Taburam Taid

“টাবুৰাম টাইদ স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল” “টাবুৰাম টাইদ সাহিত্য বঁটা”।

Spread the love

গোগামুখ আবুতানি লত্তা কৃষ্টি ভৱন প্ৰেক্ষাগৃহত টাবুৰাম টাইদ স্মৃতি ন্যাসৰ সৌজন্যত অসমৰ জাতীয় জীৱনৰ চিৰস্মৰণীয় সত্তা আগম মিগাং টাবুৰাম টাইদ দেৱৰ ৮৩ সংখ্যক ওপজা দিন উপলক্ষ্যে “টাবুৰাম টাইদ স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল” উদ্বোধনী আৰু “টাবুৰাম টাইদ সোঁৱৰণি সাহিত্য বঁটা প্ৰদান” অনুষ্ঠান।

অসম চৰকাৰৰ পুঁজিৰে ধেমাজি জিলাৰ গোগামুখত নিৰ্মান কৰা “টাবুৰাম টাইদ স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল” ভৱনটি শুভ উদ্বোধন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

সমাধি ক্ষেত্ৰত স্মৃতি তৰ্পণ কৰি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা মিচিং বানৌ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই।

উক্ত অনুষ্ঠানত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সাহিত্যক সমৃদ্ধ কৰা স্বনামধন্য সাহিত্যিক শ্ৰীযুত য়েছে দৰজে ঠংচিক ২০২৫ বৰ্ষৰ বাবে “টাবুৰাম টাইদ সাহিত্য বঁটা”, বিশিষ্ট সাহিত্যিক ডাঃ বিদ্যেশ্বৰ দলেক “টাবুৰাম টাইদ মিচিং সাহিত্য বঁটা” আৰু শ্ৰীযুত পংকজ কুমাৰ দত্তক “উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা” প্ৰদান কৰে।

গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানটিত
মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং আগম কৗবাঙৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা প্ৰাক্তন সভাপতি, বিশিষ্ট ভাষাবিদ আগম মিগাং নাহেন্দ্ৰ পাদুন।

উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন গাম, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ, ধেমাজি জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিতুপন নেওগ, ধেমাজি, গোগামুখ, জোনাই, ঢকুৱাখনাৰ বহু কেইখন মহাবিদ্যালয়ৰ অধ্যক্ষ, মিচিং জাতীয় সংগঠন MBK, MAK, MDK, TMPK, TMMK, MMK,  আৰু ধেমাজি জিলাৰ অসম সাহিত্য সভা, পূৰ্বাঞ্চল তাই সাহিত্য সভা, বড়ো সাহিত্য সভা, দেউৰী সাহিত্য সভা, সোণোৱাল কছাৰী সাহিত্য সভা, সদৌ অসম লেখিকা সমাৰোহ সমিতি, ৰাভা সাহিত্য সভা, তিৱা সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম যুৱ ছাত্ৰ পৰিষদ, সদৌ তাই আহোম ছাত্ৰ সন্থা, সদৌ চুতীয়া ছাত্ৰ সন্থা, দেউৰী ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সদৌ অসম ৰাভা ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি/সম্পাদক, গোগামুখ শাখা সাহিত্য সভা, দুমেৰ নাট্যগোষ্ঠী, গগনাবা, সদৌ অসম লেখিকা সমাৰোহ সমিতি, লেখিকা সমাজৰ সভাপতি/সভানেত্ৰী, মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমূহ কাৰ্য্যবাহী আৰু সাধাৰণ সদস্য/সদস্য, বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, বিজেপি , গণশক্তি, MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিকৰ বিষয়ববীয়া আৰু ধেমাজিবাসী ৰাইজ।

উল্লেখ্য যে, টাবুৰাম টাইদ স্মৃতি ন্যাস আৰু গোগামুখ মহাবিদ্যালয়ৰ সৈতে এক বিশেষ বুজাবুজি চুক্তিৰ জৰিয়তে মহাবিদ্যালয় কৰ্তৃপক্ষক “টাবুৰাম টাইদ স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল” পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি ন্যাসৰ সভাপতি ডাঃ ৰণোজ পেগুৱে ৰাইজক অৱগত কৰে।

আধুনিক মিচিং ভাষাৰ পিতৃ স্বৰূপ টাবুৰাম টাইদ দেৱৰ ৮৩ সংখ্যক জন্মবাৰ্ষিকীত Rnewsindia24.com পৰিয়ালৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ।

স্বনামধন্য ব্যক্তি গৰাকীয়ে জীৱনজোৰা প্ৰজ্ঞাৰ নিৰলস সাধনা তথা গভীৰ অধ্যৱসায়েৰে অসম তথা মিচিং সমাজলৈ আগবঢ়াই থৈ যোৱা অমূল্য অৱদান সমূহ যুগ-যুগান্তৰলৈ স্মৰণীয় হৈ থাকিব।
লগতে তেওঁৰ আদৰ্শই উঠি অহা প্ৰতিটো প্ৰজন্মক প্ৰতিপল অনুপ্ৰাণিত কৰিব।

Taburam Taid

টাবুৰাম টাইদ স্মাৰক সংগ্ৰহালয়/পুথিভঁৰাল আৰু টাবুৰাম টাইদ সাহিত্য বঁটা প্ৰদান অনুষ্ঠানৰ সম্পূৰ্ণ ফটো।  ⬅️
চাবলৈ ৰঙা বা নীলা অংশত ক্লিক কৰক।

 

প্ৰিয় পাঠক, এনেধৰণৰ গুৰুত্বপূৰ্ণ বাৰ্তা সমূহ জানি থাকিবৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page –

https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel –

https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *