৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com  December 13/2022:- 

1. জনতা ভৱনত ছ’লাৰ লাইট বিতৰণ অনুষ্ঠান।
দ্য আৰ্ট অৱ লিভিঙৰ উদ্যোগত এই কাৰ্যসূচী আয়োজন কৰা হয়।
অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পিযুষ হাজৰিকা, মন্ত্ৰী যোগেন মোহন, মন্ত্ৰী নন্দিতা গাৰ্লোচা, মন্ত্ৰী সঞ্জয় কিষাণ, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু কেইবাগৰাকী গন্য মান্য ব্যক্তিয়ে।
আজি প্ৰথম পৰ্যায়ত ২ হাজাৰ ছ’লাৰ লাইট বিতৰন কৰা হয়।

2. প্ৰধানমন্ত্ৰীক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল এগৰাকী কংগ্ৰেছ নেতা৷
পুৱাই বাসগৃহৰ পৰাই পান্না আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মধ্য প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ নেতা ৰাজা পাটেৰিয়াক৷
‘সংবিধান বচাবলৈ হ’লে মোদীক হত্যাৰ বাবে তৎপৰ হওক’ বুলি মন্তব্য কৰিছিল পাটেৰিয়াই৷

3. ‘ভাৰতৰ এক ইঞ্চিও মাটি চীনৰ হাতলৈ যাবলৈ দিয়া নহ’ব’- মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

4. ‘অৰুণাচলৰ সেই প্ৰান্ত প্ৰাচীন কালৰে পৰা ভাৰতৰ’।অৰুণাচলৰ চীন সীমান্তৰ সংঘাত সন্দৰ্ভত দিল্লীত প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৰ।

5. কবি আনিছ উজ জামানালৈ ২০২১ বৰ্ষৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য বঁটা।
নৰ্থ ইষ্ট ফাউণ্ডেশ্যনে জামানক প্ৰদান কৰে এই বিশেষ বঁটা।
অনুষ্ঠানত অংশগ্ৰহণ কৰে কুলধৰ শইকীয়া আৰু অধ্যাপক ইৰছাদ আলীয়ে।

6. বাক্সাত বৰমা মহাবিদ্যালয়ত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত।
ড° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই।

7. আজি বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল।
সমুখ সমৰত নামিব আৰ্জেণ্টিনা-ক্ৰ’ৱেছিয়া।
খেলখনক লৈ উৎকণ্ঠিত ফুটবলপ্ৰেমী।
মাজনিশা ১২.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব মেচখন।
কাটাৰৰ লুছাইল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন।

8. সোমবাৰে কাবুলস্থিত চীনা হোটেলত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ ISISৰ।
উল্লেখ্য যে, কাবুলৰ চীনা হোটেলত হোৱা এই আক্ৰমণত ইতিমধ্যে নিহত হৈছে গুলীবৰ্ষণ কৰা তিনি সন্ত্ৰাসবাদী।
আহত হৈছে ১৮গৰাকীকৈ লোক।

9. নিজ পিতৃক হত্যা কৰি শৰীৰৰ ৩২টাকৈ টুকুৰা কৰি খেতিপথাৰৰ উন্মুক্ত গাঁতত পেলালে পুত্ৰই।
আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি ৫৩ বছৰীয়া পিতৃ পৰশুৰামে নিতৌ নিচাজাতীয় দ্ৰব্য সেৱন কৰি আহি সৰু পুত্ৰ বিথালা কুলালীৰ ওপৰত নিৰ্যাতন চলায়।
উৎপীড়ন সহ্য কৰিব নোৱাৰি ৬ ডিচেম্বৰত প্ৰথমে ৰডেৰে পুত্ৰই পিতৃক হত্যা কৰে। পিছত পিতৃৰ শৰীৰ ৩২ টুকুৰা কৰি পেলাই দিয়ে উন্মুক্ত গাঁতত।
অভিযুক্ত ২০ বছৰীয়া পুত্ৰক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
কৰ্ণাটকৰ বাগালকোটত সংঘটিত হৈছে এই ঘটনা।

10. মুকালমুৱাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ত বিত্তীয় অনিয়মৰ অভিযোগ।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ভাস্কৰ কলিতাৰ বিৰুদ্ধে উঠিছে এই অভিযোগ।
মহাবিদ্যালয়ৰ জমা পুঁজিৰ ধন খৰছ কৰাৰ অভিযোগ অধ্যক্ষ ডঃ ভাস্কৰ কলিতাৰ বিৰুদ্ধে।
মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ অনুমোদন অবিহনে অধ্যক্ষ গৰাকীয়ে মহাবিদ্যালয়ৰ সামগ্ৰীসমূহ ক্ৰয় কৰা বুলি অভিযোগ উঠিছে।

11. লিডু, মাৰ্ঘেৰিটাত চলিছে অবাধ কয়লাখনন।
লেখাপানী ৰেঞ্জৰ অন্তৰ্গত লেখাপানী ৰিজাৰ্ভ ফৰেষ্ট, টিৰাপ ৰিজাৰ্ভ ফৰেষ্ট আৰু টীপুং ৰিজাৰ্ভ ফৰেষ্টত চলিছে অবাধ বন ধ্বংসযজ্ঞ আৰু কয়লাখনন।
৫০০খন এস্কেভেটৰ, ফকলেণ্ড, জেচিবিৰ সহায়ত চলি আছে অবাধখনন।
কয়লা খনন আৰু বন ধ্বংসযজ্ঞ সকলোবোৰ দিশ সাঙুৰি মুখ্যমন্ত্ৰীলৈ এখনি পত্ৰ লিখে অখিল গগৈয়ে।

12. নিশা মহানগৰীৰ খ্ৰীষ্টানবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী ‘ইণ্ডিগ’ বাহনে খুন্দা মাৰে ৰৈ থকা এখন ট্ৰাকত।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS01BH 2560 ।
দুৰ্ঘটনাগ্ৰস্ত ‘ইণ্ডিগ’ বাহনখন সম্পূৰ্ণ সোমাই যায় ৰৈ থকা এখন ট্ৰাকৰতলত।
বাহনখনত আছিল ৪ জনকৈ লোক।
আহত হোৱা ৪ জনক GMCH লৈ প্ৰেৰণ কৰা হয়।

13. বাংগালুৰুত শোকাৱহ দুৰ্ঘটনা।
এখন ডাম্পাৰে মহটিয়াই নিলে অসমৰ ৩ জন যুৱকক।
নিহত হয় বাঁহগড়াৰ অসীম দেউৰী, কচুৱাৰ চন্দন দাস, কাৰ্বি আংলঙৰ কৰণ বসুমতাৰী।
বাংগালুৰুৰ মায়াচান্দ্ৰাত নিশা সংঘটিত হয় এই শোকাৱহ ঘটনাটো।

14. গৰৈমাৰীত আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে অবৈধ চোৰাং গৰু সৰবৰাহকাৰীক।
এখন পিকআপ ভানৰ পৰা জব্দ কৰে ৭টাকৈ চোৰাং গৰু।

15. শ্ৰীৰামপুৰত ট্ৰাকৰ পৰা কেইবা লক্ষাধিক টকাৰ গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।
ট্ৰাকখনৰ কেবিনৰ গোপন চেম্বাৰৰ পৰা ৪৪টা পেকেট গাঞ্জা জব্দ কৰে।
জব্দ কৰা গাঞ্জাখিনিৰ পৰিমান ৪০০ কিলোগ্ৰাম।
ঘটনাৰ সন্দৰ্ভত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে আৰক্ষীয়ে।

16. কলিয়াবৰৰ উলুৱনীত ভয়ংকৰ পথ দুৰ্ঘটনা।
টাটা ডি আই আৰু ট্ৰেক্টৰৰ সংঘৰ্ষ।
সংঘৰ্ষৰ ফলত জ্বলি উঠে টাটা ডি আই বাহনখন।
অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপন কৰে।
আহত হয় টাটা ডি আই বাহনখনৰ চালক আৰু হেণ্ডিমেন।

17. গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত দিগন্ত বৰা।
বৰ্তমানৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হয়।
গৃহ-ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিবৰ দায়িত্বত আছিল IPS দিগন্ত বৰা ।

18. বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ কাণ্ড।
সন্তান প্ৰসৱ কৰোৱাৰ নামত ধন দাবীৰ অভিযোগ।
প্ৰসূতি বিভাগৰ চিকিৎসক নুৰুল হকৰ বিৰুদ্ধে এই অভিযোগ উথাপন হৈছে।
উদমাৰী গাঁৱৰ ৰেণুকা খাতুনৰ পৰা ৩,৫০০ টকা দাবী।
চিজাৰিয়ান অস্ত্ৰোপচাৰৰ বাবদ চিকিৎসকজনে দাবী কৰে এই ধন।
প্ৰসূতিৰ পৰিয়ালে চিকিৎসকজনক আদায় দিয়ে ৩ হাজাৰ টকা।
৫০০ টকা কমকৈ দিয়াত প্ৰসূতিগৰাকীক ধমক চিকিৎসকৰ।
মাতৃ আৰু সন্তানক চিকিৎসকজনে অভিশাপ দিয়াৰো অভিযোগ উঠিছে। চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক দাবী প্ৰসূতিৰ আত্মীয়ৰ।

19. কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুৰব্বী গকুল বৰ্মনৰ বিৰুদ্ধে সৰৱ বিদ্রোহী সংগঠন KLO।
কোচ ৰাজবংশীক অসমীয়া জাতিৰ অংগ বুলি কৈ KLOৰ ৰোষত গকুল বৰ্মন।
গকুল বৰ্মনক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী KLOৰ।
প্রাক্তন আক্রাছু নেতা বিশ্বজিত ৰায়েও সমালোচনা কৰে গকুল বৰ্মনক।

20. অসম প্রদেশ কংগ্রেছে ধুবুৰীৰ পৰা আৰম্ভ কৰা ‘ভাৰত জোড়ো’ কাৰ্যসূচীয়ে আজি ৪৩টা দিনত ভৰি দিলে।
‘ভাৰত জোড়ো’ৰ অন্তিম কাৰ্যসূচীত অংশ লৈ দলৰ সভাপতি ভূপেন বৰাই তিনিচুকীয়াৰ পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে ঘোষণা কৰিলে -“২০২৪ৰ নিৰ্বাচন হেনো কংগ্রেছৰ বাবে হ’ব মহাভাৰতৰ যুদ্ধ”।

Mising Autonomous Council
Mising Autonomous Council .

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *