৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
Rnewsindia24.com December 12/2022:-
1. আজি গুজৰাটৰ গান্ধী নগৰৰ নতুন সচিবালয়ৰ কাষত নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান।
মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ভূপেন্দ্ৰ ভাই পেটেলে।আৰু কেইবাগৰাকী মন্ত্ৰীয়েও।
অনুষ্ঠান উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল।
2. আজি হাইলাকান্দিৰ কাটলিছেড়াত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে দুটাকৈ উগ্ৰপন্থী সংগঠনে৷
আত্মসমৰ্পণ বৰাকৰ UDLFBV আৰু BRU নামৰ দুই সংগঠনৰ৷
ধন্যনাম ৰিয়াঙৰ নেতৃত্বত আছিল UDLFBV নামৰ উগ্ৰপন্থী সংগঠনটো।
ৰাজেশ চৰ্কীয়ে লৈছিল BRAU নামৰ সংগঠনটোৰ নেতৃত্ব।
অনুষ্ঠানত উপস্থিত থাকে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰি, মন্ত্ৰী পিযুষ হাজৰিকা।
3. চানমাৰি থানাত ছাডেন ভিজিট SDGP জি পি সিঙৰ।
থানাখনৰ অধীনত হোৱা অপৰাধমূলক ঘটনাক লৈ সৰৱ হৈছে জি পি সিং।
চানমাৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ধমক দিয়ে জি পি সিঙে লগতে নুনমাটি ACP নিলোৎপল ডেকাকো ধমক দিয়ে।
4. অসম বিধানসভাৰ শীতকালীন অধিবেশন।
২০ ডিচেম্বৰৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাৰ শীতকালীন অধিবেশন অনুষ্টিত হব।
5. ৱাশ্বিংটন চহৰত সামৰণি পৰিল এদিনীয়া কাৰ্যসূচীৰে আয়োজিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল।
ৰ’নাল্ড ৰেগান আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত প্ৰতিফলিত হ’ল উত্তৰ-পূব ভাৰতৰ বৰ্ণময় কৃষ্টি-সংস্কৃতি।
অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল জুবিন গাৰ্গ।
6. প্রতি বছৰৰ দৰে এইবাৰো ৩১ ডিচেম্বৰৰ পূৰ্বে সাজু হৈছে পৰিবহণ বিভাগ আৰু জিলা প্রশাসন।
৩১ ডিচেম্বৰত, ১ জানুৱাৰীত এটাও যাতে দুৰ্ঘটনা নহয়, তাৰ বাবে সম্পূৰ্ণ সাজু পৰিবহণ বিভাগ।
মহানগৰীৰ বিভিন্ন স্থানত পৰিবহণ বিভাগৰ নিশ্চিদ্র তালাচী।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তালাচী আৰম্ভ কৰিছে পৰিবহণ বিভাগে।
বিশেষকৈ সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ।
7. অসমৰ চাহক ৰাষ্ট্ৰীয় পানীয় ঘোষণাৰ দাবী পবিত্ৰ মাৰ্ঘেৰিটাৰ।
২০২৩ত ২০০ বছৰ পূৰ্ণ হ’ব অসমৰ চাহৰ।
ৰাজ্য চৰকাৰে জাক-জমকতাৰে পালন কৰিব বিশেষ উৎসৱ।
চাহ শ্ৰমিকসকললৈ বিশেষ পেকেজ ঘোষণাৰ আহ্বান।
চাহৰ নামত সংমিশ্ৰণ ৰোধৰ ব্যৱস্থা লোৱাৰ দাবী।
8. CAA আন্দোলনলৈ গৈ অকালতে মৃত্যুক আকোৱালি লোৱা ছেম ষ্টেফৰ্ডলৈ শ্ৰদ্ধাঞ্জলি।
হাতীগাঁৱত আয়োজন কৰা হৈছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
CAA বিৰোধী আন্দোলনত নিহত হয় দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম, দ্বিজেন্দ্ৰ পাংগিং।
9. বাক্সাৰ ৰাঙাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।
মাৰুতী অল্ট’-মাৰুতী S-Pressoৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এবছুৰ সাংস্কৃতিক সম্পাদিকা কণিকা বড়ো।
উত্তেজিত লোকে জ্বলাই দিলে
অল্ট’-মাৰুতী S-Pressoৰ বাহন।
২৩ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল কণিকা বড়ো।
10. “চৰকাৰ চলাবলৈ পইচা চৰকাৰৰ আছে।
চৰকাৰে চোৰ ডকাইত কৰি পইচা অনা নাই।
বিৰোধীয়ে চৰকাৰ চলাব পৰা নাছিল।
চৰকাৰ, দেশ চলাবলৈ মানুহ সক্ষম হ’ব লাগিব”- মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ।
11. বৰপেটাৰ মীৰা দাস নামৰ গৃহৰক্ষী জোৱানজনৰ বাসগৃহৰ পৰা জব্দ কৰে ড্ৰাগছ।
জব্দ কৰে ৩৫ গ্ৰাম ব্ৰাউন ছুগাৰ আৰু লগতে নগত ৭০ হাজাৰ টকা ।
ঘটনাৰ সন্দৰ্ভত মীৰা দাসৰ পুত্ৰ, বোৱাৰীক আটক কৰে আৰক্ষীয়ে।
12.”ভূপেন দা আপুনি কবিতা লিখা এৰক।
যি অলপ জনপ্ৰিয়তা আছে সেইখিনিও নাইকীয়া হ’ব।
ভূপেন বৰাই ইমানেই ফ্লপ কবিতা লিখিছে।
সুৰ নাই, কথাৰ কোনো মিল নাই”- মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ।
13. “CAA মানি লোৱাৰ প্ৰশ্নই নাহে।
গছ কাটিবলৈ গৈ কোনোবা গুলী খাই মৰিলেও চৰকাৰে সাহাৰ্য্য দিয়ে, কিন্তু এটা জাতিক জীয়াই ৰাখিবলৈ সংগ্ৰাম কৰিবলৈ অহা নিৰিহ আন্দোলনকাৰীক চৰকাৰে গুলীয়াই হত্যা কৰাৰ পাছতো এতিয়ালৈকে একো সাহাৰ্য্য নিদিলে”- মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ।
14. গুৱাহাটী মহানগৰীৰ মালিগাঁৱত ভয়ংকৰ কাণ্ড সংঘটিত হয়।
ঘৰৰ দুৱাৰডলিৰ পৰাই অপহৰণ কৰি নিয়ে ৪ বছৰীয়া কন্যা শিশুক।
ফেৰীৱালাৰ বেশত অহা অপৰণকাৰীয়ে লৈ গ’ল এজনী কণমানিক।
15. অসম আৰক্ষীৰ গুলীত ধৰাশায়ী বিহাৰৰ প্ৰফেচনেল কিলাৰ মোহন কুমাৰ।
লামডিঙত নিশা আৰক্ষীয়ে এনকাউন্টাৰ কৰে দুৰ্ধৰ্ষ অপৰাধীটোক।
16. “আছু কৰাৰ বয়সৰ সৰ্বোচ্চ সময় সীমা ৩৫ বছৰ হোৱাটো মই বিচাৰোঁ”- মন্তব্য লুৰিণজ্যোতি গগৈৰ।
17. আফগানিস্তানৰ ৰাজধানী কাবুলত সন্ত্ৰাসবাদী আক্ৰমণ।
এখন চীনা হোটেলত সোমাই সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ কৰা বুলি জানিব পৰা গৈছে।
গুলীবৰ্ষণৰ পাছতে হোটেলখনত জুই লাগে।
হোটেলখনত বহুকেইগৰাকী চীনা নাগৰিকও আছিল বুলিও জানিব পৰা গৈছে।
18. ডিব্ৰুগড়ৰ লাহোৱাল দঙৰপথাৰত শোকাৱহ ঘটনা সংঘটিত হৈছে।
বুঢ়ীদিহিঙত উদ্ধাৰ কৰে হীৰকজ্যোতি কোঁৱৰৰ মৃতদেহ।
৩ সমনীয়াৰ সৈতে সাঁতুৰিবলৈ গৈ নিখোজ হৈছিল হীৰক।
ফুলামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল হীৰক।
দীৰ্ঘ সময়ৰ অভিযানৰ অন্তত SDRF বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহ।
19. গুৰুতৰভাৱে অসুস্থ বিশিষ্ট শিক্ষাবিদ ড° শিৱনাথ বৰ্মন।
কিডনীজনিত ৰোগত আক্ৰান্ত হৈ আছে শিৱনাথ বর্মন।
20. অসমৰ পিছপৰা অঞ্চলৰ শিক্ষাৰ্থীলৈ সুখবৰ।
ৰাজ্যৰ পিছপৰা অঞ্চলত বন্ধনে স্থাপন কৰিছে শিক্ষাকেন্দ্ৰ।
অসমৰ ১০ খন জিলাত বন্ধনৰ শৈক্ষিক বিপ্লৱ।
ৰাইজে আগ্ৰহেৰে আদৰি লৈছে বন্ধন শিক্ষাকেন্দ্ৰ।
Mising Autonomous Council .
Mising Autonomous Council .