হেমচন্দ্ৰ গোস্বামীৰ জন্ম হৈছিল ১৮৭২ চনৰ ৮ জানুৱাৰী তাৰিখে গোলাঘাটৰ ঢেকিয়াল মৌজাৰ গৌৰাঙ্গ সত্ৰত।
পিতৃৰ নাম আছিল ডম্বৰুধৰ গোস্বামী আৰু মাতৃ নাম ঘনকান্তী দেৱী।
গোস্বামী দেৱে গাঁৱৰ বিদ্যালয়ৰ পৰাই প্ৰাথমিক শিক্ষা লাভ কৰে।
১৮৮৮ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয়।
তেখেতৰ মেধা শক্তিৰ বাবে এটা কুৰিটকীয়া জলপানী লাভ কৰিবলৈ সক্ষম হৈছিল।
তাৰ পিছত উচ্চ শিক্ষাৰ বাবে প্ৰেচিডেন্সি কলেজত নাম লগায়।
তাত তেখেতে চাৰি বছৰ কাল অধ্যয়ন কৰে, কিন্তু বি এ ডিগ্ৰী লাভ নকৰাকৈ গুৱাহাটীলৈ উভতি আহে।
তেখেতে ১৮৯৪ চনত গুৱাহাটীত সোণাৰাম হাইস্কুলত প্ৰধান শিক্ষক ৰূপে কৰ্মজীৱনৰ পাতনি মেলে।
১৮৯৫ চনত তেখেতে এডৱাৰ্ড গেইটৰ সহায়ত শ্বিলঙৰ সচিবালয়ত এটি চাকৰিত নিযুক্তি লাভ কৰে।
১৮৯৭ চনৰ পৰা চাব্ ডেপুটি কালেক্টৰ, পিছত ই এ চি আৰু ডেপুটি মেজিষ্ট্ৰেট হয়।
১৯২৫ চনত তেখেতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।
কলকাতাত এফ এ পঢ়ি থাকোঁতে চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে লগ লাগি ১৮৮৮ চনত হেমচন্দ্ৰ গোস্বামীয়ে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ গঠন কৰে।
এই সভাৰ মুখপত্ৰ আছিল ‘জোনাকী আলোচনী।
১৮৮৯ চনৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ হয়।
দ্বিতীয় বছৰৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে হেমচন্দ্ৰ গোস্বামীয়ে।
তৃতীয় আৰু চতুৰ্থ বছৰৰ দায়িত্বভাৰ পালন কৰে লক্ষ্মীনাথ বেজবৰুৱাই।
১৯১৬ চনত হেমচন্দ্ৰ গোস্বামীয়ে ‘অকণ’ নামৰ শিশু আলোচনী এখন সম্পাদনা কৰিছিল।
নগাঁৱত পঢ়ি থকা সময়ৰে পৰা গোস্বামীয়ে ‘আসাম বন্ধু’ লেখাবলৈ লৈছিল।
তেখেতৰ কবিতা সংকলন ‘ফুলৰ চাকি’ ১৯০৭ চনত প্ৰকাশ হয়।
তেওঁৰ কবিতা সমূহ হৈছে- কাকো আৰু হিয়া নিবিলাওঁ, পুৱা, কাকূতি, প্ৰিয়তমাৰ চিঠি ইত্যাদি।
‘প্ৰিয়তমাৰ চিঠি’ গোস্বামীদেৱৰ ছনেট বা চতুৰ্দশপদী কবিতা।
তেখেত অসমীয়া ভাষাত ৰোমাণ্টিক কবিতাৰ অন্যতম ৰচক।
১৯২০ চনৰ তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনত হেমচন্দ্ৰ গোস্বামীয়ে সভাপতিৰ আসন অলংকৃত কৰিছিল।
১৯২৮ চনৰ ২ মে অৰ্থাৎ আজিৰ দিনটোতে হেমচন্দ্ৰ গোস্বামীয়ে গুৱাহাটীৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ।