৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com December 27/2022:-
1. আজি হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ ২০ সংখ্যক মৃত্যুবাৰ্ষিকী।
চানমাৰিৰ শ্বহীদ উদ্যানত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আয়োজন কৰা হৈছে।
প্ৰতিবছৰে শিল্পীগৰাকীৰ মৃত্যুৰ দিনটোত লোক-সংগীতৰ সাধক এগৰাকীক স্মাৰক বঁটা প্ৰদান কৰি আহিছে।
এই বছৰ ধেমাজিৰ সুসন্তান, লোক-সংস্কৃতিৰ সাধক ‘একলব্য গাম’ লৈ “প্ৰতিমা বৰুৱা পাণ্ডে” বঁটা প্ৰদান কৰা হয়।
সমান্তৰালভাৱে অসমৰ থলুৱা লোকগীত, লোক-পৰম্পৰাৰ প্ৰচাৰ, প্ৰসাৰ আৰু গৱেষণাৰ সুব্যৱস্থা গ্ৰহণ কৰিবলৈ আছুৱে চৰকাৰক আহ্বান জনাই।
2. দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ আজি শপত গ্রহণ।
২২ জন পাৰিষদে আজি শপত লয়।
যোৱা ৮ নৱেম্বৰত অনুষ্ঠিত হৈছিল DACৰ নিৰ্বাচন।
উক্ত অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকা, সাংসদ প্ৰদান বৰুৱা, অমিয় কুমাৰ ভূঞা, উৎপল বৰা, কেশৰাম বৰা, ফণীধৰ বৰুৱা, প্ৰণৱ জ্যোতি লহকৰ আৰু গন্যমান্য ব্যক্তি সকল।
3. অসমত বিধানসভা আৰু লোকসভা সমষ্টিৰ হ’ব পুনঃনিৰ্ধাৰণ।
দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰিছে এই তথ্য।
২০০১ৰ লোকপিয়লৰ ভিত্তিত হ’ব সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়া।
নতুন প্ৰশাসনিক গোট গঠনত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ।
১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হ’ব এই নিষেধাজ্ঞা।
সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈ বাহাল থাকিব নিষেধাজ্ঞা।
4. বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অসম ক্ৰিকেট সন্থাৰ সভাপতি একাদশ আৰু উপ-সভাপতি একাদশৰ মাজত অনুষ্ঠিত হয় এখন প্ৰীতি খেল৷
খেলখনত উপ-সভাপতি একাদশে বিজয় সাব্যস্ত কৰে৷
সভাপতি একাদশৰ হৈ বেটিঙত ১১টা বলৰ সন্মুখীন হৈ তিনিটা চাৰিৰ সহযোগত ১৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ACAৰ সভাপতি তৰংগ গগৈয়ে৷
5. নুমলীগড়ৰ লাৱনঘাটত আদৰ্শ শিশু সংহত গৃহ শুভ উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই।
উক্ত অনুষ্ঠানত শিশু সকলৰ মনৰো বুজ লয় মন্ত্ৰী গৰাকীয়ে।
6. খাৰুপেটীয়াত সুৰাপায়ী চালক আৰু হেলমেট পৰিধান নকৰা বাইকআৰোহীৰ বিৰুদ্ধে অভিযান।
নিশা বহু দেৰিলৈকে অভিযান চলায় আৰক্ষীয়ে।
প্ৰতিটো বনভোজ দলকো তন্নতন্নকৈ পৰীক্ষা কৰে।
যান-বাহন আইন উলংঘাৰ বাবে বহু চালকক জৰিমনা বিহা হৈছে।
7. কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হিৰণ্য চলিহাৰ বিৰুদ্ধে গণ প্ৰতিবাদ।
৬ বছৰে ৫০ লক্ষাধিক টকাৰ জালিয়াতিৰ তথ্য উন্মোচিত হোৱাত ক্ষোভিত কলিয়াবৰবাসী।
মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত প্ৰাক্তন শিক্ষক, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন ছাত্ৰই প্ৰতিবাদ সাব্যস্ত কৰে অভিযুক্ত অধ্যক্ষ গৰাকীক তৎকালে নিলম্বনৰ দাবীৰে।
8. মহানগৰীত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰা হৈছে।
জালুকবাৰী তেতেলীয়াৰ এটা ফ্লেটৰ পৰা জব্দ কৰা হৈছে হেৰ’ইনখিনি।
২২টা চাবোনৰ বাকচত আছিল ড্ৰাগছখিনি।
আৰক্ষীৰ অভিযানৰ উমান পাই পলাবলৈ লৈছিল আলম আলী নামৰ সৰবৰাহকাৰীটো।
9. “আপুনি ল’ব লাগিব কৰোনাৰ চতুৰ্থ ভেকচিন।
কোভিড ৰোধিবলৈ চতুৰ্থ টীকাকৰণ আৰম্ভ কৰক”।
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীক পৰামৰ্শ দিয়ে বিশেষজ্ঞ এগৰাকী
চিকিৎসকে।
10. শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ১৪৫৯ খ্ৰীষ্টাব্দত, ১৪৪৯ খ্ৰীষ্টাব্দত নহয়।
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাৰ গৱেষণাত এই নতুন তথ্য।
11. ৰঙিয়াৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত।
ব্ৰেথ এনালাইজাৰৰ জৰিয়তে চালকসকলক পৰীক্ষা কৰা হৈছে।
যান-বাহন আইন অমান্য কৰা চালকক বিহা হৈছে জৰিমনা।
বাহনচালকক সজাগ হ’বলৈ আহ্বান ডিজিপি গৰাকীৰ।
12. NPS ইণ্টাৰনেচনেল স্কুলৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ।
২৩ ডিচেম্বৰত অনুষ্ঠিত হয় বাৰ্ষিক ক্ৰীড়া সমাৰোহ।
মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী।
13. গোগামুখত ৰে’ল পথ অৱৰোধ কাৰ্যসূচী।
গোগামুখ আঞ্চলিক ছাত্র সন্থাই সাব্যস্ত কৰে এই প্রতিবাদী কাৰ্যসূচী।
ষ্টেচনটোত আগতীয়া টিকটৰ সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু দূৰণিবটীয়া ৰেল ৰখোৱা, ষ্টেচনৰ উন্নয়নৰ দাবীৰে প্ৰতিবাদ কৰে।
14. ডিগবৈৰ পেঙেৰীত বজ্রপাতত আহত হয় ৩জন লোক।
জানকীপুৰ চাহ বাগিচাত সংঘটিত এই ঘটনা।
চাহগছ কলম কৰি থকা সময়তে বজ্র পৰি আহত হয় শ্রমিক কেইজন।
15. ওদালগুৰিত জিলা আমছুৰ সভাপতিসহ ৫০জন সদস্যক আটক ।
উচ্ছেদৰ বিৰুদ্ধে আজি প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল আমছুৱে।
প্রতিবাদ বন্ধ কৰিবৰ বাবেই আৰক্ষীয়ে ঘৰৰ পৰাই আটক কৰে সদস্যসকলক।
16. আজি ছলমান খানৰ জন্মদিন।
৫৭ বছৰ বয়সত ভৰি দিলে অভিনেতাজনে।
‘বিবি হো তু এইছা’ ছবিৰ জৰিয়তে প্ৰৱেশ কৰিছিল বলীউডত অভিনেতাজনে।
17. অসম-মিজোৰাম সীমান্তৰ গল্লাছড়াত পুনৰ উত্তেজনা।
অসমৰ ভূমিত মিজো লোকে কাটিলে গছ।
ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক।
18. মহানগৰ আৰক্ষীয়ে হেৰ’ইনসহ এজনক গ্রেপ্তাৰ কৰে।
তেতেলীয়া তিনিআলিত অভিযান চলাই জব্দ কৰে হেৰ’ইনখিনি।
২২টা চাবোনৰ বাকচত ৰখা অৱস্থাত জব্দ কৰে ৩০০ গ্রাম হেৰ’ইন।
19. লামডিঙত নিশা লংকা আৰু লামডিং আৰক্ষীৰ অভিযান।
২২ লক্ষাধিক টকাৰ চুৰি সামগ্রীৰ সন্ধানত আৰক্ষীৰ অভিযান।
লামডিং- লংকা ৰোডৰ এটা গুদামৰ পৰা উদ্ধাৰ কৰা হৈছে কিছু সামগ্রী।
গুৱাহাটীৰ পৰা মণিপুৰলৈ নিয়াৰ সময়তে হৰলুকি হৈছিল সামগ্রীখিনি।
20. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকক ছাত্ৰাৱাসৰ পৰা বহিষ্কাৰ কৰা হৈছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত নাম সাঙোৰ খাইছিল উজ্জ্বল অংকুৰ বৰুৱা।
সেয়ে বৰ্তমান বহিষ্কাৰ কৰা হৈছে।