গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ জাহ্ ৰ নেতৃত্বত প্ৰশংসনীয় পদক্ষেপ। বিশেষ অভিভাৱক সজাগতা সভা ।
গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ জাহ্ ৰ নেতৃত্বত প্ৰশংসনীয় পদক্ষেপ।
বৰ্তমান সময়ত সামাজিক প্ৰচাৰ মাধ্যমৰ বিৰূপ প্ৰভাৱৰ লগতে সমাজত প্ৰচলিত হৈ থকা অন্যান্য অন্ধবিশ্বাসৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ অভিভাৱক সজাগতামূলক সভা।
বৰ্তমান সময়ত সকলোৱে কম বেচি পৰিমানে ফেচবুক, হোৱাটচেপ, ইনষ্টাগ্ৰাম, টুইটাৰ আদি প্ৰচাৰ মাধ্যম ব্যৱহাৰ কৰোঁ।
বহুলোকে যোগাত্মক ভাৱে ব্যৱহাৰ কৰিছে যদিও একাংশ লোকে অনৈতিক বিভিন্ন অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱা পৰিলক্ষিত হৈছে।
সামাজিক প্ৰচাৰ মাধ্যমে আমাক যিমান খিনি সুবিধা প্ৰদান কৰিছে কিন্তু তাৰ বিপৰিতে আমাক বহুখিনি বিপদত পেলাব পাৰে বা ইতিমধ্যে উপযুক্ত সজাগতা বা ব্যৱহাৰৰ জ্ঞান নথকাৰ বাবে এই মাধ্যম সমূহৰ জৰিয়তে বহুলোক সৰ্বস্বান্ত হৈছে।
আজিৰ তাৰিখত আমি অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে চন্দ্ৰত বসবাস কৰাৰ কথা কৈ আছো যদিও এই একে সময়তে বহুলোকে অন্ধবিশ্বাসৰ কু-প্ৰভাৱৰ পৰা ওলাই আহিব পৰা নাই।
উদাহৰণস্বৰূপে- বৰ্তমান অসমৰ বিভিন্ন অঞ্চলত সোপাধৰাৰ নামত সংঘটিত হৈ থকা ঘটনাসমূহ।
যাৰ ফলত মানসিক বিকাৰগ্ৰস্ত এজন ব্যক্তি মৃত্যুৰ মুখত পৰিব লগা হ’ল।
এনে বিভিন্ন অনৈতিক, অসামাজিক, অন্ধবিশ্বাসৰ বিষয়ে অভিভাৱক তথা ছাত্ৰ ছাত্ৰী সকলক সজাগ কৰাৰ বাবে আজি গোগামুখ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই বিশেষ সজাগতামুলক সভা অনুষ্টিত হয়।
উক্ত অনুষ্ঠানত ধেমাজীৰ অসামৰিক চিকিৎসালয়ৰ এটি বিশেষ দলৰ লগতে TMPK ৰ কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক চান পাংগিং উপস্থিত থাকে।
R News India 24