অসমৰ প্ৰখ্যাত সাহিত্যিক, শিক্ষাবিদ, প্ৰসিদ্ধ অনুবাদক, ঔপন্যাসিক প্ৰদীপ শইকীয়াৰ জীৱনযাত্ৰাঃ
১৯৩৬ চনৰ ১৪ ছেপ্টেম্বৰত যোৰহাট জিলাৰ টীয়কত প্ৰদীপ শইকীয়াৰ জন্ম হয়।
পিতৃৰ নাম উমেশ শইকীয়া আৰু মাতৃৰ নাম জানকী প্ৰিয়া শইকীয়া।
শিৱসাগৰ জিলাৰ আমগুৰি হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।
তাৰ পিছত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয় ৰ পৰা ইংৰাজী বিষয়ত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
তেখেতে ১৯৫৬-৫৭ৰ ভিতৰত কেইদিনমান টীয়ক হাইস্কুলত শিক্ষকতা।
১৯৫৯ চনত আমগুৰি উচচ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা।
১৯৫৯-৬৫ লৈকে শিৱসাগৰ কলেজ ত ইংৰাজী বিষয়ৰ অধ্যাপক।
১৯৬৫ চনৰ ২৫ ছেপ্টেম্বৰৰ পৰা নগাঁৱৰ ধিং কলেজ ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ।
ওৰেটো জীৱন অসমৰ শৈক্ষিক ক্ষেত্ৰৰ সমান্তৰালকৈ সাহিত্য আৰু সামাজিক দিশত নিষ্ঠা আৰু দায়িত্ববোধৰ পৰিচয় দাঙি ধৰিছিল।
তেখেত অসম আন্দোলন ৰ লগতো জড়িত আছিল।
অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমি কাউন্সিলৰ সদস্য, অসম উচচ মাধ্যমিক পৰিষদৰ সদস্য, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, শ্ৰীমন্ত শংকৰ মিছন আদিৰ কাৰ্যনিৰ্বাহক সদস্যৰূপে থাকি বিদ্যায়তনিক, ভাষা-সাহিত্য, সমাজসেৱাৰ বিভিন্ন ক্ষেত্ৰত প্ৰত্যক্ষভাৱে অৰিহণা যোগাইছিল।
কলংপাৰ বিদ্যাপীঠৰ শৈক্ষিক পৰিষদৰ সভাপতি তথা জেষ্ঠ নাগৰিক সন্মিলনৰো সভাপতিৰ পদ অলংকৃত কৰিছিল।
তেখেত অসমীয়া, ইংৰাজীৰ লগতে সংস্কৃত ভাষাৰো বিদগ্ধ পণ্ডিত আছিল।
তেখেতৰ উপন্যাস সমূহঃ মন্দিৰত জুই, ওমৰ খায়াম,
প্ৰতিশ্ৰুতি,বিশ্বযুদ্ধৰ অগ্নিপথ।
অনুবাদ গ্ৰন্থঃ কথা মহাভাৰত,
কথা ৰামায়ণ, দি পেলেচ মেইদ, দ্য ৱন্দাৰ দেট ৱজ ইণ্ডিয়া, পিয়লি ফুকন, ইলিয়াদ, ওডিছী, ইস্কাপনৰ ৰাণী, চকুৰ ভাষা, দি টেম্পেষ্ট।
চুটি গল্পঃ মাটিৰ মৰম, সোণৰ আখৈ, জীৱন নদীৰ বালিচন্দা
সুকন্যা।
নাটকঃ লাচিত বৰফুকন।
তেখেতৰ সম্পাদিত আলোচনী আৰু কাকতখন হৈছেঃ সাপ্তাহিক জাগৰণ।
তেখেতৰ উল্লেখযোগ্য বঁটা সমূহ হৈছেঃ
ক) কৈলাস নাথ শৰ্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ।
খ) অসমৰ সাহিত্য বঁটা।
তেখেতে চাৰু শইকীয়াৰ লগত বিবাহ পাশত আৱদ্ধ হয়।
তেখেতৰ দুটি সন্তান আছে –
জুমলী শইকীয়া, ৰাজা বিক্ৰম শইকীয়া।
তেখেতে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে সদায় চিৰস্মৰণীয় হৈ থাকিব।
২০১৭ চনৰ ১০ এপ্ৰিলত মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ চাই থাকিব Rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24