“শ্বহীদ দিৱস”
হে, শ্বহীদ প্ৰণামো তোমাক ।
আজি ১০ ডিচেম্বৰ অৰ্থাৎ শ্বহীদ দিৱস।
আজি দিনটোত অসম আন্দোলনত মৃত্যুবৰণ কৰা বীৰ শ্বহীদসকলক ৰাজ্যই শ্ৰদ্ধাৰে সুঁৱৰিছে।
খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল।
অসমৰ অস্তিত্বৰ ৰক্ষাৰ সংগ্ৰামত নিজৰ প্ৰাণ দিবলৈ কুন্ঠবোধ নকৰা এই গৰাকী শ্বহীদক আমি অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে ।
খৰ্গেশ্বৰ তালুকদাৰ জন্ম হৈছিল ১৯৫৯ চনৰ ২৩ জুন তাৰিখে কামৰূপ জিলা আৰু বৰ্তমানৰ বৰপেটা জিলাৰ ভৱানীপুৰ অঞ্চলৰ উজান বৰবৰী গাঁৱত।
তেওঁৰ পিতৃ নাম আছিল গৌৰীকান্ত তালুকদাৰ আৰু মাতৃ নাম সাবিত্ৰীবালা।
অসম আন্দোলনৰ আৰম্ভণি কালতে ১৯৭৯ চনৰ আজিৰ দিনটোতে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত তেওঁ নিহত হৈছিল।
মৃত্যুৰ সময়ত তালুকদাৰ আছিল সৰুপেটাৰ বি.এইচ.বি. মহাবিদ্যালয়ৰ প্ৰাক-বিশ্ববিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ ।
অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন।
ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়।
‘সদৌ অসম ছাত্ৰ সন্থা’ আৰু ‘সদৌ অসম গণ সংগ্ৰাম পৰিষদ’এ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল।
১৯৮৫ চনত আন্দোলনৰ নেতাসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তি মতে অসম আন্দোলনৰ অন্ত পৰে।
ইয়াৰ পিছতেই আন্দোলনৰ নেতৃবৃন্দই অসমৰ আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ গঠন কৰে।
১৯৮৫ আৰু ১৯৯৬ চনত এই দলে বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰে।
আজিৰ এই বিশেষ দিনটোত Rnewsindia24 পৰিয়ালৰ তৰফৰ পৰাও আমি এই বীৰ শ্বহীদসকলক যাঁচিলো গভীৰ শ্ৰদ্ধাঞ্জলি।
News Editor Sangita Dutta R News India 24