৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com October 15/2022:- 

1. ৰাজধানী দিল্লীত ‘প্ৰতিদিন গোষ্ঠী’ৰ The Conclave 2022ৰ শুভ উদ্বোধন কৰিলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
উত্তৰ-পূৰ্বাঞ্চলত প্রতিদিন গোষ্ঠীৰ বলিষ্ঠ ভূমিকাক প্রশংসা কৰে কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

2. জনতা ভৱনত মুখ্যমন্ত্ৰীৰ বিশেষ কাৰ্যসূচী।
অসমৰ জীৱিকাৰ ওপৰত বানপানীৰ প্ৰভাৱৰ ওপৰত প্ৰতিবেদন দাখিল কৰে।
কটন বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞই প্ৰস্তুত কৰিছে এই প্ৰতিবেদন।
মুখ্যমন্ত্ৰীৰ হাতত বিশেষজ্ঞই দাখিল কৰিব এই প্ৰতিবেদন।

3. অহা ২২-২৬ অক্টোবৰলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৪৯ তম বিজ্ঞান প্ৰদৰ্শনী ৰাজ্যত অনুষ্ঠিত হোৱাৰ কথা সদৰী কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
মহানগৰীৰ সাতগাঁও হাইস্কুলত টিংকাৰিং লেব পৰ্যবেক্ষণ কৰে মন্ত্ৰী গৰাকীয়ে।

4. অৱশেষত আৱাহন থিয়েটাৰ কৰ্তৃপক্ষই বাতিল কৰিলে বিতৰ্কিত নাট ‘লভিতা’ৰ প্ৰদৰ্শনী।
ৰাইজৰ আৱেগৰ আগত নতশিৰ হ’বলৈ বাধ্য হ’ল থিয়েটাৰ গোষ্ঠীটো।
ফেচবুকযোগে ঘোষণা কৰিলে প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে ।

5. নৱেম্বৰ মাহত মৰিগাঁৱত স্থাপন হ’বলগীয়া চিকিৎসালয় আৰু জাগী-ভকতগাঁৱৰ ওপৰত নিৰ্মাণ হবলগীয়া দলং মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মৰিগাঁও দিৱসৰ কাৰ্যসূচীত উপস্থিত হৈ এই মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।

6. মহানগৰীত ১ নৱেম্বৰৰ পৰা চিটীবাছত বাধ্যতামূলক ই-টিকেট।
বাছত থাকিব লাগিব টিকেটিং মেচিন, যাত্ৰীক ভাড়াৰ বিনিময়ত দিব লাগিব ই-টিকেট, অন্যথা পথত চলিব নোৱাৰিব চিটীবাছ।
পৰিবহণ বিভাগে জাৰি কৰিলে নিৰ্দেশনা।

7. ‘AIUDF হৈছে বিজেপিৰ অক্সিজেন।
সেই অক্সিজেন কংগ্ৰেছে আৰু ভৰাই নাথাকে।
AIUDF ক জীয়াই ৰখাৰ স্বাৰ্থত বিজেপিয়ে সকলো কৰি আছে’ – মন্তব্য বিধায়ক আব্দুৰ ৰছিদ মণ্ডল।

8. ভাৰত ৰত্ন ড° এ পি জে আব্দুল কালামৰ উপজা দিন।দৰদী শিল্পী জয়ন্ত হাজৰিকাৰ স্মৃতি দিৱস।

9. পুনৰ কাৰ্বি আংলঙত জব্দ আঢ়ৈ কোটি মূল্যৰ হেৰইন ।
ডিলাই তিনি আলিত আৰক্ষীৰ তালাচীত হেৰইনসহ এজন সৰবৰাহকাৰী আটক কৰে।
জব্দকৃত হেৰইন খিনিৰ বজাৰ মূল্য প্ৰায় ২.৫ কোটি টকা ।

10. শোণিতপুৰৰ চাৰিদুৱাৰত আৰক্ষীৰ গুলীচালনা।
গাঞ্জা সৰবৰাহকাৰীৰ গাড়ীলৈ লক্ষ্য কৰি গুলী আৰক্ষীৰ।
গাড়ীৰ ভিতৰত থকা প্ৰায় ১ কোটি ৫০ হাজাৰৰ গাঞ্জাৰ লগতে দুটা ৱাকীটকী উদ্ধাৰ।
পলাই যোৱা গাঞ্জা সৰবৰাহকাৰীক বিচাৰি চাৰিদুৱাৰ আৰক্ষীৰ তীব্ৰ অভিযান।

11. মিজোৰামত উদ্ধাৰ কেংগাৰু, অজগৰকে ধৰি ভিন্ন প্ৰজাতিৰ দুষ্প্ৰাপ্য বন্যপ্ৰাণী l
আৰক্ষীয়ে উদ্ধাৰ অভিযানত ১টা কেংগাৰু, ৩০টা কাছ, ২টা দুষ্প্রাপ্য প্ৰজাতিৰ বান্দৰ, ২টা মাৰ্ম’ছেট বান্দৰ, অজগৰ ২২টা, সুমাত্রান ৱাটাৰ মনিটৰ ২টা, ৫৫ টা ঘঁৰিয়াল ,ফ্লেম পাৱাৰবাৰ্ড ৪টা লগতে ছাৰ্ভেল কেট ৪টা উদ্ধাৰ হয় ।

12. বোকাজানৰ ডিলাইত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ।
ডিলাই আৰক্ষীৰ গোপন তালাচীত জব্দ ২ কোটি টকাৰ ড্ৰাগছ।
৩০ টা চাবোনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি ।

13. মাজবাটৰ মূৰকাটিক অঘটন।
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে এজন লোকৰ।
মৃত লোকজনৰ নাম ৰাও ওৰাং।
১১ হাজাৰ ভোল্টৰ তাঁৰত লাগি এই অঘটন সংঘটিত হ’ল।
চাইকেলেৰে কামলৈ গৈ থকা সময়তে এই ঘটনা সংঘতিত হয় ।

14. কামৰূপ জিলাৰ বকোত শুকুৰবাৰে নিশা ড্ৰাগছসহ এজন লোকক আৰক্ষীয়ে আটক কৰিছে ।
বকো থানাৰ অন্তৰ্গত আগছিয়া বকো থানাৰ আৰক্ষীয়ে অভিযান চলাই মানকাচৰৰ নুৰুল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক ৭ গ্ৰাম ড্ৰাগছ আৰু নিচাজাতীয় টেবলেটৰ সৈতে আটক কৰিবলৈ সক্ষম হয় ।

15.মহানগৰীত পুনৰ সংঘটিত আত্মহত্যাৰ ঘটনা ।হস্ত-তাঁত বস্ত্ৰ শিল্পৰ
উপ-সঞ্চালক বিপুল কলিতাৰ আত্মহত্যা।
মহানগৰীৰ ঘোৰামাৰাত অন্তিম পন্থা হাতত লয় উপ-সঞ্চালক গৰাকীয়ে।মৃত্যুৰ পূৰ্বে লিখি থৈ গৈছিল ছুইচাইড নোট ।ছুইচাইড নোটত উল্লেখ কৰি গৈছে দুগৰাকী ব্যক্তিৰ নাম ।

16. বাক্সা জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ।
খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই বিগত এমাহ ধৰি বাক্সা জিলাৰ মৈঠাবাৰী, শিমলিগুৰী, মিলনপুৰ, বৰিকাদঙা, ভূটানখুটি, নবস্তি, খৈৰাণী আদি বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বহু কৃষকৰ তামোলবাৰী,কলৰ বাগান, ধান আদি খেতি খাই গচকি তহিলং কৰিছে ৷

17. বেবেজীয়া আৰক্ষীয়ে শনিবাৰে দুপৰীয়া  নগাঁৱৰ দক্ষিণপাটত ৭৬ বেগ চৰকাৰী চাউল জব্দ কৰে আৰু এজন লােকক আটক কৰে ।আৰক্ষীয়ে চাউলৰ বস্তাৰ লগতে AS-02-CC-7585 নম্বৰৰ এখন ডি আই বাহনো জব্দ কৰে।

18. জোনাইত বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ডেৰলাখ টকাসহ আটক কৰে চাৰি ড্ৰাগছ সৰবৰাহকাৰীক।

19. তিনিচুকীয়াত সমবেত হ’ব নোৱাৰিব ৫ জনকৈ ব্যক্তি।
অনুমতি অবিহনে অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজহুৱা সভা ।
তিনিচুকীয়াত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

20. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা মুকলি অনলাইন টিকট।
পৰ্যটকৰ বাবে সুবিধাৰ্থে অনলাইন টিকট বুকিং ব্যৱস্থা।

মিচিং স্বায়ত্বশসিত পৰিষদ
মিচিং স্বায়ত্বশসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁক এই বিজ্ঞাপন।

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *