প্ৰতিবেদনটি পঢ়াৰ বাবে Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *