৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com September 25/2022 :-

1. অসমবাসীৰ বাবে গৌৰৱৰ মুহূর্ত।
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই ‘মন কী বাত‘ অনুষ্ঠানত অসমীয়া অভিধান ‘হেমকোষ‘ৰ ব্ৰেইল সংস্কৰণৰ বিষয়টি সুন্দৰ উপস্থাপনেৰে দেশবাসীক অৱগত কৰে।

2. মুছলমানপ্ৰধান বাংলাদেশত বৃদ্ধি হৈছে দুৰ্গা পূজাৰ মণ্ডপ।
পূজাৰ বাবে সাজু ৩২,১৬৮টা মণ্ডপ।
বিগত বছৰৰ তুলনা বৃদ্ধি ৫০টা মণ্ডপ।

3. দেৰগাঁৱ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সভাকক্ষ পৰিদর্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
৯-১০ অক্টোবৰত অনুষ্ঠিত হ’ব আৰক্ষী অধীক্ষকৰ বৈঠক।

4. ৰাজ্যৰ পৰা ড্ৰাগছ, দুৰ্নীতি নিৰ্মূল কৰাৰ কৰাৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে DGP ভাস্কৰজ্যোতি মহন্তই।

5. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে সোনেশ্বৰ নৰহে।
আইন ভংগ কৰি নিশাৰ ভাগত সদগুৰুৰ সৈতে কাজিৰঙা ভ্ৰমণ কৰাৰ বাবেই হিমন্ত বিশ্বৰ বিৰুদ্ধে এজাহাৰ দাখিল।

6. ৰাষ্ট্রীয়-আন্তঃৰাষ্ট্রীয় পৰ্যায়ত সমাদৰ বুটলিবলৈ সক্ষম হৈছে আইমী বৰুৱা পৰিচালিত ‘ছেমখৰ’ চবিয়ে। বহু প্রতীক্ষাৰ অন্তত গুৱাহাটীৰ PVR ত মুক্তি লাভৰ পাছতেই ছবিখনে লাভ কৰিছে দৰ্শকৰ সমাদৰ।

7. পয়গম্বৰ মহম্মদৰ জন্মদিন উপলক্ষে পালিত হ’ব জস্ন-এ-ঈদ মিলাদুন্নবী।
পালন কৰিব ইছলামধৰ্মী লোকে।

8. কোটি কোটি টকাৰ বিজ্ঞাপন পোৱাৰ পিছতো ৰোজা ভঙা নাছিল বাবৰ আজমে।
ৰোজা থকাৰ বাবেই বিজ্ঞাপন নকৰোঁ বুলি কৈ দিছিল কৰ্তৃপক্ষক।
ৰমজানৰ দিনৰ কথা ক’লে ক্ৰিকেটাৰ মহম্মদ ৰিজৱানে।

9. “আমি সকলোৱে প্ৰকৃতিক ভাল পাব লাগে।” মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

10. অৰুণাচলৰ টিপ্পীত ভয়ংকৰ ভূমিস্খলন সংগঠিত হৈছে।
নৈত বাগৰি পৰিল ৩ খনকৈ বাহন।

11. প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত গুৰুতৰভাৱে অসুস্থ হৈছে।
মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে মন্ত্ৰী গৰাকীক।

12. অতিৰিক্তভাৱে দিয়া বিদ্যুত মাচুল ঘূৰাই দিয়া হব গ্ৰাহকক।
ঘোষণা কৰে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰে।

13. নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিবৰ বাবে ব্যাপক গণতান্ত্ৰিক আন্দোলনৰ দৰকাৰ
নলবাৰীত অখিল গগৈৰ হুংকাৰ।

14. নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ অঘটন৷
মাজ নিশা পাৱাৰ হাউচৰ বৃহৎ অংশ ভাগি পৰিল ৷

15. মাটি খান্দি পাইপ ফুটা কৰি তেল চুৰি দুস্কৃতিকাৰীৰ।
নুমলীগড়ৰ লৱণঘাটত সংঘটিত হৈছে এই ঘটনা।

16. সদগুৰুক আদৰণি জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

17. মুছলমান শিক্ষাৰ্থীক সূৰ্য নমস্কাৰ আৰু ভজন গোৱাটো বন্ধ কৰাৰ দাবী মুট্টহিদ মজলিছ এ উলেমাৰ।

18. গেছ পৰিবাহী পাইপেৰে নিৰ্গমন হৈছে গেছ। দুলীয়াজানৰ অইলৰ আৱাসিক এলেকাত ভয়ংকৰ ঘটনা।
শংকিত হৈ পৰিছে ৰাইজ। যিকোনো সময়তে দূৰ্ঘটনা হোৱাৰ আশংকা।

19. পলাশবাৰী সমষ্টিৰ ঝাৰোবড়ী আঞ্চলিক শাৰদীয় দুৰ্গা পূজাৰ সোণালী জয়ন্তী।
২৭ লাখ টকা বাজেটৰে ১১ দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ।

20. আজি কাজিৰঙাৰ চিন্তন শিবিৰ বৈঠকৰ দ্বিতীয় দিন।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শ্ৰীশ্ৰীৰবি শংকৰ।

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *