Mising Autonomous Council .
শীতকালত প্ৰায় মানুহৰে মুখৰ গোন্ধ আহে।
মানুহৰ কাষত বহি কথা পাতিবলৈও অসুবিধাজনক হৈ পৰে।
নহয় নে ?
জানো আহক কেইটামান ঘৰুৱা উপায়েৰে মুখৰ গোন্ধ নিৰাময় কৰোঁঃ
ক) মুখৰ গোন্ধ আঁতৰাবলৈ পানী হৈছে আটাইতকৈ সহজ উপায়।
আপুনি যিমানে বেছি পানী খাব, আপোনাৰ মুখৰ গোন্ধ সিমানে কম হ’ব।
খ) আপুনি প্ৰতিদিনে আপোনাৰ জিভা পৰিষ্কাৰ কৰি ৰাখিব লাগে।
জিভা খন স্ক্ৰেপ কৰিলে আপোনাৰ জিভা বেক্টেৰিয়া আৰু মৃত কোষৰ পৰা পৰিত্ৰাণ পায়।
যি আপোনাৰ মুখৰ গোন্ধ আঁতৰ কৰে।
গ) তুলসীৰ পাত চোবালে মুখৰ গোন্ধ আঁতৰ হয়।
তুলসী পাত খালে মুখত হোৱা আঘাত নিৰাময় কৰে।
ঘ) মধুৰিআমৰ কোমল পাত চোবাই খালে মুখৰ গোন্ধ আঁতৰ কৰিব পাৰি।
ঙ) প্ৰতিদিনে সৰিয়হৰ তেলত অকণমান নিমখ মিহলাই দাঁত ব্ৰাচ কৰে তেতিয়া দাঁতৰ আলু স্বাস্থ্যৱান হৈ থাকে আৰু গোন্ধ হোৱাৰ আশংকা হ্ৰাস হয়।
চ) মুখত লং থৈ চুপি থাকিলেও গোন্ধ হ্ৰাস হয় আৰু লগতে দাঁতৰ বিষ হলেও ভাল কৰে।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে এই কেইটা ঘৰুৱা উপায় গ্ৰহণ কৰক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24