Mising Autonomous Council

Kapé MAC

Spread the love

■ ১০/১২/২০২৪ তাৰিখে চিলাপথাৰস্থিত দঃঞি পঃল কমপ্লেক্সৰ প্ৰাংগনত নিৰ্মাণ হ’বলগীয়া অতিথিশালাৰ আধাৰশিলা স্থাপন আৰু চিলাপথাৰ কুলাজান সমবায় সমিতিৰ নৱ-নিৰ্মিত‌ কাৰ্যালয়ৰ শুভ উন্মোচন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে জ’নাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, পৰিষদৰ উপাধ্যক্ষ যগেশ্বৰ কুটুম, কাৰ্য্যবাহী সদস্য জহান দলে, সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে, TMPK ৰ সভাপতি তিলক দলে, অন্যান্য বিশিষ্ট ব্যক্তি, গণশক্তি, MMK, TMMK, TMPKৰ বিভিন্ন বিষয়ববীয়া।

■ সদৌ অসম পেনচাক্ চিলাট সংন্থাৰ উদ্যোগত আৰু মিংমাং ৰুপহী মিচিং সমৰ ক’লা আৱাসীক প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত অহা ইংৰাজী ২২, ২৩, ২৪ আৰু ২৫ ডিচেম্বৰ ২০২৪ তাৰিখে অসম ভিত্তিত ৩০০ জন প্ৰশিক্ষাৰ্থীক লৈ চাৰিদিনিয়াকৈ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ’ব।

০৯/১২/২০২৪ তাৰিখে সৰ্বভাৰতীয় পেনচাক্ চিলাট মহাসংঘৰ পেট্ৰন, সদৌ অসম পেনচাক্ চিলাটৰ প্ৰতিস্থাপক সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই উক্ত প্ৰশিক্ষণ শিবিৰ আয়োজন স্থলী পৰিদৰ্শন কৰি সকলো দিশ নিৰিক্ষণ কৰে৷

মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীক সংগ দিয়ে TMPK ৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলিয়ে।

■ ১২/১২/২০২৪ তাৰিখে চিলাপথাৰ স্থিত ‘দঞি-পঃল’ চৌহদত নিৰ্মাণৰত ”Régam Okum’ (ৰাজহুৱা প্ৰেক্ষাগৃহ) পৰিদৰ্শন কৰে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, TMPK ৰ সভাপতি তিলক দলে আৰু MMK, TMMK, TMPKৰ বিষয়ববীয়াই।

■ ১২/১২/২০২৪ তাৰিখে গোগামুখ মিংমাং অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী গিৰিশ পেগুৰ আত্মাৰ সদগতি কামনাৰ্থে তেওঁৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

 লগতে কচুতলিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ভূমি প্ৰদানৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা চিৰস্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে।

■ ধেমাজি জিলাৰ অসম- অৰুণাচল প্ৰদেশ সীমান্তত নলাসহ ৯ কিলোমিটাৰ পথ নিৰ্মাণৰ সন্দৰ্ভত মিংমাং নলবাৰীত অনুষ্ঠিত যোৱা লোকসভা নিৰ্বাচনী সভাত শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ হৈ ৰাইজক প্ৰতিশ্ৰুতি দিছিল মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

যোৱা ১৩/১২/২০২৪ তাৰিখে পুৱা নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি উক্ত আঁচনি কাৰ্য্যকৰী কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু অসম চৰকাৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

■ ১৪/১২/২০২৪ তাৰিখে মিচিং বাঃনৗ কেবাং লখিমপুৰ জিলা সমিতিৰ উদ্যোগত গোগামুখ ঘোষণা পত্র সম্পৰ্কে লখিমপুৰ কলা-কৃষ্ঠি বিকাশ কেন্দ্ৰ বড়িমূৰীত এখনি গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত কৰে।

কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই মিচিং বাঃনৗ কেবাঙৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উক্ত অনুষ্ঠানত মিচিং বাঃনৗ কেবাং ২০১৫ চনৰ গোগামুখ পত্ৰৰ নিৰ্দেশ মৰ্মে গামসকলক আনুষ্ঠানিক I-Card সমূহ অৰ্পণ কৰে।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাং, লখিমপুৰ জিলাৰ গাম সকল, বিশিষ্ট সমাজকৰ্মী, মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

■ ১৫/১২/২০২৪ তাৰিখে মিচিং বাঃনৗ কৗবাঙৰ মিশ্যন ২০২৪ আৰু গোগামুখ ঘোষণা সম্পৰ্কে মঃদুম পৰ্যায়ৰ দ্বিতীয়লানি কৰ্মশালা জনাই, গোলাঘাট, যোৰহাট, শদিয়া আৰু বগিনদী মঃদুমত অনুষ্ঠিত কৰে।

উক্ত কৰ্মশালাত গাম সকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰি পদবীৰ দায়িত্ব অৰ্পণ কৰে মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়া আৰু কৰ্মশালাত উপস্থিত থকা সমল ব্যক্তি সকলে।

আনহাতে, তৃতীয়লানি কৰ্মশালা অহা ২২ ডিচেম্বৰ তাৰিখে গুৱাহাটী, জীয়াভৰলী, উজনি মাজুলী, গহপুৰ আৰু তিনিচুকীয়া মঃদুমত অনুষ্ঠিত হ’ব।

■ উত্তৰ লখিমপুৰ মিচিং দৃৰবৃ কেবাং আৰু অপিন কেবাং সমূহৰ সৈতে হোৱা এক আলোচনা মৰ্মে মিচিং স্বায়ত্তশাসিত পৰিষদে উত্তৰ লখিমপুৰৰ বড়িমুৰীত নিৰ্মাণ কৰা ‘মিব’ অকুম’ ছাত্ৰাবাস হিচাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অহা ১৭ ডিচেম্বৰ তাৰিখে মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু উক্ত সংগঠন সমূহৰ মাজত আনুস্থানিক চুক্তি স্বাক্ষৰিত হ’ব।

আলোচনাত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, বিশিষ্ট সমাজকৰ্মী, গাম, মিচিং জাতীয় সংগঠন আৰু অপিন কেবাঙৰ বিষয়ববীয়া।

■ ১৬/১২/২০২৪ তাৰিখে TMPK,MMK,আৰু TMMK লখিমপুৰ জিলা সমিতিৰ উদ্যোগত বগীনদী চে:দি মে:ল লত্তাত এখন সাংগঠনিক কৰ্মশালা অনু্ষ্ঠিত কৰে।

উক্ত সভাত উপস্থিত থাকে জোনাই বিধানসভা সমষ্টি বিধায়ক ভূৱন পেগু, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, কাৰ্য্যবাহী সদস্যা ইন্দিৰা কুম্বাং, MMK, TMMK, TMPK ৰ কেন্দ্ৰীয় বিষয়ববীয়া।

■ ১৫/১২/২০২৪ তাৰিখে জ’নাইৰ মুৰ্কংচেলেক মিচিং কৃষ্টিভৱনৰ প্ৰাঙ্গণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লিম্বু মহাসভা অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত দ্বিতীয় সংখ্যক কেন্দ্রীয় চাচ’ক তংনাম (ন-খোৱা পর্ব) আৰু ৩২১ সংখ্যক ত্যে-অংশি শিৰিজংগা জন্ম জয়ন্তী উদযাপন কৰে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য নৰেশ্ব কুম্বাং, সাধাৰণ সদস্য পদুম ৰায় , TMPKৰ উপদেষ্টা ৰাজকুমাৰ মৰাং আৰু গোৰ্খা জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি সকল।

আপুনি আপোনাৰ বহুমূলীয়া তথা মূল্যবান সময় খৰচ কৰি আমাৰ প্ৰতিবেদনটি পঢ়াৰ বাবে Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *