কবি, প্ৰবন্ধকাৰ, শিক্ষাবিদ, সমালোচক মহেন্দ্ৰ বৰাৰ জীৱন যাত্ৰা ।

Spread the love

মহেন্দ্ৰ বৰাঃ তেখেত অসমৰ এগৰাকী কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক

তেখেতে অসমীয়া সাহিত্যলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে।

জানো আহক মহেন্দ্ৰ বৰা দেৱৰ জীৱনযাত্ৰাৰ বিষয়েঃ

তেখেত জন্ম হৈছিল ১৯২৯ চনৰ ২২ আগষ্টত ডিব্ৰুগড় জিলাৰ টিংখাংত

তেওঁৰ পিতৃৰ নাম আছিল ইন্দ্ৰেশ্বৰ বৰা আৰু মাতৃৰ নাম আছিল লীলাৱতী বৰা

তেখেতে প্ৰাথমিক শিক্ষা চৈখোৱা, মাকুম আৰু লাহোৱালত গ্ৰহণ কৰে।
ডিব্ৰুগড়ৰ জৰ্জ ইন্সটিউটৰ পৰা তেওঁ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে।

তাৰ পিছত ১৯৪৭ চনত শিৱসাগৰৰ হাইস্কুলৰ পৰা মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়।

১৯৪৯ চনত কটন মহাবিদ্যালয়ৰ পৰা তৃতীয় স্থানত আই এ উত্তীৰ্ণ হয়। ১৯৫১ চনত তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে।

১৯৫৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত দ্বিতীয় শ্ৰেণীৰ উচ্চস্থান লাভ কৰি স্নাতকোত্তৰ সন্মান লাভ কৰে।

ইয়াৰ পিছত তেওঁ১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

মহেন্দ্ৰ বৰা কটন মহাবিদ্যালয়, ডিব্ৰুগড় মহাবিদ্যালয়ৰ অধ্যাপক আছিল।

গোৱালপাৰা মহাবিদ্যালয় আৰু বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ আছিল।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰৰ বেজবৰুৱা আসনৰ অধ্যাপক আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় অধ্যাপক আছিল।

তেখেতৰ কবিতাসমূহ হৈছেঃ এই নদীয়েদি, জাতিষ্মৰ, ৰূপৰ টিলিঙাৰ মাত, আলি দোমোজাৰ ক্ৰছৰ পৰা, জীৱন এক আস্তাৱল, নীলা ধতুৰাৰ ফুল

 

প্ৰবন্ধ সমূহঃ সমাজবাদৰ কথা, ৰমন্যাসবাদ, ফুল তৰা গান, অসমীয়া কবিতাৰ ছন্দৰ শিল্পতত্ত্ব, সাহিত্য উপক্ৰমণিকা

অনুবাদক গ্ৰন্থঃ গীতা, ডন কুইকচোট, মহাভাৰত ১ম খণ্ড মহাভাৰত ২য় খণ্ড, নীল সাগৰৰ সাধু, য়াৰ্লিং, আফকেজ টে’ন পিটাৰপান, দেশে দেশে গল্প, নতুন কবিতা, আনন্দ চন্দ্ৰ আগৰৱালা আৰু দুৰ্গেশ্বৰ শৰ্মা জীৱনাৱলী, মণিদীপ

আত্মজীৱনীঃ “উপলা নদীৰ দৰে”

তেখেতে ১৯৮৩ মোহনৰাম শৰ্মা স্মাৰক বঁটা, ১৯৮৩ কেৰালাৰ মহাকবিৰ আসন স্মাৰক বঁটা, ১৯৬৮ ৰাষ্ট্ৰীয় কবি সন্মান, ১৯৪৯ দুখুৰাম স্মাৰক বঁটা আৰু শংকৰদেৱ বঁটা লাভ কৰে।

১৯৮৭ চনত অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সভাপতি আৰু ১৯৮৩ চনত বঙাইগাঁওত বহা অসম সাহিত্য সভাৰ কবি সন্মিলনীত সভাপতি আছিল।

১৯৯৬ চনৰ ৯ এপ্ৰিলত তেখেত মৃত্যু হয়

 

সংগীতা দত্তৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *