“Kapé MAC”
■ ২৮/০৮/২০২৫
মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে লোহিতমুখ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গহপুৰত নিৰ্মাণ কৰা “মিচিং ভৱন” শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
অনুষ্ঠানত বিশিষ্ট অতিথি আসন অলংকৃত কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।
উল্লেখযোগ্য যে, TMPK ৰ প্ৰতিষ্ঠাপক সভাপতি মেদিনী মোহন দলে আৰু অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গণেশ কুটুমৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কথা উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে ঘোষণা কৰে মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য বীজু পেগু, কাৰ্য্যবাহী সদস্যা ৰেখা কুটুম, MMKৰ কেন্দ্ৰীয় সদস্যদ্বয় ভৰত দলে, মনজিৎ পাটগিৰি, TMPKৰ প্ৰচাৰ সম্পাদক দ্বিগবিজয় দলে, TMPKৰ সাংগঠনিক সম্পাদক দিনেশ পাটগিৰি, শোণিতপুৰ জিলাৰ সভাপতি লালবাহাদুৰ মিলি, TMPK শোনিতপুৰ জিলাৰ সভাপতি জিতেন কুটুম, TMPK ৰ সম্পাদক ভাইটি দলে, TMMK শোণিতপুৰ জিলাৰ সম্পাদিকা মঞ্জু দলে, TMMKৰ সহ-সম্পাদিকা দিপামনি পেগু, গহপুৰ মিচিং কৗবাঙৰ সভাপতি ৰবি কুম্বাং, সম্পাদক নিদুল পাটগিৰি, MAK গহপুৰ বাংকেৰ সম্পাদক দুলাল পেগু, গহপুৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ TMPK ছাত্ৰ গোট, বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, গাম, গণশক্তি, GMK, MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, খণ্ড, আৰু আঞ্চলিকৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
■ ২৭/০৮/২০২৫
মুখ্যমন্ত্ৰীৰ বিশেষ সাহাৰ্য্য পুঁজিৰে নিৰ্মাণ কৰিবলগীয়া মিচিং স্বায়ত্বশাসিত পৰিষদৰ ২০ নং অবনৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উজনি সোৱণশিৰি মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, লামুচুক সৰিয়নী এম.ভি বিদ্যালয়, বগুম প্ৰাথমিক বিদ্যালয়, বৰ্ষামুখ বাঘমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা নিৰ্মাণ / আন্তঃগাথঁনি উন্নীতকৰণ আৰু পৰিষদৰ পুঁজিৰে নিৰ্মাণ হ’বলগীয়া ৰৗঙাম সোৱণশিৰি মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।
অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন কাৰ্য্যবাহী সদস্যা তথা মৰনৈ-সোৱনশিৰি জিলা পৰিষদ সদস্যা ইন্দিৰা চিন্তে কুম্বাং, বিদ্যালয় সমূহৰ শিক্ষক বৃন্দ, পৰিচালনা সমিতিৰ বিষয়ববীয়া, স্থানীয় পঞ্চায়ত প্ৰতিনিধি, গণশক্তি, মিচিং জাতীয় সংগঠন MBK, MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, খণ্ড, আঞ্চলিক আৰু অন্যান্য সংগঠনৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলৰ লগতে স্থানীয় ৰাইজ।
■ ১/০৯/২০২৫
গড়মূৰ সৰু সত্ৰ কৃষ্টি সংঘত MMK, TMMK, TMPK মাজুলী জিলা সমিতিৰ উদ্যোগত যৌথ সাংগঠনিক কৰ্মী সভা।
উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংগঠনিক কৰ্মী তথা প্ৰতিনিধি সকলক উদ্দেশ্যি ৰাজনৈতিক, সামাজিক আৰু সাংগঠনিক দিশত বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তথা মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াৰ।
উপস্থিত থাকে পৰিষদৰ কাৰ্যবাহী সদস্যদ্বয় পুৰুষোত্তম দলে, উমা পাথৰি, সাধাৰণ সদস্যত্ৰয় নিলকান্ত দলে, ত্ৰৈলোক্য পামেগাম, মুকুল পেগু, MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ বিষয়ববীয়া।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com
লগতে Facebook Page –
https://www.facebook.com/share/1CPt4foZn4/
YouTube Channel –
https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

