৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদ ।
Rnewsindia24.com January 21/2023:-
1. গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ মহাৰজত জয়ন্তী উদযাপন।
আয়োজন কৰা হৈছে প্ৰাক্তন সতীৰ্থ সন্মিলনৰ।
অনুষ্ঠানৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° প্ৰতাপজ্যোতি সন্দিকৈ, বাণিজ্য বিভাগৰ মুৰব্বী ড° অমৃতপাল সিং, অধ্যাপক-অধ্যাপিকা, ন-পুৰণি ছাত্র-ছাত্ৰীসকল আৰু গণ্য-মান্য ব্যক্তিসকল।
2. অসম সাহিত্য সভাৰ বিভিন্ন বঁটাৰ বাবে নাম ঘোষণা কৰা হৈছে- ড° এম কামালুদ্দিন আহমেদলৈ ‘অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা’।
ড° এম কামালুদ্দিন আহমেদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক।
ড° পূৰ্ণ ভট্টাচাৰ্যলৈ ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা’।
নীলাক্ষী চলিহা গগৈলৈ ‘বাসন্তী বৰদলৈ বঁটা’।
গংগাপদ চৌধুৰীলৈ ‘হেম বৰুৱা বঁটা’।
মুকুট শৰ্মালৈ ‘বুদুৰাম পাংগিং সোৱৰণি বঁটা’।
অঞ্জলী শৰ্মালৈ ‘ফণী তালুকদাৰ-
ডলী তালুকদাৰ ব্যংগ সাহিত্য বঁটা’।
ভূপেন্দ্ৰ ৰায় চৌধুৰীলৈ ‘ভৰত চন্দ্ৰ বৰুৱা বঁটা’।
২ ফেব্ৰুৱাৰীত প্ৰদান কৰা হব এই বঁটা সমূহ।
3. জাগীৰোডস্থিত বিবেকানন্দ ক্লাৱৰ সোণালী জয়ন্তী বৰ্ষ।
উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা আৰু গন্যমান্য ব্যক্তি।
সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজিত হয় কুইজ আৰু সংগীত প্ৰতিযোগিতা।
প্ৰতিযোগী সকললৈ আৰু ক্লাৱৰ বিষয়-ববীয়া সদস্য সকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে।
4. GMCHৰ চাৰি নম্বৰ ছাত্ৰাৱাসে অতিক্ৰম কৰিলে ৫০ বছৰ।
ছাত্ৰাৱাসটোৰ সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত বৰ্ণাঢ্য কাৰ্যসূচীত উপস্থিত থাকে জুবিন গাৰ্গ।
উক্ত অনুষ্ঠানত ‘ডক্তৰ বেজবৰুৱা ২’ৰ প্ৰচাৰ কৰে জুবিন গাৰ্গ আৰু চিনেমাখনৰ প্ৰযোজক ডাঃ অক্ষতা নাৰায়ণে।
5. বন বিভাগৰ ২,৬৪৯টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।
২৬৪টা ফৰেষ্টাৰ, ১,২২৬ ফৰেষ্ট গাৰ্ড, ৯৮১টা কনিষ্টবল, ১৭৮টা ড্ৰাইভাৰ পদৰ বাবে বিজ্ঞাপন৷
আবেদনৰ অন্তিম তাৰিখ ২০২৩ৰ ৬ ফেব্ৰুৱাৰী৷
অনলাইনযোগে আবেদন কৰিব পাৰিব প্ৰাৰ্থীয়ে৷
www.slprbassam.in ৱেবছাইটত কৰিব পাৰিব আবেদন৷
শাৰীৰিক সক্ষমতা আৰু লিখিত পৰীক্ষাৰ ভিত্তিত হ’ব নিযুক্তি৷
6. পুৱতি নিশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখ খানৰ।
নিশা ২ বজাত মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে ছুপাৰষ্টাৰগৰাকীয়ে।
গুৱাহাটীত সংঘটিত ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে শ্বাহৰুখ খানে।
7. ভ্ৰাম্যমাণ মঞ্চ জগতৰ বলিষ্ঠ অভিনেতা প্ৰাণজিৎ দাসৰ মৃত্যু ৷
৫জানুৱাৰীত অসুস্থ হৈ পৰিছিল অভিনেতাগৰাকী ৷
৬ জানুৱাৰীত গুৱাহাটীৰ মেট্ৰ’ হাস্পতালত ভৰ্তি কৰা হৈছিল।
পুৱা ১০.৪৫বজাত মেট্ৰ’ হাস্পতালতে মৃত্যু হয় অভিনেতাগৰাকীৰ ৷
ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী ৷
8. ‘পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’।
প্ৰধানমন্ত্ৰী গৰাকীৰ কাৰ্যক্ষমতা আৰু শাসন ব্যৱস্থাক প্ৰশংসা কৰিছে ব্ৰিটিছ সাংসদ লৰ্ড কৰণ বিলিমৰিয়াৰে।
ভাৰতৰ অৰ্থব্যৱস্থাৰ দিনক দিনে প্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ দিশলৈ লৈ গৈ আছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে।
9. গুৱাহাটী মহানগৰীত নৃশংস হত্যাকাণ্ড ৷
ফটাশিলৰ ৰঘুনাথ পথত মহিলাক মৰিয়াই মৰিয়াই হত্যা কৰে ৷
হত্যা কৰা মহিলা গৰাকীৰ নাম মইনা বড়ো ।
নিজাম আলী নামৰ এজন লোকে হত্যা কৰাৰ অভিযোগ।
ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
10. শিলচৰৰ গোপালগঞ্জত গুলীচালনা৷
আৰক্ষীৰ গুলীত আহত হয় আনোৱাৰ হুছেইন নামৰ এজন যুৱক৷
কৰ্তব্যৰত আৰক্ষীক আক্ৰমণৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে৷
গুলীবিদ্ধ যুৱকজনক SMCHত ভৰ্তি কৰোৱা হৈছে৷
আৰক্ষীক আক্ৰমণৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই৷
শিলচৰ সদৰ থানাৰ এজন আৰক্ষীক ছুৰীৰে কৰিছিল আক্ৰমণ৷
11. মিজোৰামৰ কলাশিপত বাৰ্মিজ চুপাৰি জ্বলালে মিজো ৰাইজে৷
বিগত দুদিনত দুখন ট্ৰাক জব্দ কৰি জ্বলাই দিয়ে চুপাৰি৷
থলুৱা চুপাৰি বিক্ৰী কৰিব নোৱাৰি এই পন্থা লৈছেমিজো ৰাইজে।
মিজোৰামত বাৰ্মিজ চুপাৰি ট্ৰাক প্ৰৱেশ কৰিবলৈ নিদিয়াৰো হুংকাৰ মিজো ৰাইজৰ।
12. দিছপুৰ আৰক্ষীৰ জালত পৰিল শিশু অপহৰণকাৰী।
পিতৃ-মাতৃৰ তৎপৰতাত ধৰা পৰিল অপহৰণকাৰী।
ধৃত শিশু অপহৰণকাৰীটো বহিঃৰাজ্যৰ অভিজিৎ শেন গুপ্তা।
দিছপুৰ ছুপাৰ মাৰ্কেটৰ পৰা অপহৰণৰ চেষ্টা কৰিছিল আৰাধিকা ভট্টাচাৰ্যক।
গৌতম ভট্টাচাৰ্যৰ একমাত্ৰ কন্যা আৰাধিকা ভট্টাচাৰ্য।
মাতৃৰ সৈতে বজাৰ কৰি থকা অৱস্থাত অপহৰণৰ চেষ্টা।
অটোৰ পৰা শিশুটিক থপিয়াবলৈও চেষ্টা কৰে অপহৰণকাৰীয়ে।
কন্যাশিশুটিৰ পিতৃয়ে হাতে-লোটে ধৰে অভিজিৎ শেন গুপ্তাক।
নিশাই অপহৰণকাৰীটোক দিছপুৰ আৰক্ষীক গতাই দিয়ে ভট্টাচাৰ্য দম্পতীয়ে।
13. উদুলি-মুদুলি নগাঁৱৰ ৰাইডঙীয়াৰ শংকৰদেৱ শিশু নিকেতন৷
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিদ্যালয়খনত অনুষ্ঠিত হৈছে ৰূপালী জয়ন্তী।
মুকলি সভাত অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামী এ।
অনুষ্ঠানত উপস্থিত থাকে ND24ৰ সঞ্চালক কিশোৰ বৰা আৰু বহু গণ্যমান্য ব্যক্তি।
14. আন্দামান আৰু নিকোবৰৰ ২১টা বৃহৎ নামহীন দ্বীপৰ নামাকৰণ কৰা হ’ব পৰম বীৰ চক্ৰ বঁটা প্ৰাপ্তসকলৰ নামেৰে৷
অহা ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত নামাকৰণ কৰা হ’ব দ্বীপকেইটাৰ৷
উল্লেখ্য যে, উক্ত দিনা প্ৰধানমন্ত্ৰী মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুক উৎসৰ্গিত কৰি ৰাষ্ট্ৰীয় স্মাৰকৰ এটা আৰ্হিও উন্মোচন কৰিব৷
15. ধাৰাবাহিক বোমা বিস্ফোৰণৰ পাছত জম্মু-কাশ্মীৰ সীমান্তত পুনৰ চাঞ্চল্য।
জম্মুৰ খোৰ এলেকাত উদ্ধাৰ কৰে PIA লিখিত বেলুন।
বিমান আকৃতিৰ বেলুনত স্পষ্টকৈ লিখা আছে PIA।
শনিবাৰে অঞ্চলটোত তিনিটাকৈ বিস্ফোৰণত আহত হৈছিল ৭জনকৈ লোক।
ঘটনাৰ আঁৰত পাকিস্তানী সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
অঞ্চলটোত সেনাৰ অভিযান অব্যাহত থকাৰ মাজতে বেলুন উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
16. G20ৰ বৈঠকক লৈ তৎপৰ অসম চৰকাৰ।
ন-ৰূপত সজাই তোলা হৈছে গুৱাহাটী মহানগৰ।
কটকটীয়া কৰি গঢ়ি তোলা হৈছে নিৰাপত্তা।
G20ৰ বৈঠকক লৈ উৎসুকতা বৃদ্ধি পাইছে চৰকাৰ-প্রশাসনৰ।
G20ৰ লগত সংগতি ৰাখি গুৱাহাটীত অনুষ্ঠিত হ’ব Y20ৰ বৈঠকো।
দুয়োখন বৈঠকৰ বাবে প্রস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে।
17. পূব আফ্রিকাৰ সন্ত্রাসজৰ্জৰ দেশ ছোমালিয়াৰ এক সন্ত্রাসবাদীৰ ঘাটিত বৃহৎ আক্রমণ সংঘটিত কৰিছে আমেৰিকান সেনাই।
আল-শ্বাবাব নামৰ আলকায়দাপন্থী সন্ত্রাসবাদী সংগঠনটোৰ এটা ঘাটিত আক্রমণ চলায় আমেৰিকান সেনাৰ আফ্রিকা কমাণ্ডে।
আক্রমণটোত নিহত হয় কমেও ৩০টা সন্ত্রাসবাদী।
18. ৫ বছৰৰ মূৰত নিজ গৃহত উপস্থিত হয় অপহৃত হোৱা যুৱক৷
মানৱ সৰবৰাহকাৰীৰ কবলত পৰিছিল চিলাপথাৰৰ কেশৱ নমঃশূদ্ৰ৷
সমনীয়াৰ সৈতে ফুৰিবলৈ গৈ সন্ধানহীন হৈছিল দুজন যুৱক৷
গুৱাহাটীলৈ বুলি গৈছিল কেশৱ নমঃশূদ্ৰ আৰু মনমোহন চৌধুৰী৷
নগাঁৱৰ কামী ওৰফে চৈফি নামৰ যুৱকজনে প্ৰলোভন দি নিছিল দিল্লীলৈ৷
দিল্লীত এজন লোকৰ ওচৰত বিক্ৰী কৰিছিল যুৱক দুজনক৷
এবছৰৰ পাছত কৌশলেৰে পলাই আহে মনমোহন চৌধুৰী৷
দুবছৰৰ পাছত অসমৰ এজন ব্যক্তিৰ সহায়ত কেৰালালৈ পলায়ন কৰে কেশৱ নমঃশূদ্ৰই৷
৩ বছৰ কেৰালাত কটাই গৃহত উপস্থিত হোৱা কেশৱক ঘূৰাই পাই উৎফুল্লিত পৰিয়ালবৰ্গ৷
19. ‘পাঠান ৰিলিজ কৰিব শ্বাহৰুখ খানে, ডক্তৰ বেজবৰুৱা ৰিলিজ কৰিম মই৷ শ্বাহৰুখ খানক নে মোক ৰাইজে বেছি ভাল পায়’ মই চাম বুলি ছিপাঝাৰৰ দুমুনিচকীত পোহৰ NGOৰ সংগীতানুষ্ঠানত মন্তব্য কৰে জুবিন গাৰ্গে৷
20. যোৰহাটত যোগবিজ্ঞান মহাবিদ্যালয়ত অনলাইন আৰু অফলাইন ক্লাছৰ শুভৰাম্ভ।
শুভাৰম্ভ কৰে স্বামী সুৰেস্বাৰানন্দ সৰস্বতীয়ে।
উপস্থিত থাকে বহু গণ্যমান্য ব্যক্তি।
Mising Autonomous Council .
Post navigation
Go Top