উক্ত অনুষ্ঠানত উপস্থিত থাকে ১৪ নং জীয়াঢল পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য বাণীকান্ত দলে, জ্যেষ্ঠ বৃদ্ধ-বৃদ্ধা আৰু সমাজকৰ্মী, গণশক্তি, মিচিং আৰু অন্যান্য জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
■ ২৩/০৮/২০২৫
২৩ নং লোহিত পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কুলামুৱা জনজাতি মধ্য ইংৰাজী বিদ্যালয় আৰু পাঠৰিচুকৰ নামনি সোৱণশিৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱনিৰ্মিত শ্ৰেণীকোঠা শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
লগতে সমষ্টিটোত নিৰ্মিয়মান অবস্থাত থকা কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।
উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলে, কাৰ্য্যবাহী সদস্য উমা পাথৰি, সাধাৰণ সদস্যদ্বয় মুকুল পেগু, নিলকান্ত দলে, জিলা পৰিষদ সদস্য চাপ্পল দলে, গণশক্তি, MBK, MMK, TMMK, TMPKৰ জিলা, খণ্ড, আঞ্চলিকৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।
সমল ব্যক্তি হিচাবে উপস্থিত থাকে ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ লোক দৈমাৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ উপেন ৰাভা হাকাচাম, গোঁসাইগাওঁ কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ কুমুদ ৰঞ্জন বসুমতাৰী, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰাক্তন যুটীয়া সচিব কৃষ্ণৰাম মিলি, প্ৰাক্তন অসম বিত্তীয় সেৱা বিষয়া বিলাস চন্দ্ৰ দলে, বিজনী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক গৱগণ বাৰ্মা কছাৰী।
■ ১৯/০৮/২০২৫
গুৱাহাটী NEDFI House ত মিচিং ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবাঙৰ কাৰ্যনিৰ্বাহক সভা আৰু একবিংশ শতিকাৰ দক্ষতা বিষয়ক কৰ্মশালা।
উক্ত কৰ্মশালাত মুখ্য অতিথি তথা সমল ব্যক্তি হিচাবে উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু।
বিশিষ্ট সমল ব্যক্তি হিচাপে উপস্থিত থাকে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, বিধায়ক ভূৱন পেগু, কাৰ্য্যবাহী সদস্য জহান দলে।
উল্লেখ্য যে, উক্ত সভাত অহা অক্টোৱৰ মাহৰ শেষৰ সপ্তাহত গোগামুখত 3rd Mising Sports Carnival 2025 আৰু নৱেম্বৰ মাহত Literature Festival অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।
■ ২৫/০৮/২০২৫
ধেমাজিৰ DRDA কার্যালয়ত জিলা উন্নয়ন সভা অনুষ্ঠিত কৰে।
সভাত সভাপতিত্ব কৰে সাংসদ প্ৰদান বৰুৱাই।
উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, জ’নাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, দেউৰী, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী, কাৰ্য্যবাহী আৰু সাধাৰণ সদস্য সকল, বিজেপি, গণশক্তি, অগপ, স্থানীয় সংগঠন সমূহৰ বিষয়ববীয়া।