১০১ বিধ ঔষধিগুনযুক্ত এই কলডিল খাওঁক আৰু নিজকে সুস্থ সবল কৰি ৰাখক।
কলগছ আমাৰ জাতীয় জীৱনৰ অপৰিহাৰ্য্য অংগ বুলি কব পাৰি।
বিয়া, সবাহ, সকাম,পূজা, আদৰণি-তোৰণ, সভা-সমিতি আদি সকলো শুভ কামতে কলগছ ব্যৱহাৰ কৰো।
কলগছৰ প্ৰতিটো অংশই মানৱৰ হিতাৰ্থে ব্যৱহৃত হয়।
কলপাতত ভগবানলৈ বুলি নৈবদ্য আগবঢ়াওঁ, মাহ-প্ৰসাদ খাওঁ, ভোজ-ভাত খাওঁ, কলপাতত মেৰিয়াই জুইত দি কচুশাক-বিলাহীৰ-মাছৰ পিতিকা বনাওঁ, কলপাতত যি কোনো খোৱা বস্তুৰ ভাগ বিলাওঁ আৰু বহুত কিবাকিবি কৰোঁ।
কলগছৰ শিপা আৰু কলগছৰ গা, কলৰ বাকলিৰ খাৰ বনাওঁ।
বানপানীত কলগছৰ ভুঁৰত উঠি ইঠাই পৰা সিঠাইলৈ যাওঁ।
কলগছৰ শুকুৱা ছাল বাকলিৰে ৰচি, পঘা, বেগ, বস্ত্ৰ আদিও বনাব পাৰি৷
অসমৰ গ্ৰাম্যাঞ্চলৰ বিয়া আৰু সকামত আজিও কলৰ ডোঙাত আলহীক জলপানেৰে অপ্যায়ন কৰা হয়।
পকা কলৰ বাকলিৰে দাঁত মাজি মুখৰ দূৰ্গন্ধ আতৰাব পাৰি, দাঁত চিকচিকিয়াও কৰিব পাৰি ৷
কাচকলৰ পিতিকা আৰু ভাজি বহুতৰ প্ৰিয় খাদ্য৷
কলডিল আমাৰ সকলোৰে প্রিয়।
কলডিলৰ সোৱাদ সাধাৰণতে কেহা আৰু তিতা হয়, সকলো কলডিলৰ ভিতৰত ভীমকলৰ ডিলতেই কেঁহা ভাব নাথাকে আৰু এই কলডিল খাবলৈ সোৱাদযুক্ত।
ভীমকলৰ ডিল অতি সুস্বাদু।
আজিকালি বজাৰত ইয়াৰ দাম ক্ৰমে বৃদ্ধি পাবলৈ ধৰা দেখা যায়।
সাধাৰণতে বাৰিষাকালত কলডিল ভালেখিনি ৰসাল আৰু স্বাদযুক্ত হোৱা হেতুকে এই সময়ত ই খোৱাৰ বাবে বেছি উপযোগী হৈ পৰে।
কলডিল যথেষ্ট পুষ্টিকাৰক আৰু ঔষধি গুণসম্পন্নও।
কলডিল খাই নোপোৱা মানুহ খুব কমেই ওলাব।
জালুক, আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু মচলা লগত পৰিলে, সিজালে কলডিলৰ তিতা স্বাদ মুঠেই নোহোৱা হয়।
কোনোৱে মিহিকৈ কুটি শুকানকৈ ভাজি খাই ভাল পায়।
কোনোৱে দাইলৰ লগত মিহলাই জুলীয়া আঞ্জা পছন্দ কৰে।
কোনোৱে মাংসৰ লগত ভাজি খায়।
কিন্তু লাগতিয়াল কথাটো হ’ল, আপুনি যেনেকৈয়ে খালেও কলডিলৰ উপকাৰিতাখিনি পাবই।
কলডিলত থাকে প্ৰ’টিন, ফেট, কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, আইৰন, কপাৰ, ফছফৰাছ, ভিটামিন-ই, ভিটামিন-এ, ভিটামিন-চি, মিথানল আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্ট।
কলডিলত থকা ফ্লেভনইড হ’ল কেৱল গছ-গছনিত থকা উপকাৰী ৰাসায়নিক পদাৰ্থ, যাৰ উপস্থিতি হ’ল মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক অৰ্থাৎ ইমিউনিটী বঢ়োৱাত সহায় কৰে।
এতিয়া জানোঁ আহক কলডিলৰ কি কি ঔষধি গুন সমূহঃ
১/ কলডিলৰ আঞ্জা খালে মানুহৰ তেজ পৰিষ্কাৰ হয়।
২/ কলডিলৰ আঞ্জা মধুমেহ ৰোগীয়ে খালে তেজৰ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হয়।
৩/ ই লৌহ পদাৰ্থৰ ভাল উৎস হোৱাত গৰ্ভৱতী মহিলা আৰু ৰক্তাল্পতাত ভোগা লোকৰ বাবে অতি উত্তম পথ্য।
৪/ ইয়াৰ প্ৰচুৰ পৰিমাণে (আঁহ) থকাৰ হেতুকে কোষ্ঠ-কাঠিন্যত ভোগা লোকৰ বাবে বৰ উপকাৰী।
ভীমকলৰ ডিল নিম্ন ৰক্তচাপত ভোগা ৰোগীৰ বাবে মহৌষধ বুলি কোৱা হয়।
ইয়াৰ বিপৰীতে কিন্তু উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে ইয়াক অপথ্য বুলি কোৱা হয়।
৫/ পেটচলা অথবা গ্ৰহণীৰ সময়ত কলডিলৰ আঞ্জা খালে সুফল পোৱা যায়।
৬/ কলডিলৰ আঞ্জা কলাখাৰযুক্ত কৰি খালে এচিডিটী হ্ৰাস পায়।
৭/ কলডিলে শৰীৰৰ প্ৰজেষ্টৰন হৰমোনৰ লেভেল বঢ়ায়, যাৰ ফলত মাহেকীয়াৰ অতিস্ৰাৱ ৰোধ হয় ৷
৮/ কলডিলে মাতৃদুগ্ধৰ উৎপাদন বৃদ্ধি কৰা দেখা যায়।
৯/ জৰায়ুক কলডিলে সুৰক্ষা দিয়ে বুলি আয়ুৰ্বেদে কয় ৷
১০/ কলডিলত থকা ভিটামিন-ই আৰু ভিটামিন-চি হ’ল ছালৰ বাবে উপযোগী।
১১/ কলডিলত প্রচুৰ আয়ৰন থাকে যিয়ে ৰক্তত হিমোগ্লোবিন বৃদ্ধিৰ কাম কৰে।
আঁহকচোন ঘৰৰ কাষতে থকা বজাৰখন অথবা বাৰীতে থকা এই ঔষধিযুক্ত আৰু পুষ্টিকাৰক পাচলি বিধ সপ্তাহত এদিন কৈ জুতি লগাই খাওঁ।
R News India 24 ৰ বাতৰি নিয়মীয়াকৈ পঢ়ক আৰু নিয়মীয়াকৈ উপহাৰ লাভ কৰক। ধন্যবাদ।
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24