ৰাজ্যত চলিছে অ ঘোষিত ধৰ্ষণৰ প্ৰতিযোগিতা
Assam, July 26
ৰাজ্যত যেন ধৰ্ষণৰ প্ৰতিযোগিতা চলিছে!
এটাৰ পিছত এটা ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে ৰাজ্য।
ৰাজ্যত পুনৰ সংঘটিত হৈছে শিশু ধৰ্ষণ কাণ্ড।
নামঘৰীয়াৰ পাছত এইবাৰ মছজিদৰ ইমামৰ কামনাৰ বলি হ’ল এগৰাকী ৬ বছৰীয়া কিশোৰী।
হোজাই জিলাৰ উদালিত মছজিদৰ ইমামৰ কামনাৰ বলি হ’ল ৬ বছৰীয়া কণমানি।
পূব উদালিস্থিত মছজিদৰ ইমাম আব্দুল ছামাদে কণমানিজনীক মছজিদ পৰিষ্কাৰ কৰিবলৈ মাতি নি কোনো নথকাৰ সুযোগ লৈ বলৎকাৰ কৰে।
কিছুদিন পূৰ্বে একেধৰণৰ ঘটনা সংঘটিত হৈছিল লখিমপুৰত।
এগৰাকী ৭০ বছৰ বয়সীয়া বৃদ্ধই নামঘৰৰ ভিতৰতে ধৰ্ষণ কৰিছিল এজনী ১১ বছৰীয়া কিশোৰীক।
কোষেশ্বৰ দত্ত নামৰ নামঘৰীয়াই সন্ধিয়া ফুচুলাই নি নামঘৰৰ ভিতৰতে বলপূৰ্বক ধৰ্ষণ কৰে।
একেদৰে ডিফুতো অনুৰূপ বলৎকাৰৰ ঘটনা পোহৰলৈ আহিছে।
ৱেলচন তিছ নামৰ এজন মন্দিৰৰ পূজাৰীয়ে ধৰ্ষণ কৰিলে ১৫ বছৰীয়া নাবালিকাক।
ধৰ্ষণ কৰি নিজ ঘৰতেই আৱদ্ধ কৰি ৰাখিছিল পাষণ্ড ৱেলচনে।
নাবালিকা জনীয়ে সুযোগ বুজি পলায়ন কৰাত ঘটনা পোহৰলৈ আহে।
এতিয়া প্ৰশ্ন হয়,
এয়া কি হবলৈ ধৰিছে মানৱ সমাজত?
কোন দিশে গতি কৰিছে মানৱীয় প্ৰমূল্যবোধ?
জীৱশ্ৰেষ্ঠ উপাধিৰে মহীয়ান মানৱ জাতিৰ মতিভ্ৰম ঘটিল নেকি?
যে, পশুতকৈ’ও নিকৃষ্ট আচৰণ কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে?
মানুহৰ সমাজত আজি মানবতা হেৰুৱাই গৈছে, একাংশ মানুহ যেন আজি মানুহ হৈ থকা নাই, হিংস্ৰ জন্তু’ লৈ পৰিনত হৈছে।
মানৱৰূপী কিছুমান দানৱৰ কাৰণে সমগ্ৰ মানৱ জাতিটোয়েই আজি লজ্জিত, অপমানিত।
মনুষ্য জাতিৰ গুণ-গৰিমা তথা মান-স্বাভিমান ভূলুন্ঠিত কৰা পাপিষ্ঠসকলৰ পাশৱিকতাৰ পৰা সম্প্ৰতি সাৰি যাব পৰা নাই কোনেওঁ।
একাংশ ধৰ্মৰ ধ্বজাবাহকৰ হাততো নিৰাপদ নহয় নাৰী সমাজ। এনে ধৰ্মৰ ধ্বজাবাহকক ধিক্কাৰ, গৰিহণা।
যিটো সময়ত ধৰ্মীয় পণ্ডিতসকলে সমাজৰ সংস্কাৰ সাধন কৰিব লাগিছিল, নৈতিকতা, মূল্যবোধৰ শিক্ষা দিব লাগিছিল, আধ্যাত্মিকতাৰ ৰসাল জ্ঞান বিলাই সমাজত এক যোগাত্মক বাৰ্তা বিলাব লাগিছিল কিন্তু আজি সিহঁতেই অতিমাত্ৰা অধৰ্মী হৈ পৰা দেখা গৈছে।
সমাজৰ দিক-নিদৰ্শণ তথা আদৰ্শ হোৱাৰ বিপৰীত ধৰ্মৰ চকিদাৰ সকলেই আজি কু-কৰ্মত নিমজ্জিত।
সম্প্ৰতি টিভি, পেপাৰ চাব নোৱাৰা অৱস্থা হৈছে।
ইলেক্ট্ৰনিক মাধ্যম, প্ৰিণ্ট মেডিয়া, ছচিয়েল নেটৱৰ্কিং চাইট সকলোতে কেৱল ধৰ্ষণ, ধৰ্ষণ আৰু ধৰ্ষণৰ বাতৰি।
ৰাজ্যৰ চৌদিশে কেৱল ধৰ্ষণ আৰু ধৰ্ষণ।
কিছুমান পাষণ্ডৰ কাৰণে যেন নাৰী হৈ পৰিছে ভোগৰ সামগ্ৰী।
শিশুৰ পৰা বৃদ্ধা লৈ কোনেও সাৰি যাব পৰা নাই এচাম দুঠেঙীয়া মানৱৰূপী অসুৰৰ বৰ্ব্বৰ, জঘণ্য আৰু অমানৱীয় নিৰ্যাতনৰ পৰা।
ইহঁতৰ দৰে কাল পিশাচৰ জীয়াই থকাৰ অধিকাৰ আছে জানোঁ?
এইসকল কাপুৰুষৰ দৰে ব্যক্তি জীয়াই থাকিলে ভৱিষ্যতেও ধৰাৰ বুকুত ইয়াতকৈ ডাঙৰ ডাঙৰ অপৰাধ যে নকৰিব তাৰ কোনো নিশ্চয়তা নাই।
সেয়ে এই শ্ৰেণীৰ নৰাধম সকলৰ বাবে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে, আইন সংশোধন কৰি হলেওঁ ইহঁতৰ দৰে সমাজৰ আৱৰ্জনক নাইকিয়া কৰি দিব লাগে, এয়া সাম্প্ৰতিক সময়ৰ আহ্বান।
By : জুলহাছ আলী আহমেদৰ প্রতিবেদন R News India 24