Assam, August 1 :
লাইলাপুৰ কাণ্ডকলৈ অসমে মিজোৰামৰ আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছতে মিজোৰামেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।
অসম-মিজোৰাম সীমান্তত অসমে হিংসাত্মক কাৰ্য সংঘটিত কৰাৰ অভিযোগত মিজোৰাম আৰক্ষীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে ফৌজদাৰী গোচৰ।
মুখ্যমন্ত্ৰীৰ লগতে অসমৰ ৪ গৰাকী শীৰ্ষ আৰক্ষী বিষয়া আৰু ২ গৰাকী প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধেও অনুৰূপ গোচৰ ৰুজু কৰিছে মিজো আৰক্ষীয়ে।
মিজোৰাম আৰক্ষীৰ মহাপৰিদৰ্শক জন এনে প্ৰকাশ কৰা মতে হত্যাৰ চেষ্টা আৰু অন্য অপৰাধমূলক ধাৰাত ৰুজু কৰিছে গোচৰ।
জানিব পৰা মতে, সোমবাৰে নিশাই অসমৰ বিৰুদ্ধে ভেইৰেংটে থানাত প্ৰাৰম্ভিক ৰিপোৰ্ট দাখিল কৰা হৈছিল।
এই গোচৰত আন ২০০ গৰাকী অন্য লোকৰ বিৰুদ্ধেও অভিযোগ অনা হৈছে বুলিও প্ৰকাশ কৰে মিজোৰাম আৰক্ষীয়ে।
উল্লেখ্য যে, ২৬ জুলাই সোমবাৰে মিজোৰামৰ ফালৰ পৰা হোৱা ধাৰাষাৰ গুলীবৰ্ষণৰ ফলত অসমৰ ৬ জোৱান আৰু এগৰাকী সাধাৰণ নাগৰিকে মৃত্যুবৰণ কৰিছিল আৰু ৪২ জন জোৱান সহ কেইবাজনো সাধাৰণ নাগৰিক আহত হৈছিল।
এই ঘটনাৰ পিছতে অসমে মিজোৰামৰ কোলাছিব জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত আৰু আন ৬গৰাকী বিষয়াক ২ আগষ্টৰ ভিতৰত অসমৰ ধলাই থানাত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছিল।
২৮ জুলাইতে অসমে জাৰি কৰিছিল এই চমন।
ইয়াৰ পিছতে মিজোৰামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।
জুলহাছ আলী আহমেদৰ প্রতিবেদন R News India 24