৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com January 28/2023:-
1. শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান।
অসম আৰক্ষী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত দিয়া হয় নিযুক্তি।
১,২০৮ গৰাকীক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত উপস্থিত থাকে কেশৱ মহন্ত, পৱিত্ৰ মাৰ্ঘেৰিটা, ভাস্কৰজ্যোতি মহন্ত, জি পি সিং, নিৰজ বৰ্মা, অবিনাশ যোশী, ড° লক্ষ্মীপ্ৰিয়া লগতে বহু গণ্য-মান্য ব্যক্তি।
2. ‘কংগ্ৰেছে ‘হাথ সে হাথ জোড়ো’ কৰি লাভ নাই৷
মই কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ শত্ৰু, কংগ্ৰেছৰ মিত্ৰ বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা৷
দিনত হ’লে বিজেপিক গালি দিয়ে কংগ্ৰেছে, নিশা হ’লে টকা ল’বলৈ ‘লাইন’ লাগি থাকে’- মন্তব্য বদৰুদ্দিন আজমলৰ।
3. আজি কৃষক শ্বহীদ দিৱস।
১৮৯৪ চনৰ ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ শ্বহীদসকলৰ সশ্ৰদ্ধ সোঁৱৰণত দৰং জিলা প্ৰশাসনৰ উদ্যোগত পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিশেষ অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, পৱিত্ৰ মাৰ্ঘেৰিটা, ড° পৰমানন্দ ৰাজবংশী, দুৰ্গাদাস বড়ো, বসন্ত দাস, মজিবুৰ ৰহমান, গুৰুজ্যোতি দাস, ড° আশিস কুমাৰ ভূটানী, অনন্তলাল জ্ঞানী, প্ৰণৱ কুমাৰ শৰ্মাকে ধৰি বহু গণ্য-মান্য ব্যক্তি।
4. আজি জাগী উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত স্পৰ্টচ্ ষ্টাৰ ক্লাবৰ উদ্যােগত ‘আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতা’ত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।
জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ উন্নয়নৰ কামৰ উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে।
লগতে খেলুৱৈসকলক উৎসাহিত কৰে।
5. বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত অংশ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
৩ ফেব্ৰুৱাৰীৰ বিয়লি ৪.৩০বজাত দিল্লীৰ পৰা ভাৰ্চুৱেলী অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব ভকতসকলক।
6. অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হ’ব জি পি সিং।
কলাক্ষেত্ৰত নিযুক্তি প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা।
7. এতিয়াৰে পৰা মাধ্যমিক পৰ্যায়ত নাথাকিব স্নাতক শিক্ষকৰ পদ।
মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদত নিযুক্তিৰ বাবে বাধ্যতামূলক হ’ব স্নাতকোত্তৰ ডিগ্ৰী।
লগতে থাকিব লাগিব বিএড ডিগ্ৰীও।
প্ৰাথমিক বিদ্যালয়ত নাথাকিব ইণ্টাৰমিডিয়েট শিক্ষকৰ পদ।
চাকৰি সেৱা বিধি প্ৰকাশৰ পাছতেই বিলুপ্ত হ’ব এইপদসমূহ।
এবছুৰ অধিৱেশনত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ এই ঘোষণা লগতে খালী হৈ থকা শিক্ষকৰ পদ পূৰণৰো আশ্বাস দিলে শিক্ষামন্ত্ৰীগৰাকীয়ে।
8. অহা মাহত পুনৰ জেৰা কৰা হ’ব নন্দবাবু সিঙক’৷
তদন্তৰ অন্তত তথ্য-প্ৰমাণৰ ভিত্তিত সিঙক গ্ৰেপ্তাৰ কৰা হ’ব বুলি মন্তব্য কৰে APSC কেলেংকাৰিৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচাৰে৷
আজি পূব গুৱাহাটী আৰক্ষী জিলা কাৰ্যালয়ত জেৰা কৰা হয় নন্দবাবু সিঙক৷
APSC কেলেংকাৰিৰ জড়িতৰ অভিযোগত নন্দবাবু সিঙক জেৰা কৰা হয়৷
পূব গুৱাহাটী আৰক্ষী জিলা কাৰ্যালয়ত ৬ ঘণ্টা জেৰা কৰা হয় সিঙক৷
ৰাকেশ পালৰ কাৰ্যকালত পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল সিং৷
বহু পৰীক্ষাবহী জ্বলাই দিয়াৰ অভিযোগ নন্দবাবু সিঙৰ বিৰুদ্ধে৷
9. KTM RC 390 ৰেচিং কাপৰ বাবে নিৰ্বাচিত হৈছে শিলচৰৰ ৰুকছাৰ আহমদ লস্কৰ।
গুজৰাটৰ বদোদাৰাত অনুষ্ঠিত প্ৰতিযোগিতাত নিৰ্বাচিত হৈছে ৰুকছাৰ।
কিছুদিন পূৰ্বে বাইক ষ্টাণ্টৰ অভিযোগত আটক কৰিছিল আৰক্ষীয়ে।
মাৰ্চমাহ পৰ্যন্ত চলিব KTM RC 390 ৰেচিং কাপ।
ৰুকছাৰে প্ৰতিযোগীতাত অংশগ্ৰহনৰ সুযোগ লাভ কৰাত উৎফুল্লিত শিলচৰবাসী ৰাইজ।
10. সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম।
ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে ইয়াক সন্মান জনোৱা উচিত।
অযোধ্যাৰ ৰাম মন্দিৰৰ ধৰ্মীয় স্থানসমূহৰ পুনৰ নিৰ্মাণৰ আহ্বান জনাই এই কথা ব্যক্ত কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
11. গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড° পাহাৰী কোঁৱৰলৈ ২০২৩ বৰ্ষৰ অসম আৰক্ষীৰ শিশু মিত্ৰ বঁটা।
DGP ভাস্কৰ জ্যোতি মহন্তই প্ৰদান কৰে এই বিশেষ বঁটাটি।
12. অৱশেষত বেংতল আৰক্ষী চকীৰ OC আফজল হুছেইনক নিলম্বন।
কৰ্তব্যত গাফিলতি কৰি নিলম্বিত হ’ল আৰক্ষী বিষয়াজন।
চিৰাং জিলাৰ SP প্ৰাণজিৎ বৰাই নিলম্বন কৰে আৰক্ষী বিষয়া গৰাকীক।
13. ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনা।
ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল দুজন লোক।
ঘটনাৰ পাছতে ক্ষুব্ধ ৰাইজে জ্বলাই দিলে ডাম্পাৰখন।
নিহত লোক কেইজনক স্থানীয় লোকে চিনাক্ত কৰিব পৰা নাই।
14. চিলাপথাৰৰ ডিমৌ চাৰিআলিত নিশা ভয়ংকৰ দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত হয় এজন ব্যক্তি।
বাইকেৰে ঘৰলৈ গৈ থকাৰ আদবাটতে খুন্দা মাৰে ৰৈ থকা এখন ট্ৰেক্টৰত।
ফলত মৃত্যুক সাৱটি লয় ৰবিনাথ পাংগিং নামৰ লোকজনে।
15. কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া জুনিয়ৰ কলেজ খেলপথাৰত তিনিদিনীয়াকৈ আৰম্ভ হৈছে নন ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট।
৬টা বৰ্ষত ভৰি দিয়া এই নন ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ লগতে উত্তৰ-পূবৰ বহু খেলুৱৈ।
শুকুৰবাৰে টুৰ্ণামেণ্টখনৰ শুভাৰম্ভণিত উপস্থিত থাকে কমনৱেলথ গেমছৰ লন বল প্ৰতিযোগিতাৰ স্বৰ্ণ বিজয়ী নয়নমণি শইকীয়া, ND24ৰ পৰিচালন সঞ্চালক কিশোৰ বৰাৰ লগতে বহু বিশিষ্ট ব্যক্তি।
16. ঝাৰখণ্ডৰ ধানবাদত ভয়ংকৰ ঘটনা।
এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হয় অগ্নিকাণ্ড।
অগ্নিকাণ্ডত চিকিৎসকসহ ৬জনৰ মৃত্যু হয়।
অগ্নিকাণ্ডৰ কাৰন জানিব পৰা হোৱা নাই।
17. বৰপেটাৰোডৰ চৰকমাঠত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়।
বৃহস্পতিবাৰে সম্পন্ন হৈছিল চৰকমাঠৰ নিৱাসী ৰাম মজুমদাৰ নামৰ যুৱকজনৰ বিয়া।
অতি উলহ মালহেৰে বিয়া সম্পন্ন কৰাৰ পিছত শুকুৰবাৰে পুৱা কইনাসহিতে ঘৰলৈ উভতিছিল ৰাম।
শুকুৰবাৰে নিশা শুই থকা সময়তে উশাহ লোৱাত অসুবিধা পায় যুৱকজনে।
পৰিয়ালৰ লোকে লগে লগে ৰামক নিকটৱৰ্তী হাস্পতাললৈ লৈ যায় যদিও আধা বাটতে শ্বাস-প্ৰশ্বাস বন্ধ হৈ মৃত্যুক সাৱটি লয় দৰাজনে।
এই ঘটনাই শোকস্তব্ধ কৰিছে সমগ্ৰ অঞ্চলবাসীকো।
18. মধ্যপ্ৰদেশৰ মৰেনাৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা।
প্ৰশিক্ষণৰ সময়তে আকাশমাৰ্গত ভাৰতীয় বায়ু সেনাৰ দুখন বিমানৰ মাজত ভয়ংকৰ সংঘৰ্ষ।
সংঘৰ্ষৰ ফলত মৃত্যু হয় এগৰাকী পাইলত।
দুৰ্ঘটনাটোৰ ফলত বিমানখনৰ দুগৰাকী পাইলট গুৰুতৰভাৱে আহত হৈছে।
অৱশ্যে এই দুৰ্ঘটনাটোৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
19. নিশা মহানগৰীত মাৰপিটৰ ঘটনা।
GMCHৰ প্রেক্ষাগৃহৰ সন্মুখত সংঘটিত এই ঘটনা।
নিশাই কেইবাজনো ছাত্রক ভঙাগড় আৰক্ষীয়ে কৰালে স্বাস্থ্য পৰীক্ষা।
ঘটনা সন্দৰ্ভত দুজনক আটক কৰে আৰক্ষীয়ে।
আটক কৰা ব্যক্তি দুজন হৈছে সুমন তাঁতী, জয়ন্ত দাস।
20. গুৱাহাটীৰ উজানবজাৰত ৰে’ল বিভাগৰ ভূমিত উচ্ছেদ চলিব।
ৰে’ল বিভাগৰ ভূমি দখল কৰা পৰিয়াললৈ জাননী।
৯ ফেব্রুৱাৰীৰ ভিতৰত মাটি খালী কৰাৰ নিৰ্দেশ প্ৰশাসনৰ।