কুঁহিয়াৰ ৰস খায় ভাল পাই নেকি ? কুঁহিয়াৰ ৰস কি কি ৰোগত ব্যৱহাৰ কৰা হয় জানে নে ?

Spread the love

কুঁহিয়াৰ ৰস আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

কুঁহিয়াৰ ৰসে আমাৰ দেহৰ বহু মাৰাত্মক ৰোগ নিৰাময় কৰে।

কুঁহিয়াৰ কেলচিয়াম, ক্ৰমিয়াম, কোবাল্ট, ক’পাৰ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটেছিয়াম, জিংক,ভিটামিন-এ, বি-1, বি-2, বি-3, বি-5, বি-6, ভিটামিন-চিৰ লগতে এণ্টি-অক্সিডেণ্ট, প্ৰ’টিন, ফাইবাৰ আদি এণ্টি অক্সিডেণ্টেৰে ভৰপূৰ।

জানো আহক কুঁহিয়াৰ ৰসত কি কি ঔষধী গুণ আছেঃ

ক) ডায়েবেটিছ ৰোগীসকলে কুঁহিয়াৰৰ ৰস অতি উপকাৰী আৰু ই কেন্সাৰৰ পৰাও ৰক্ষা কৰে ।

খ) কুঁহিয়াৰ ৰসে দাঁতৰ সমস্যা, মুখৰ দুৰ্গন্ধ, দাঁতৰ আলুৰ সমস্যা ৰোগ দূৰ কৰি ৰখাত সহায় কৰে।

গ) জণ্ডিচ ৰোগীসকলৰ বাবে কুঁহিয়াৰৰ ৰস অতি উত্তম।

ঘ) কুঁহিয়াৰ ৰস প্ৰতিদিনে দুই গিলাচ কৈ সেৱন কৰিলে পিত্তবিকাৰ নোহোৱা হয় আৰু বমি ভাব আঁতৰ হয়, কিডনিৰ পাথৰ গলি প্ৰস্ৰাৱৰ সৈতে যায়।

ঘ) কুঁহিয়াৰত হাইড্ৰ’ক্সী এচিড থাকে যিয়ে মুখৰ দাগ, শালমইনা দূৰ কৰাৰ লগতে স্কিন হাইড্রেট কৰি ৰখাত সহায় কৰে।

ঙ) নেমু ৰস আৰু নাৰিকল পানীৰ সৈতে কুঁহিয়াৰৰ ৰস সেৱন কৰিলে বৃক্কত পাথৰৰ ফলত হোৱা জ্বলা-পোৰা ভাল হয়।

চ) এনিমিয়া ৰোগীক কুঁহিয়াৰ ৰসৰ লগত আমলখি আৰু ডালিমৰ ৰস মৌ মিলাই খোৱালে তেজৰ পৰিমাণ বৃদ্ধি হয় আৰু ভোক বাঢ়ে ।

ছ) কুঁহিয়াৰ ৰসৰ লগত আদা আৰু গোল নেমুৰ ৰস মিলাই খালে কোষ্টকাঠিন্য দূৰ হয় ।

জ) কুঁহিয়াৰ ৰস নিয়মীয়াকৈ খালে প্ৰসূতিৰ স্তনত গাখীৰ বৃদ্ধি হয় ।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ শিক্ষা বিভাগৰ আঁচনিৰ বিষয়ে জানিবলৈ  চাওঁক এই বিজ্ঞাপন। 

 

News Editor Sangita Dutta Reports R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *