৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com December 29/2022:- 

Mising Autonomous Council
Mising Autonomous Council.

1. উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত ৰাজ্যপাল জগদীশ মুখী।
বিশ্ববিদ্যালয় সংক্ৰান্তীয় এক আলোচনাৰ বাবে উপস্থিত হয় ৰাজ্যপাল গৰাকী।
মহাবিদ্যালয়ৰ কতৃপক্ষই উষ্ম আদৰণি জনাই ৰাজ্যপাল গৰাকীক।

2. আজিৰে পৰা চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আৰম্ভ হৈছে অসম গ্ৰন্থমেলা ৷
৯ জানুৱাৰীলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত হব এই গ্ৰন্থমেলা ৷
১৫০খনৰো অধিক দেশী-বিদেশী বিপণিৰ অংশগ্ৰহণ কৰিব গ্ৰন্থমেলাত।
গ্ৰন্থমেলাত বাংলাদেশৰ ১২ টা প্ৰকাশন গোষ্ঠীৰ অংশগ্ৰহণ কৰিব।
প্ৰকাশ পাব অসম প্ৰকাশন পৰিষদৰ একুৰিৰো অধিক নতুন গ্ৰন্থ।

3. চাকৰি প্ৰত্যাশীসকলৰ বাবে সুখবৰ।
গৃহৰক্ষী আৰু অসামৰিক সুৰক্ষাৰ ২১১ পদত নিযুক্তিৰ বিজ্ঞাপন। www.slprbassam.inত অনলাইনযোগে কৰিব পাৰিব আবেদন।
আবেদনৰ অন্তিম তাৰিখ ২০২৩ বৰ্ষৰ ৫ফেব্ৰুৱাৰী।
প্ৰাৰ্থীৰ ন্যূনতম শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা।

4. সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ শাসকীয় মিত্রজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক।
মন্ত্রী অশোক সিংঘালৰ বাসগৃহত এই বৈঠক আয়োজন কৰা হয়।
বৈঠকত উপস্থিত থাকে BJPৰ ৰাষ্ট্রীয় সাঃ সম্পাদক দিলীপ শইকীয়া, ৰণজিৎ দাস, অতুল বৰা, ফণীভূষণ চৌধুৰীৰ লগতে আন শীৰ্ষ নেতা।

5. ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত বন্যপ্রাণী সুৰক্ষা মঞ্চৰ প্রতিবাদ।
আম্বানীৰ চিৰিয়াখানাৰ পৰা বন্যপ্রাণী ঘূৰাই অনাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদত অংশ লয় বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোহাঁই আৰু বহু ব্যক্তিয়ে ।

6. APSCৰ ২০১৪ বৰ্ষৰ পৰীক্ষা কেলেংকাৰীৰ ভয়ংকৰ তথ্য উন্মোচন।
২ ৰাজপত্রিত বিষয়ালৈ ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ জাননী।
DSP ভনীতা নাথ, আৱকাৰী অধীক্ষক মানৱী দাসলৈ জাননী।
১৫ দিনৰ ভিতৰত আয়োগত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।
DSP ভনীতা নাথে বক্ৰপথেৰে APS পদ লোৱাৰ অভিযোগ।
একেই অভিযোগ আৱকাৰী অধীক্ষক মানৱী দাসৰ বিৰুদ্ধে।

7. বিশিষ্ট সাংবাদিক এম এছ প্ৰভাকৰৰ মৃত্যু।
মৃত্যুৰ সময়ত সাংবাদিক গৰাকীৰ বয়স আছিল ৮৬ বছৰ।

8. মহানগৰ আৰক্ষীৰ সংবাদমেল।
৩১ ডিচেম্বৰৰ প্রতি লক্ষ্য ৰাখি সংবাদমেলৰ সম্বোধন
মহানগৰবাসীলৈ DCPৰ আহ্বান-
‘সুৰাপান কৰি যাতে কোনেও গাড়ী নচলায়’
অনুজ্ঞাপত্র নোহোৱাকৈ, তীব্র গতিত বাহন চলোৱাৰ পৰা বিৰত থকাৰ লগতে বাহন চলোৱাৰ সময়ত ছিট বেল্ট পৰিধান কৰিব লাগিব।

9. কোকৰাঝাৰত ৭৬ সংখ্যক সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতা।
কাৰ্যসূচীত উপস্থিত থাকে BTRৰ মুখ্য কায্যবাহী প্ৰমোদ বড়ো আৰু বহু ব্যক্তি।

10. DY365ৰ জ্যেষ্ঠ সাংবাদিক স্নিগ্ধাশিখা বৰালৈ ‘সাহসী বঁটা ২০২২’।
‘সাহসী’ নামৰ বে-চৰকাৰী সংস্থাই প্ৰদান কৰিছে এই বঁটা।

11. শ্রীৰামপুৰত যাত্রীবাহী এখন বাছৰ পৰা বাৰ্মিজ চুপাৰি জব্দ কৰে।
শিমুলটাপু আৰক্ষীয়ে জব্দ কৰে ৪০ বস্তা বাৰ্মিজ চুপাৰি।
ঘটনাৰ সন্দৰ্ভত বাছখনৰ চালক সুজিৎ দাসক আটক কৰে আৰক্ষীয়ে।

12. মহানগৰীৰ দক্ষিণ গাঁৱত আৰক্ষীৰ অভিযান।
ভগদত্তপুৰ আৰক্ষীৰ অভিযানত জব্দ কৰে ড্রাগছ।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ড্রাগছসহ দুই সৰবৰাহকাৰীক।

13. কম্বোডিয়াৰ এখন হোটেলৰ কেচিনোত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
অগ্নিকাণ্ডত ১০ জন লোক নিহত হয় আৰু ৩০ জনতকৈও অধিক লোক অগ্নিদগ্ধ হয়।
হোতেলখনত ৪ শতাধিক লোক গোট খাইছিল এটা পাৰ্টিত ।
নিশা ১১ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।

14. গোৱালপাৰাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা।
কৃষ্ণাইৰ বিভিন্ন ঠাইত বন বিভাগৰ দলে চলাইছে অভিযান।
কাঠফলা মিল উচ্ছেদৰ লগতে জব্দ কৰে শাল, চেগুন গছৰ কুণ্ডা।
জব্দকৃত কুণ্ডাখিনিৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকা।

15. যোৰহাট চহৰত ক্রাইম ব্রান্সৰ অভিযান।
অভিযানত গ্রেপ্তাৰ কৰে এগৰাকী যুৱতীক।
গ্রেপ্তাৰ হোৱা যুৱতীগৰাকীৰ নাম পল্লৱী কলিতা।
গুৱাহাটীৰ স্পাত যুৱতী যোগান ধৰে পল্লৱীয়ে।

16. অবৈধভাৱে সৰবৰাহ কৰা ১৭ টাকৈ গৰু জব্দ আৰক্ষীয়ে।
লগতে সোণাৰি চাপৰি আৰক্ষীয়ে জব্দ কৰে গৰুসহ ৫জন সৰবৰাহকাৰীক।

17. ডিব্ৰুগড় AMCH ৰ পৰা সন্ধানহীন ৰোগী।
ৰোগীজন মৰাণৰ বঙালীগাঁৱৰ বিমান হাজৰিকা।
২৪ ডিচেম্বৰত AMCH ত ভৰ্তি কৰোৱা হৈছিল বিমান হাজৰিকাক।

18. মহানগৰীৰ জু-ৰোডস্থিত এটা ষ্টুডিঅ’ত নতুন গীতৰ শুভমুক্তি।
অসমীয়া বিহু সুৰীয়া “বুঢ়ীমাই” শীৰ্ষক গীত মুকলি কৰা হৈছে।
গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু নৱস্মিতা মেধিয়ে।

19. অন্ধ্ৰপ্ৰদেশত তেলেগু দেশম পাৰ্টিৰ সভাত অঘটন।
পদপিষ্ট হৈ মৃত্যু ৭ জনকৈ ব্যক্তিৰ।
মৃতসকলৰ মাজত আছে দুগৰাকী মহিলাও।
নেল্লৰৰ কুন্দুকুৰত অনুষ্ঠিত হৈছিল এন চন্দ্ৰবাবু নাইডুৰ সভা।
সভাত সমৱেত হৈছিল কেইবাসহস্ৰাধিক জনতা।
সভাৰ লগত সংগতি ৰাখি উলিওৱা হৈছিল বিশেষ ৰোড শ্ব’।
ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডুৱে।
বুধবাৰে নিশা অনুষ্ঠিত ৰেলীত এই অঘটন।
মৃতকৰ পৰিয়াললৈ ১০ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা TDPৰ।
ঘটনাত আহতসকলৰ বাবেও উন্নত চিকিৎসাৰ ব্যৱস্থা।
নিহতসকলৰ সন্তানৰ শিক্ষাৰ দায়িত্ব ল’ব NTR ট্ৰাষ্টে।

20. হোজাইত ৰে’লৰ পৰা আটক কৰে গাঞ্জাসহ সৰবৰাহকাৰীক।
আটকাধীন সৰবৰাহকাৰীটো পাটনাৰ গুণগুণ কুমাৰ।
সৰবৰাহকাৰী গুণগুণ কুমাৰৰ পৰা জব্দ কৰা হৈছে ৯.৫ কেজি গাঞ্জা।
নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছৰ পৰা জব্দ কৰে গাঞ্জাখিনি।
ত্ৰিপুৰাৰ পৰা বিহাৰলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল গাঞ্জাখিনি।

Leave a Reply

Your email address will not be published. Required fields are marked *