ভাতৃ-ভগ্নীৰ প্ৰেম আৰু বিশ্বাসৰ প্ৰতিক “ৰাখীবন্ধন” কেনেকৈ প্ৰচলিত হ’ল।
আজি পবিত্ৰ ৰাখী বন্ধন।
ভাতৃ-ভগ্নীৰ সম্পৰ্কক অন্য মাত্ৰা দিয়াৰ এক উৎসৱ।
প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমাৰ তিথিত এই উৎসৱ পালন কৰা হয়।
সেই ৰাখীডালৰ বান্ধোনতে বান্ধ খাই থাকে ভাতৃ আৰু ভগ্নীৰ মাজৰ মৰম-চেনেহ, আত্মীয়তা, একতা, শ্ৰদ্ধা, দায়িত্ববোধ আৰু ৰক্ষণশীলতা।
সেইবাবে কোৱা হয় ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয় ৰাখীবন্ধন মানে হৈছে ভাতৃ আৰু ভগ্নী মাজৰ এক মৰমৰ বান্ধোন।
“ৰাখীবন্ধন” সংস্কৃত শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে “সুৰক্ষা নিশ্চিতকৰণৰ বাবে বান্ধোন”।
সেয়েহে ৰাখীবন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয়।
বৰ্তমান কোনেও নাজানে এই ৰাখী বন্ধন উৎসৱটি কেতিয়াৰ পৰা আৰম্ভ হ’ল।
জানো আহক :-
পুৰণি এটা আখ্যান মতে, দানৱ আৰু দেৱতাৰ যুদ্ধত যেতিয়া দেৱতা সকল দুৰ্বলৰ দৰে অনুভৱ হ’ল তেতিয়া দেৱতাৰ ৰজা ইন্দ্ৰ দেৱ বৃহস্পতিৰ কাষ চাপিল।
বৃহস্পতিৰ আগত কোৱা সকলো কথা ইন্দ্ৰৰ পত্নীয়ে শুনি আছিল আৰু তাই এডাল ৰেচম সূতাত কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিলে।
সেইদিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল আৰু কিছু মানুহৰ বিশ্বাস যে তেতিয়াৰ পৰাই ৰাখী বন্ধন উৎসৱটি প্ৰচলিত হৈ আহিছে।
মহাভাৰতৰ মতে, পাণ্ডৱ-কৌৰৱৰ গৃহকণ্ডলৰ সময়ত দুষ্টৰাষ্ট্ৰৰ ৰাজসভাত সুদৰ্শন চক্ৰ ধাৰণ কৰাৰ মূহুৰ্তত শ্ৰীকৃষ্ণই আঙুলীত আঘাত প্ৰাপ্ত হোৱাত পাণ্ডৱৰ পত্নী দ্ৰৌপদীয়ে তেওঁৰ শাৰীৰ আঁচলখন ফালি আঘাত প্ৰাপ্ত ঠাই ডোখৰত বান্ধি দিছিল।
কিছু লোকৰ মতে এইদৰেই ৰাখীবন্ধন প্ৰচলন হ’ল।
বৰ্তমান সমাজখন হত্যা, হিংসা, বিভেদেৰে পৰিপূৰ্ণ হৈ আছে, এনেবোৰ উৎসৱৰ আগমনে আমাৰ মাজত ভাতৃত্ব আৰু ভগ্নীসুলভ প্ৰীতিৰে সমাজখনলৈ এক ইতিবাচক পৰিবৰ্তন কঢ়িযাই আনক, আশাৰ ৰেঙনি কঢ়িয়াই আনক।
পৃথিৱীৰ প্ৰতিগৰাকী ভাতৃ-ভগ্নী সুস্থ আৰু ভালে থাকে তাৰে কামনাৰে শুভ ৰাখী বন্ধন।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24