৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com December 11/2022:-

1. আজি মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত মাজুলীত প্ৰায় ৮৯৪ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি তথা শিলান্যাস কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
লগতে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ লয়।
অনুষ্ঠানত উপস্থিত থাকে ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, নন্দিতা গাৰ্লোছা, প্ৰদান বৰুৱা, ভূৱন গাম, নৱ কুমাৰ দলে, অমিয় কুমাৰ ভূঞা, মানৱ ডেকা, মিচিং স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা আৰু বহু ব্যক্তি।

Himanta Biswa Sarma

2. নাগপুৰ ৰে’লৱে ষ্টেচনত ‘বন্দে ভাৰত ৰে’লৰ’ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
বন্দে ভাৰত এক্সপ্ৰেছত উঠি যাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

3. আজি হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ ৰূপে শপত ল’লে সুখৱিন্দৰ সিং সুখুয়ে।
উপ-মুখ্যমন্ত্ৰীৰ শপত ল’লে মুকেশ অগ্নিহোত্ৰীয়ে।
শপত গ্ৰহন অনুষ্ঠানত উপস্থিত থাকে AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাসকল।

4. ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশী-বিদেশী পৰ্যটক সকলৰ বাবে সুখবৰ।
ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰিবলৈ এতিয়াৰে পৰা শাৰী পতাৰ প্ৰয়োজন নাই।
www.orangnptr.inৰ জৰিয়তে অনলাইন টিকট সংগ্ৰহ কৰিব পাৰিব পৰ্যটক সকলে।

5. গোৱালপাৰাৰ বাডুংডুপ্পা কলাকেন্দ্ৰত ১৫ ডিচেম্বৰৰ পৰা 2022অনুষ্ঠিত হ’ব UNDER THE SAAL TREE 2022 নাট মহোৎসৱ।
অংশ লব মুম্বাই, মহাৰাষ্ট্ৰ, গুজৰাট, পশ্চিমবংগৰ লগতে শ্ৰীলংকাৰ নাট্য দলে।

6. বিশ্বনাথত প্ৰজ্ঞা ভাৰতীৰ অধীনত ড° বাণীকান্ত কাকতি মেধা পুৰস্কাৰ বিতৰণ উপলক্ষ্যে স্কুটী বিতৰণ অনুষ্ঠান।
বিশ্বনাথৰ ৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা হয়৷
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা।

7. “বিয়াৰ পাছতেই দীপাংক কুমাৰ নাথে ল’ব অসম জাতীয় পৰিষদৰ নেতৃত্ব”- প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ।

8. মহানগৰীৰ উলুবাৰীৰত মুকলি SGৰ শ্ব’ৰূম।
BCCIৰ যুটীয়া সম্পাদক দেৱজিৎ লন শইকীয়াই মুকলি কৰে শ্ব’ৰূমটো।
উপস্থিত থাকে বিধায়ক দিগন্ত কলিতা।
এই শ্ব’ৰূমটোত উপলব্ধ হ’ব SG ব্ৰেণ্ডৰ সকলো সামগ্ৰী।

9. খাৰুপেটীয়াবাসীৰ বাবে সু-খৱৰ ।
খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত ৩০ ৰপৰা ৫০খন বিছনাযুক্তলৈ উন্নতিকৰণ কৰা হৈছে।
দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে অতিৰিক্ত ২০খন বিছনাযুক্ত ভৱনৰ আধাৰশিলা স্থাপন কৰে।

10. মুম্বাইৰ জুহু মেয়ৰ হলত সংগীত পৰিচালক বিজয় কাশ্যপক প্ৰদান কৰা হয় “BOLLYWOOD LEGEND AWARD”৷
কিংবদন্তী সংগীত পৰিচালক ইছমাইল দৰবাৰে সংগীত পৰিচালকগৰাকীক এই বঁটা প্ৰদান কৰে।

11. বাৰাণসীত সাৰ্বজনীন স্বাস্থ্য ক’ভাৰেজ দিৱসত
সৰ্বাধিক সংখ্যক ABHA IDৰ বাবে টীম অসমলৈ প্ৰথম বঁটা।
আয়ুষমান ভাৰত হেল্থ একাউণ্টৰ পৰিচয় পত্ৰ প্ৰদানত শীৰ্ষত অসম।
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই প্ৰদান কৰে এই বঁটা।
NHMৰ মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই গ্ৰহণ কৰে বঁটা।
টেলিকনছালটেচনৰ বাবেও পুৰস্কৃত হয় অসমৰ স্বাস্থ্য বিভাগ।
এই শাখাত দ্বিতীয় স্থান লাভ কৰে টীম অসমে।

12. সোণাপুৰত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাইক্লিং চেম্পিয়নশ্বিপ।
টেপেচিয়াস্থিত LNIPEত আজিৰে পৰা অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা।
দেশৰ বিভিন্ন প্ৰান্তৰ ২৮টা দলে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত।
চাইক্লিং ফেডাৰেশ্বন, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত এই প্ৰতিযোগিতা।
প্ৰতিযোগিতাত ৬০০ৰো অধিক চাইক্লিষ্টৰ অংশগ্ৰহণ কৰে।
১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

13. অভিনেতা দুলাল ৰয় আৰু আকাশবাণী ডিব্ৰুগড়ৰৰ প্ৰথমগৰাকী বাতৰি পঢ়োতা চৈয়দ ছাদুল্লাক “২০২২ বৰ্ষৰ চাতক সন্মান” প্ৰদান কৰা হৈছৈ।
তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ‘চাতক’ৰ তৰফৰ পৰা এই সন্মান প্ৰদান কৰে।

14. ডিব্ৰুগড়ত ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাৰ আয়োজন।
৩৩খন জিলাৰ ১৫০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব এই প্ৰতিযোগিতাত।
১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হব কাৰাটে প্ৰতিযোগিতা।
সংবাদমেলযোগে এই কথা জনায় বিধায়ক প্ৰশান্ত ফুকনে।

15. দ্বীপৰাষ্ট্ৰ জাৰ্ছীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
৩ মহলীয়া অট্টালিকাত জুই লাগি ৩জনৰ মৃত্যু হয়।
সন্ধানহীন হৈ আছে বহুলোক।
জুইৰ মাজৰ পৰা উদ্ধাৰ কৰি অৰ্ধশতাধিকক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

16. জামুগুৰিহাটত নিশা বন্যহস্তীৰ উপদ্ৰৱ।
১৫-২০জনীয়া বন্যহস্তীৰ হাতীৰ জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰিছে।
পথাৰৰ ধান, সৰিয়হ খেতি আদি তহিলং কৰে বন্যহস্তীৰ জাকটোৱে।
আশংকাত উজাগৰি নিশা কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।

17. শোণিতপুৰ আৰক্ষীৰ জালত পৰিছে ড্ৰাগছসহ সৰবৰাহকাৰী।
নিয়মীয়া তালাচীত গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰী জাবেদ আলীক।
সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰে ৮ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ।

18. তিনিচুকীয়াত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ।
এখন বাছৰ পৰা জব্দ কৰে ৭৬৫.৮১ গ্ৰাম হেৰ’ইন।
ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখী আছিল বাছখন।
৬০ চাবোনৰ বাকচত ভৰাই অনা হৈছিল ড্ৰাগছখিনি।
ঘটনাৰ সন্দৰ্ভত ৪ জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

19. দৰঙৰ দলগাঁৱত আৰক্ষীয়ে বস্তাত উদ্ধাৰ কৰে১১টা কুকুৰ।
দলগাঁৱৰ ১নং শিয়ালমাৰীত উদ্ধাৰ কৰে কুকুৰকেইটা।
ডিফুৰ ২জন যুৱকে সৰবৰাহ কৰিছিল কুকুৰকেইটা।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰোষ্টানৱেল টেৰণ, নেলছন নামৰ ২ যুৱকক।

20. গোলকগঞ্জত ১৫ বস্তা ইউৰীয়া-পটাছ সাৰ জব্দ কৰে স্থানীয় ৰাইজে।
ছাগলীয়া আৰু হালাকুৰাৰ কেইবাখনো দোকানৰ পৰা জব্দ কৰে সাৰখিনি।
স্থানীয় ৰাইজে জব্দ কৰি চমাজাই দিয়ে কৃষি বিভাগৰ SDOক ।

Mising Autonomous Council
Mising Autonomous Council 

 

Mising Autonomous Council
Mising Autonomous Council .

News Editor Sangita Dutta R News India 24

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *