কেঞ্চাৰ, হৃদৰোগ, গ্ল’কমা, কেটেৰেক্ট, মেকুলাৰ ডিজেনেৰেচন, এচিডিটি আদি ৰোগৰ পৰা পিয়াঁজে আপোনাক বচাব পাৰে। কেনেকৈ জানে নে ?
পিয়াঁজ আমাৰ স্বাস্থ্য বাবে বহুত উপকাৰী।
কৰ্কট ৰোগ, গ্ল’কমা, কেটেৰেক্ট,মেকুলাৰ ডিজেনেৰেচন, শৌচ ,এচিডিটি, পেটৰ বিষ,
কাহ, কফ, হাৰ্টৰ সমস্যা আদিৰ বাবে পিয়াঁজ অতি উত্তম।
পিয়াঁজত থকা ভিটামিন সমূহ হৈছে- ফ’লেট, নিয়াচিন,
পেন্টথেনিক এচিড, মুত্ৰাশয়, ৰাইবোফ্লেবিন, পেন্টথেনিক এচিড, ভিটামিন- এ, ভিটামিন-চি, ভিটামিন-ই, প’টেচিয়াম, চ’ডিয়াম, কেলচিয়াম,আইৰণ, জিংক, মেগনেচিয়াম, মেংগানিজ, ক’পাৰ, ফচফ’ৰাচ, ক্ৰমিয়াম চেলেনিয়াম, ক্বেৰচেটিন, এন্থোচায়ানিন আদিৰে ভৰপূৰ।
জানোঁ আহক পিয়াঁজৰ ঔষধি গুনসমূহঃ
1. পিয়াঁজত থকা ক্বেৰচেটিন আৰু এন্থোচায়ানিনে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
2. পিয়াঁজত থকা ভিটামিন-ই আৰু চালফাৰৰ বাবে গ্ল’কমা, কেটেৰেক্ট,মেকুলাৰ ডিজেনেৰেচন আদি ৰোগ প্ৰতিৰোধ কৰে।
3. পিয়াঁজত থকা ইনুলিন নামৰ ফাইবাৰে শৌচ ,এচিডিটি আৰু পেটৰ বিষ ভাল কৰে।
4. দাঁতৰ যিকোনো ৰোগত পিঁয়াজ খালে সুফল পোৱা যায়।
5. দিনে এটাকৈ পিঁয়াজ খাব পাৰিলে মুত্ৰাশয়ৰ যিকোনো ৰোগৰপৰা নিৰাময়
লাভ কৰিব পাৰি।
6. নিয়মীয়াকৈ পিঁয়াজ খালে ব্যক্তিজনক হাৰ্টৰ কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে।
7. এটা পিঁয়াজৰ লগত যদি
সম পৰিমাণৰ মৌৰস মিহলাই খোৱা যায় তেন্তে কাহ, কফ আৰু সঘনে পানী লগা
বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।
8. নাকেৰে তেজ ওলালে পিঁয়াজ ঠেতেলিয়াই শুঙিব লাগে।
9. শক্তিশালী হ’বলৈ সদায় এচামোচকৈ পিয়াজৰ ৰস আৰু ঘিউ মিহলাই খাব লাগে।
10. ক’লা দাগত পিঁয়াজৰ ৰস লগালে দাগ সোনকালে ভাল হয়।
11. মৌ আৰু বৰলে কামোৰিলে পিঁয়াজৰ ৰস সানিব লাগে।
12.পিয়াজৰ ৰস মূৰত লগালে ওকণি নোহোৱা হয়।
গতিকে আজিৰ পৰা নিয়মীয়াকৈ পিয়াঁজ খাই শৰীৰটো ভালে ৰাখো আহক।
কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24