ভাষাতত্ববিদ, আগম মিগাং টাবু ৰাম টাইদ দেৱৰ জীৱন যাত্ৰা।

Spread the love

Assam August 1 :-

টাবু ৰাম টাইদঃ

অসমৰ এগৰাকী ভাষাতত্ববিদ, বিশিষ্ট লেখক, শিক্ষাবিদ, শিক্ষা প্ৰশাসক, ভাৰতীয় প্ৰশাসনীয় সেৱা আৰু ভাৰতীয় বনসেৱাত বাছনিভূক্ত অসমৰ প্ৰথম জনজাতীয় যুৱক, আনন্দৰাম বৰুৱা ভাষা,কলা,সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী সঞ্চালক, গুৱাহাটী বিশ্ববিদ্যালয়’ৰ শিক্ষায়তনিক পৰিষদৰ সদস্য, আগম মিগাং’ উপাধি আৰু অৱনৰি দগনৗ উপাধি প্ৰাপ্ত, বাসুদেৱ জালান বঁটা আৰু চ্যুকাফা বঁটা প্ৰাপ্ত, মিচিং আগম কেবাঙৰ জন্মদাতা আৰু প্ৰতিষ্ঠাপক সভাপতি, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ আছিল।

 

তেখেতৰ জন্ম হৈছিল ১৯৪২ চনৰ ১ আগষ্টৰ দিনা লখিমপুৰ জিলাৰ মিচিং সম্প্ৰদায়ৰ এখন সৰু গাঁও ঘূণাসুতি আয়েঙ্গিয়াত

তেওঁৰ পিতৃ আছিল উবাং টাইদ

তেখেতৰ পিতৃ এজন ক্ষুদ্ৰ খেতিয়ক।

টাবু টাইদ সপ্তম শ্ৰেণীত থাকোঁতেই তেখেতৰ পিতৃৰ মৃত্যু হৈছিল।

৫০ চনৰ ভূমিকম্প ৰ পাছত সঘনাই হোৱা বানপানী আৰু গৰাখহনীয়াই ঘূণাসুতিৰ অন্যান্য মানুহৰ দৰে তেখেত সকলৰ ঘৰখনৰো চূড়ান্ত আৰ্থিক বিপৰ্যয় ঘটাইছিল।

টাবু টাইদে ‘তামনচুক প্ৰাথমিক বিদ্যালয়‘ত প্ৰাথমিক শিক্ষা লোৱাৰ পাছত ১৯৫১-৫৭ চনলৈ ‘উত্তৰ লখিমপুৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়’ত শিক্ষা গ্ৰহণ কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

হাইস্কুলৰ শিক্ষা সাং কৰি টাবু টাইদ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায়।

আৰ্থিক সাহাৰ্যৰ বাবে তেখেতে কলকাতাৰ উপকণ্ঠীয় অঞ্চল নৰেন্দ্ৰপুৰ ত অৱস্থিত ৰামকৃষ্ণ মিচন আশ্ৰম ৰ ওচৰ চাপিছিল।

ছাত্ৰবৃত্তিৰ বাবদ পাবলগীয়া ধন সমৰ্পন কৰাৰ চৰ্তত ৰামকৃষ্ণ মিচনে তেখেতক সহায়ৰ হাত আগবঢ়ায়।

 

১৯৬৩ চনত তেখেতে কলকাতা বিদ্যালয়ৰ অধীনস্থ ৰামকৃষ্ণ মিচন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মান সহ স্নাতক ডিগ্ৰী লাভ কৰে।

তাৰপাছত এবছৰতকৈয়ো অধিক কাল শিক্ষকতা কৰি টকা-পইচা গোটাই ১৯৬৪ চনত দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু মহাবিদ্যালয়ত নাম ভৰ্তি কৰে।

১৯৬৬ চনত তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

স্নাতকোত্তৰ ডিগ্ৰী লৈ ১৯৬৭ চনত টাবু টাইদে গুৱাহাটীৰ কটন মহাবিদ্যালয়ত প্ৰবক্তাৰ চাকৰিত সোমায়

কটন মহাবিদ্যালয়ত চাকৰি কৰি থকা অৱস্থাতে তেখেতে বিদেশত শিক্ষা গ্ৰহণৰ বাবে এটা জলপানী লাভ কৰে।

ইয়াৰে সুবিধা লৈ তেখেতে বৃটেইনৰ ‘ইউনিভাৰচিটি অৱ ৰিডিঙ’ৰ পৰা প্ৰায়োগিক ভাষাতত্ত্বত পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা লয়

তেখেতে ব্ৰিটিছ কাউঞ্চিল ফেলোশ্বিপ কাৰ্যসূচীৰ অধীনত ১৯৮২ চনত ‘ইউনিভাৰচিটি অৱ লণ্ডন ইন্সিটিউট অৱ এডুকেচন’ৰ পৰা দূৰৱৰ্তী শিক্ষা বিষয়ক এক চাৰ্টিফিকেট পাঠ্যক্ৰম গ্ৰহণ কৰে।

১৯৭০ চনত টাবু টাইদ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় প্ৰশাসনীয় সেৱা আৰু ভাৰতীয় বনসেৱাৰ বাবে বাছনিভূক্ত হয়।

এনে পৰ্যায়ৰ সেৱাৰ বাবে বাছনিভূক্ত হোৱা তেখেতেই আছিল অসমৰ প্ৰথম জনজাতীয় ব্যক্তি

কিন্তু স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি তেখেতে সেই পদবী নাপালে।

 

কটন মহাবিদ্যালয়খনত চৈধ্য বছৰ সেৱা আগবঢ়োৱাৰ অন্তত শিক্ষা বিভাগৰ উপ-সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে।

পৰৱৰ্তী কালত তেখেতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিভিন্ন ওপৰখাপৰ পদবীত, যেনে SCERTৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ সঞ্চালক, উচ্চশিক্ষা বিভাগৰ সঞ্চালক, অসম মাধ্যমিক শিক্ষা পৰিষদৰ চেয়াৰমেন, ষ্টেট চিলেকচন বোৰ্ড (হায়াৰ এডুকেচন)ৰ চেয়াৰমেন আদি পদবীত কাৰ্যনিৰ্বাহ কৰে।

তেখেতক অসম চৰকাৰৰ অধীনস্থ আনন্দৰাম বৰুৱা ভাষা,কলা, সংস্কৃতি প্ৰতিষ্ঠানৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে নিয়োগ কৰা হয়।

তেখেত ষ্টেট চিলেকচন বোৰ্ড (হায়াৰ এডুকেচন)ৰ চেয়াৰমেনৰ দায়িত্বও গ্ৰহন কৰে।

টাবু ৰাম টাইদ গুৱাহাটী বিশ্ববিদ্যালয়‘ৰ শিক্ষায়তনিক পৰিষদৰ সদস্য আছিল।

১৯৬৮ চনত টাবু ৰাম টাইদ আৰু নহেন্দ্ৰ পাদুনৰ নেতৃত্বত ‘গুৱাহাটী মিচিং কেবাং‘ নামৰ এটা অনুষ্ঠানৰ জন্ম দিয়ে।

এই অনুষ্ঠানেই মিচিং ভাষা লিখাৰ বাবে বিজ্ঞানসন্মত লিপি ব্যৱহাৰ কৰাত আগভাগ লয়

মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ উদ্দেশ্যে ১৯৭২ চনত “মিচিং আগম কেবাং” নামৰ এটা অনুষ্ঠানৰ জন্ম দিয়ে।

 

‘মিচিং আগম কেবাঙ’ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল টাবু ৰাম টাইড

১৯৮০ চনলৈ তেখেত এই অনুষ্ঠানৰ সভাপতি হৈ থাকে।

মিচিং আগম কেবাঙৰ চেষ্টাৰ বলতে প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাৰ পাঠ্যক্ৰম আৰম্ভ হয়

টাবু ৰাম টাইদে মিচিং ভাষাৰ বিষয়ে বহুকেইখন গৱেষণা পত্ৰ লিখি উলিওৱাৰ উপৰিও মিচিং ভাষাৰ অভিধান আৰু ব্যাকৰণ প্ৰণয়ন কৰে।

তেখেতে বহুতো মিচিং সাধু সম্পাদনা কৰি উলিয়ায়।

ইংৰাজী, অসমীয়া আৰু মিচিং ভাষাত লিখা তেখেতৰ অসংখ্য প্ৰবন্ধ কাকতে-পত্ৰে সিঁচৰতি হৈ আছে।

তেখেতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ‘ইংৰাজী ভাষা শিক্ষা‘ৰ এলানি অনাতাঁৰ পাঠ্যক্ৰম প্ৰস্তুত কৰে।

তদুপৰি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ বাবে তেখেতে ‘মিচিং ভাষা শিক্ষা’ৰ এটা পাঠ্যক্ৰমো প্ৰস্তুত কৰি দিছিল।

২০১৯ চনৰ ১৭ আগষ্ট তাৰিখে গুৱাহাটীৰ এপ’ল’ হস্পিটেলত ৭৭ বছৰ বয়সত টাবু টাইদৰ মৃত্যু হয়

তেখেতৰ প্ৰকাশিত উল্লেখযোগ কেইখনমান গ্ৰন্থঃ
১/ একুঁকি নিৱন্ধ
২/ Glimpses
৩/ Mising Gompir Kumsung
৪/ Banikanta Kakati, the man and his works
৫/ Folksongs of the Misings

মিচিং স্বায়ত্তশাসিত পৰিষদৰ আঁচনি
মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

তেখেতে মিচিং লোক নৃত্য, গীত বাদ্য আদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবেও চেষ্টা কৰিছিল
২০০৭ চনত মিচিং আগম কৗবাঙ’-ৰ পৰা দিয়া “আগম মিগাং” উপাধি প্ৰদান কৰে।

অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ

বাসুদেৱ জালান বঁটা প্ৰদান কৰে।

২০১১ চনৰ অসম চৰকাৰৰ চ্যুকাফা বঁটা

২০১২ চনত সোৱণশিৰি-ঘুণাসুঁতিপৰীয়া ৰাইজে “অৱনৰি দগনৗ” (সোৱণশিৰিৰ মণি) উপাধি প্ৰদান কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদে টাবুৰাম টাইদৰ সোঁৱণত “টাবু টাইদ শিক্ষাজ্যোতি আঁচনি” নামেৰে এক বিশেষ আঁচনি ৰূপায়ন কৰি আহিছে। এই আঁচনিৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলক ৫০০০ হাজাৰ কৈ টকা এককালিন আৰ্থিক সাহাৰ্য হিচাপে আগবঢ়াই আহিছে ।

 

আধুনিক মিচিং জনগোষ্ঠীৰ পৃতি চৰুপ টাবুৰাম টাইদ দেৱৰ জন্ম বাৰ্ষিকীত R News India 24 পৰিয়ালে তেখেতক শ্ৰদ্ধাৰে সুৱঁৰিছোঁ।

মিচিং ভাষা সম্পৰ্কীয় তেখেতৰ সৃষ্টি আৰু কৰ্মৰাজি, মিচিং তথা বৃহত্তৰ অসমীয়া সমাজলৈ আগবঢ়োৱা মূল্যবান অৱদান সমূহ সদায় একক আৰু অতুলনীয় হৈ থাকিব।

 

বাতৰি সম্পাদক সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *