Mising Sports Carnival

মিচিং স্পৰ্টচ কাৰ্নিভেল সফল সামৰণি।

Spread the love

মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাৰে টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা “মিচিং স্পৰ্টচ কাৰ্নিভেল” সফলতাৰে সামৰণি পৰিল।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতৰ পেছাদাৰী ফুটবলাৰ দুৰ্গা বড়ো।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, পৰিষদৰ সন্মানীয় সমূহ কাৰ্য্যবাহী-সাধাৰণ সদস্য/সদস্যা।

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উপ-সঞ্চালক সম্ভু যাদৱ, ‌ডিব্ৰুগড় বিশ্ববিদ্যালয় শাৰীৰিক শিক্ষা অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক ডাঃ মণ্টু বড়ো, উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ বিভিন্ন ছাত্ৰ সংগঠনৰ প্ৰতিনিধিবৰ্গ।

উপস্থিত থাকে Sony tvৰ Super Dancer Chapter 5ত বিজয়ী অসম কন্যা আধ্যাশ্ৰী উপাধ্যায় আৰু Top 12 প্ৰতিযোগী অসম সন্তান টকজিৰ দলে, অসমৰ বিভিন্ন জিলাৰ গণ্য-মান্য ব্যক্তি, মিচিং জাতীয় সংগঠন MBK, MAK, MMK, MDK, TMMK, TMPK, গণশক্তি মিত্ৰজোঁটৰ লগতে অন্যান্য সংগঠনৰ বিষয়ববীয়া আৰু অৰ্ধ লক্ষাধিক স্থানীয় ৰাইজ।

তৃতীয় সংখ্যক মিচিং স্পৰ্টচ কাৰ্নিভেলত “নিয়মানুৱৰ্তিতা পালন কৰা উত্তম জিলা” হিচাপে নিৰ্বাচিত হৈ ২০২৫ বৰ্ষৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ধেমাজি সাংগঠনিক জিলাই।

আনহাতে দ্বিতীয় সন্মান লাভ কৰে চিলাপথাৰ সাংগঠনিক জিলাই।

 

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page –
https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel –
https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *