কৃষ্ণকান্ত সন্দিকৈঃ
ভাষাতত্ত্ববিদ, সংস্কৃত পণ্ডিত, শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া উপাৰ্চায, অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি, অসম ছাত্ৰ সন্মিলনৰ সভাপতি, জগনাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ, প্ৰসন্ন কুমাৰ সৰ্বাধিকাৰী স্বৰ্ন পদক, পদ্মশ্ৰী, দানবীৰ, পদ্মভূষন, ডি লিট উপাধি, সদস্য মহীয়ান, সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত আছিল।
তেখেতৰ জন্ম হৈছিল ১৮৯৮ চনৰ ২০ জুলাইত যোৰহাটত।
তেখেতৰ পিতৃ নাম ৰায় বাহাদুৰ ৰাধাকান্ত সন্দিকৈ আৰু মাতৃ নাম নাৰায়ণী সন্দিকৈ।
অসমৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠানৰ উন্নতিৰ হকে মুক্তহস্তে দান-বৰঙনি আগবঢ়োৱাৰ হেতুকে জনসাধাৰণে কৃতজ্ঞতাৰ চিনস্বৰূপে ৰাধাকান্ত সন্দিকৈক “দানবীৰ” উপাধিৰে বিভূষিত কৰিছিল।
কৃষ্ণকান্ত সন্দিকৈয়ে প্ৰাথমিক শিক্ষা নিজা গৃহতে গ্ৰহণ কৰিছিল।
তাৰ পিছত দেউতাকে যোৰহাটৰ চৰকাৰী হাইস্কুলত নাম লগাই দিয়ে।
ইংৰাজী ১৯১৩ চনত পোন্ধৰ বছৰ বয়সত কৃষ্ণকান্তই যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়।
সন্দিকৈয়ে কটন মহাবিদ্যালয়ৰ ১৯১৫ চনত আই এ পৰীক্ষাতো সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কলিকতা বিশ্ববিদ্যালয় ত উচ্চ শিক্ষাৰ বাবে নাম ভৰ্তি কৰে।
কলিকতা বিশ্ববিদ্যালয় ৰ পৰা ১৯১৭ চনত তেওঁ সংস্কৃতত প্ৰথম শ্ৰেণীৰ অনাৰ্চসহ বি এ পাছ কৰে আৰু “প্ৰসন্ন কুমাৰ সৰ্বাধিকাৰী স্বৰ্ণ পদক’’ লাভ কৰে৷
তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ৷
১৯১৯ চনত সংস্কৃতৰ ‘বেদ শাখা‘ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতকোত্তৰ সন্মান লাভ কৰে।
সন্দিকৈয়ে ১৯২০ চনত অক্সফৰ্ড বিশ্ববিদ্যালয় ৰ পৰা আধুনিক বুৰঞ্জীত স্নাতকোত্তৰ সন্মান লাভ কৰাৰ উপৰিও পেৰিছ আৰু বাৰ্লিন বিশ্ববিদ্যালয় ৰ অধীনত জাৰ্মান, ফৰাচী, ৰুছ , গ্ৰীক, লেটিন, ইটালিয়ান, স্পেনিছ আদি কেইবাটাও ভাষা শিকি আয়ত্ত কৰিবলৈ সমৰ্থ হৈছিল।
তেওঁ মুঠ ১৩টা ভাষা আয়ত্ত কৰিছিল, তাৰে ৮টা ইউৰোপীয়ান ভাষা আৰু ৫টা ভাৰতীয় ভাষা।
১৯২৩ চনৰপৰা ১৯২৭ চনলৈকে তেখেতে ইউৰোপৰ নানা ভাষা-সাহিত্য অধ্যয়ন কৰে।
তেওঁ নগাঁৱৰ ইউ এন বুঢ়াগোহাইৰ জেষ্ঠ কন্যা হেমলতা আইদেউক বিয়া কৰাই।
তেওঁলোকৰ এটি ল’ৰা আৰু দুজনী ছোৱালী আছিল৷
ব্যক্তিগত জীৱনত তেওঁ সদায় সময়ানুৱৰ্তী আছিল৷
সময়ক তেওঁ অমূল্য ধন হিচাপে জুখি জুখি খৰচ কৰিছিল৷
কেতিয়াবা সময় অবাবতে যাব পাৰে বুলি তেখেতে নিজৰ ঘড়ীটোৰ কাঁটা দুঘণ্টা আগবঢ়াই ৰাখিছিল৷
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।
অতি সাধাৰণ অনাড়ম্বৰ জীৱন কটোৱা সন্দিকৈয়ে সামৰ্থ্য থকা স্বত্বেও তেওঁ নিজৰ সন্তানক আন বিখ্যাত শিক্ষানুষ্ঠানলৈ নপঠিয়াই নিজে শিক্ষকতা কৰা জগন্নাথ বৰুৱা কলেজতে পঢ়ুৱাইছিল৷
কৃষ্ণকান্ত সন্দিকৈয়ে নিজে জগন্নাথ বৰুৱা মহাবিদ্যালয় স্থাপন কৰি ১৯৩০ চনত সেই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰূপে দায়িত্ব ভাৰ গ্ৰহণ কৰি কৰ্ম জীৱনৰ পাতনি মেলে।
১৯৩০ ৰ পৰা ১৯৪৮ চনলৈ তেখেতে অবৈতনিক ভাবে নিয়োজিত হৈ আছিল।
“হেমলতা সন্দিকৈ মেমৰিয়েল ইনষ্টিটিউট” সেই সময়তেই প্ৰতিষ্ঠা কৰিছিল।
সম্পূৰ্ণ ১৮ বছৰ অধ্যক্ষৰ পদত কাৰ্যনিবাহ কৰাৰ পাছত সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয় ৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে ১৯৪৮ চনত নিযুক্তি লাভ কৰে।
তেখেত গুৱাহাটী বিশ্ববিদ্যালয় ৰ ৯ বছৰৰ বাবে উপাচাৰ্যৰ আসনত আছিল।
১৯৩৭ চনত মাত্ৰ ৩৯ বছৰ বয়সত অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশন ত সন্দিকৈয়ে সভাপতিত্ব কৰিছিল।
তেখেত ১৯৫১ চনত লক্ষ্ণৌত অনুষ্ঠিত নিখিল ভাৰত প্ৰাচ্য সন্মিলন ৰ প্ৰাচীন সংস্কৃত শাখাৰ সভাপতি আছিল।
১৯৯২ চনত মাদ্ৰাজত অনুষ্ঠিত উপাচাৰ্য সন্মিলন আৰু ৱাল্টাৰত অনুষ্ঠিত বিশ্ববিদ্যালয় সন্মিলনৰো সভাপতি হৈছিল।
তেখেতে ১৯৬৭ চনত নিজৰ ব্যক্তিগত পুথিভঁৰালটো গুৱাহাটী বিশ্ববিদ্যলয় ক দান দিয়ে য’ত ১০ হেজাৰ অমূ্ল্য গ্ৰন্থ আছিল।
১৯৩৭ চনত গুৱাহাটীত অসম সাহিত্য সভা ৰ সপ্তদশ অধিবেশনত সভাপতিত্ব কৰিবলৈ কৃষ্ণকান্ত সন্দিকৈক নিৰ্বাচিত কৰা হয়।
১৯৪৯ চনত মাদ্ৰাছত উপাচাৰ্য সন্মিলন আৰু ওৱালটায়াৰত আন্তঃবিশ্ববিদ্যালয় সমিতিৰ বছৰেকীয়া অধিবেশন অনুষ্ঠিত হয়।
সন্দিকৈয়ে এই দুয়োখন অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰে।
১৯২১ চনত অসম ছাত্ৰ সন্মিলনৰ অধিবেশনটো সন্দিকৈদেৱে সভাপতিত্ব কৰিছিল।
সন্দিকৈক ভাৰত চৰকাৰে ১৯৫৫ চনত পদ্মশ্ৰী আৰু ১৯৬৭ চনত পদ্মভূষণ সন্মানেৰে বিভূষিত কৰে।
গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক ডি লিট সন্মান যাচিছিল।
১৯৭৮ চনত অসম সাহিত্য সভা ই ‘সদস্য মহীয়ান‘ সন্মানেৰে বিভূষিত কৰে।
মৰণোত্তৰভাৱে ১৯৮৫ চনত ‘সাহিত্য অকাডেমি বঁটা‘ লাভ কৰিছিল।
তেওঁ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদান বোৰ হৈছে।
গ্ৰন্থ সংকলনঃ
শ্ৰীহৰ্ষৰ ‘নৈষধ চৰিত’ৰ,
যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ, সেতু বন্ধ, কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ।
প্ৰবন্ধ সংকলনঃ
প্ৰাচীন বেবিলনৰ বেদ, ভাৰতীয় চিন্তা, সাংখ্য দৰ্শন,
গ্ৰীক ভাষা, গ্ৰীক নাটকৰ গান, অনুবাদৰ কথা,
ৰুছ অভিনয়, সৰস্বতীৰ বৰ,
মোগল ৰাজকণ্যাৰ কবিত্ব প্ৰতিভা, ইউৰোপৰ ভাষা আৰু সাহিত্য, জাপানীৰ বীৰ নোগী,
স্পেনীয় সাহিত্যত ৰোমিঅ জুলিয়েট, জাৰ্মান সাহিত্যৰ সপোন নাটক,আত্মবিচাৰ
অমৰ প্ৰকাশ,জাৰ্মানীৰ জ্ঞান সাধনা, সাগৰৰ মাজৰ দুৰ্গ,
প্ৰাচীন মিচৰৰ উপাখ্যান
চক্ৰেটিছৰ মতে কবিৰ প্ৰকৃতি।
১৯৮২ চনৰ ৭ জুন তাৰিখে ৮৪ বছৰ বয়সত ডিব্ৰুগড়ত কৃষ্ণকান্ত সন্দিকৈৰ মৃত্যু হয়।
সন্দিকৈৰ জীৱনত প্ৰভাৱিত কৰা এটি বাক্য হ’ল, ইবচেনৰ নাটকৰ-
“Innocence is the source of all joy and happiness’’৷
মিচিং স্বায়ত্তশাসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।
তেখেতৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাৰে সুৱৰিছোঁ।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24 .