অৰ্থনীতিবিদ, দাৰ্শনিক, অৰ্থনীতিৰ জনক, পুজিবাদৰ জনক, অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ, ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা “এডাম স্মিথ” ।

Spread the love

এডাম স্মিথঃ এগৰাকী স্কটিছ অৰ্থনীতিবিদ, দাৰ্শনিক, অৰ্থনীতিৰ জনক, পুজিবাদৰ জনক, অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ, ৰাজনৈতিক অৰ্থনীতিৰ গুৰিধৰোঁতা আৰু নৱজাগৰনৰ এগৰাকী মুখ্য ব্যক্তি আছিল।

তেখেতৰ জন্ম হৈছিল ১৭২৩ চনৰ ১৬ জুনত ক্ৰিকক্লেডি, ফিফে ৰাজ্যৰ স্কটলেণ্ড ত।
স্মিথে গ্লাছগ’ বিশ্ববিদ্যালয় সামাজিক দৰ্শন অধ্যয়ন কৰিছিল।

তেওঁ স্কটলেণ্ডৰেই জন স্নেলৰ ছাত্ৰবৃত্তিৰে বালিয়’ল মহাবিদ্যালয়, অক্সফ’ৰ্ড তো অধ্যয়ন কৰিবলৈ গৈছিল।

তাৰ পাছত তেওঁ এলানি সফল সৰ্বজনীন বক্তৃতা আগবঢ়ালে এডিন’বাৰ্গ বিশ্ববিদ্যালয় ত।
তেওঁ ডেভিড হ্যুমৰ সৈতে কাম কৰিছিল।

স্মিথে গ্লাছগ’ত অধ্যাপকৰ দায়িত্ব লাভ কৰিছিল।
সেই কালতেই তেওঁ নিজৰ গ্ৰন্থ ‘এ থিয়’ৰি অৱ মৰেল চেণ্টিমেণ্টছ‘ লিখি উলিয়াইছিল।

পাছলৈ তেওঁ ব্যক্তিগত শিক্ষকৰ ভূমিকা গ্ৰহণ কৰিছিল যিয়ে তেওঁক সমগ্ৰ ইউৰোপ ভ্ৰমি বৌদ্ধিক অগ্ৰণীসকলক লগ কৰাৰ সুযোগ প্ৰদান কৰিলে।

স্মিথে শাস্ত্ৰীয় মুক্ত বজাৰ অৰ্থনৈতিক সূত্ৰৰ ভেঁটি তৈয়াৰ কৰিছিল।

দ্য ৱে’ল্থ অৱ নেশ্বন্স‘ গ্ৰন্থখন আধুনিক অৰ্থনীতিঅগ্ৰদূত

এই গ্ৰন্থত আৰু অন্যান্য কৰ্মত তেওঁ শ্ৰমৰ বিভাজনৰ ধাৰণা আগবঢ়াইছিল।

তেওঁ দেখুৱাইছিল কেনেকৈ বিবেকশীল স্বাৰ্থপৰতা আৰু প্ৰতিযোগিতাই অৰ্থনৈতিক সমৃদ্ধি আনিব পাৰে।

স্মিথ নিজৰ সময়ত বিতৰ্কিত আছিল আৰু হোৰচ ৱালপ’ল ৰ দৰে লেখকে তেওঁৰ লিখনশৈলীৰ ব্যংগ তৈয়াৰ কৰিছিল।

স্মিথৰ দুখন মূল গ্ৰন্থ হ’ল -১৭৯৫ চনত প্ৰকাশিত “দ্য থিয়’ৰি অৱ মৰেল চেণ্টিমেণ্ট্‌ছ” আৰু ১৭৭৬ চনত প্ৰকশিত “এন এনকুৱাইৰি ইণ্টু দ্য নেচাৰ এণ্ড কজেচ অৱ দ্য ৱে’ল্থ অৱ নেশ্বন্স“।

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

দ্য ৱে’ল্‌থ অৱ নেচন্স‘ গ্ৰন্থই তেওঁৰ আটাইতকৈ প্ৰভাৱ বিস্তাৰ কৰা গ্ৰন্থ।

এই গ্ৰন্থ আধুনিক অৰ্থনীতিৰ প্ৰথম গ্ৰন্থ বুলি কোৱা হয়।
এই গ্ৰন্থত স্মিথে পূৰ্ণ উপকাৰিতাৰ ধাৰণা আগাঢ়াইছিল।

১৭৯০ চনৰ ১৭ জুলাই তাৰিখে ৬৭ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।

তেওঁ মৃত্যু বাৰ্ষিকীত Rnewsindia24 পৰিয়ালে গভীৰ শ্ৰদ্ধাৰে সুৱৰিছোঁ।

মিচিং স্বায়ত্ত শাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন। 

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24  .

Leave a Reply

Your email address will not be published. Required fields are marked *