অসমৰ বিশিষ্ট সাংবাদিক ৰাধিকামোহন ভাগৱতী দেৱৰ জীৱন যাত্ৰাঃ
ৰাধিকামোহন ভাগৱতীৰ
জন্ম হৈছিল ১৯৩৩ চনৰ ১৯ জানুৱাৰীত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ গেৰেকী চুকত।
তেখেত একাধাৰে এগৰাকী বিশিষ্ট সাংবাদিক, সম্পাদক, সাহিত্যিক তথা সমালোচক।
তেখেতৰ দেউতাক গোৱিন্দ চন্দ্ৰ ভাগৱতী আছিল স্মৃতিৰত্ন, স্মৃতি বাচস্পতি, বিদ্যালংকাৰ উপাধিৰে বিভূষিত সংস্কৃতজ্ঞ আৰু ৰাষ্ট্ৰপতিৰ বঁটা প্ৰাপক শিক্ষক।
গেৰেকী চুক প্ৰাথমিক বিদ্যালয়ত তেখেতে প্ৰাথমিক শিক্ষা আৰম্ভ কৰে।
১৯৫০ চনত তেওঁ জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত আৰু ১৯৫২ চনত দৰং মহাবিদ্যালয়ৰ পৰা আই এ পৰীক্ষাত উত্তীৰ্ণ হয়।
তেখেতে ১৯৫৪ চনত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।
তেখেত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল।
১৯৫৮ চনত তেওঁ মদন মোহন মালব্যৰ দ্বাৰা প্ৰতিষ্ঠিত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
১৯৫৪ চনত জামুগুৰি উচচ ইংৰাজী বিদ্যালয়ত সহকাৰী শিক্ষক ৰূপে তেখেতে কৰ্মজীৱনৰ পাতনি মেলে।
গুৱাহাটীৰ সোণাৰাম উচ্চ ইংৰাজী বিদ্যালয়তো তেখেতে ১৯৫৮-৬০ চনলৈকে দুবছৰ শিক্ষকতা কৰিছিল।
ভাগৱতীয়ে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈছিল।
তেখেতৰ জীৱনকালত ১৯ খন গ্ৰন্থ লিখিছিল।
তেখেতৰ উল্লেখযোগ্য কিতাপসমূহ হ’ল-
বনৰীয়া ফুল, ৰক্তজৱা,
এজন ৰজা আছিল, অসমীয়াৰ পোহৰত. অসমীয়াৰ চাৰি দশকৰ ইতিহাস, আমাৰ বাতৰি কাকতৰ কাহিনী ।
অসমৰ সাংবাদিকতাৰ জগতখনত তেখেতৰ এক সুকীয়া নাম আছিল।
১৯৫৮ চনত সাংবাদিক ৰূপে ভাগৱতীয়ে কৰ্মজীৱন আৰম্ভ কৰে।
৫৯ বছৰতকৈও অধিক কাল অবিৰামভাৱে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত জড়িত আৰু অসমীয়া সাংবাদিকতা জগতখনলৈ অৱদান আগবঢ়োৱা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাংবাদিক।
আপোচবিহীন আৰু লেখক আৰু সংবাদদাতাক তেখেতে এখন গণতান্ত্ৰিক মঞ্চ প্ৰদান কৰিছিল।
তেখেত কেৱল সংবাদিকেই নহয়, তেওঁ আছিল এগৰাকী কবি, গল্পকাৰ, অনুবাদক তথা মঞ্চ অভিনেতা।
সৎ সাহস, নিষ্ঠা, দৃঢ় সংকল্প, সততা, একাগ্রতা, নিৰপেক্ষতা, সত্যনিষ্ঠতা আৰু গণতান্ত্রিক প্রমূল্যবোধেৰে সংবাদসেৱা আগবঢ়াই তেওঁ নৱীন-প্রবীণ সকলো সংবাদসেৱীকে অনুপ্রেৰণাৰে উজ্জীৱিত কৰি থৈ গৈছে৷
সত্য আৰু নির্ভৰযোগ্য বাতৰি পৰিৱেশনৰ জৰিয়তে সর্বসাধাৰণ পাঠকক উপকৃত কৰাৰ বাবে অহৰহ চিন্তা তেওঁ কৰি গৈছিল।
হৰেন্দ্ৰ নাথ বৰুৱাৰদ্বাৰা সম্পাদিত দৈনিক বাতৰি কাকত ‘নতুন অসমীয়া’ত কৰ্মৰত অৱস্থাতে তেওঁ ১৯৬০ চনত ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰদ্বাৰা সম্পাদিত মাহেকীয়া সাহিত্য আলোচনী ‘ৰামধেনু’ৰ সহকাৰী সম্পাদক ৰূপেও নিয়োজিত হয়।
১৯৬৭ চনত তেওঁ ‘নতুন অসমীয়া’ত পূৰ্ণকালীন সহযোগী সম্পাদক হিচাপে যোগদান কৰে।
১৯৮১ চনৰ ১৯ অক্টোবৰত তেখেতৰ সম্পাদনাত ‘তিনিদিনীয়া বাতৰি’ কাকত প্ৰকাশ পায়।
১৯৮৩ চনৰ ৭ এপ্ৰিল তাৰিখে এই কাকতৰ প্ৰকাশ বন্ধ হয়।
১৯৮৪ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত অংশকালীন অধ্যাপক হিচাপে কৰ্মৰত আছিল।
১৯৮৭ চনত তেওঁ ‘আজিৰ অসম’ কাকতৰ প্ৰতিষ্ঠাতা সম্পাদক ৰূপে যোগদান কৰে আৰু ২০০৪ চনত অৱসৰ লয়।
১৯৮৯ চনৰ পৰা ২০০৪ চনলৈকে ভাগৱতীয়ে ‘ছেণ্টিনেল’(হিন্দী)ৰ প্ৰতিষ্ঠাপক সম্পাদকৰূপে কাৰ্য নিৰ্বাহ কৰে।
‘ছেণ্টিনেল প্ৰাইভেট লিমিটেড’ নামৰ প্ৰকাশন গোষ্ঠীৰদ্বাৰা প্ৰকাশিত অসমৰ সৰ্বপ্ৰথম আন্তঃৰাষ্ট্ৰীয় দ্বিভাষিক সাপ্তাহিক কাকত ‘দি হ’ম লিংক’ৰ অসমীয়া বিভাগৰ সম্পাদনাৰ দায়িত্বতো তেখেতেই আছিল।
২০০৭ চনৰ পৰা ২০১০ চনলৈ ‘আজিৰ দৈনিক বাতৰি’ কাকত ভাগৱতীদেৱৰ সম্পাদনাত প্ৰকাশ পাইছিল।
২০১০ চনৰ পৰা আমৃত্যু তেওঁ ‘দৈনিক অসম’ কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
তেখেতে “দ্যা ষ্টৰি অৱ আৱাৰ নিউজপেপাৰচ্” কিতাপখন অসমীয়ালৈ অনুবাদ কৰাৰ বাবে ১৯৯১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
২০০৯ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা ।
১৯৯০ চনত সাংবাদিকতাৰ বাবে হৰেন্দ্ৰ নাথ বৰুৱা বঁটা ।
২০০৯ চনত শিৱ প্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা ।
২০১৫ চনত শশীপ্ৰভা বৰুৱা সাহিত্য বঁটা ।
Sadi Journalist Award
২০১৭ চনৰ ৩০ ছেপ্টেম্বৰত ত তেখেত মৃত্যু হয়।
এনে মহান ব্যক্তি সকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta Reports R News India 24