৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam June 2/2023:-
1. মঞ্চতে বাগৰি পৰিল মাৰ্কিন ৰাষ্ট্ৰপতি জ’বাইডেন।
ক’ল’ৰাডুৰ এখন মঞ্চত বাগৰি পৰিল ৰাষ্ট্ৰপতিগৰাকী।
মাৰ্কিন এয়াৰফ’ৰ্ছ একাডেমীৰ গ্ৰেজুৱেচন চেৰিমণিত এই ঘটনা সংঘটিত হৈছে।
2. কাইলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচন৷
মুঠ ১০টা পদৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷
পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হ’ব ভোট গ্ৰহণ৷
3. শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ পৰ্যটন বিভাগত নৱনিযুক্তি প্ৰাপ্ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী সকলৰ দিকদৰ্শন সমাৰোহ।
সমাৰোহত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বহু গণ্যমান্য ব্যক্তি।
4. APDCL-এ বৃদ্ধি কৰিলে মাচুল।
প্ৰতি ইউনিটত ৩০-৭০ পইচালৈ বৃদ্ধি মাচুল।
জুনত লাভ কৰা মে’ মাহৰ বিদ্যুৎ বিলত প্ৰযোজ্য হ’ব এই নিৰিখ।
জীৱন ধাৰাৰ অধীনস্থ দৰিদ্ৰ পৰিয়ালেও দিব লাগিব বৰ্ধিত মাচুল।
* “বিদ্যুৎ মাচুল বাঢ়িবই, উপায় নাই”- শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছা।
5. অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ নতুন অধ্যক্ষ নিযুক্ত।
ড° কল্যাণ কলিতাক শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হিচাপে নিযুক্তি।
জালুকবাৰীৰ পথ দুৰ্ঘটনাৰ পাছতে ড° অতুল বৰাক ছুটীত যোৱাৰ নিৰ্দেশ শিক্ষা বিভাগৰ।
6. অসম পেট্ৰ’কেমিকেল লিমিটেডৰ পৰিচালন সঞ্চালক হিচাপে জিতু তালুকদাৰক নিযুক্তি প্ৰদান।
ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই প্ৰদান কৰে নিযুক্তি।
7. জনতা ভৱনত বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে শিক্ষা বিভাগৰ বৈঠক।
মাধ্যমিক শিক্ষা – শিক্ষা সেতু, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ, স্ব-আধাৰ বিদ্যালয় তথা শিক্ষকৰ বদলিকৰণ আদি বিষয়ক লৈ পৰ্যালোচনা হয়।
8. কৰিমগঞ্জত দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল ৮ বছৰীয়া এটি শিশু।
দুৰ্ঘটনাত শিশুটিৰ দুই ভগ্নী আঘাতপ্ৰাপ্ত হয়।
আহত দুয়োকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সংযোগী ৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ একলাবাৰীত সংঘটিত হয় এই শোকাৱহ ঘটনাটো।
9. চিৰাঙৰ বিজনী আমগুৰিৰ গেৰুকাবাৰী পথত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে।
ড্ৰাগছভৰ্তি ৬টা কণ্টেইনাৰসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল ৰাকেশ ৰায় নামৰ ২৫ বছৰীয়া ড্ৰাগছ সৰবৰাহকাৰীটোক।
ধৃত ৰাকেশৰ পৰা জব্দ কৰে এটা মোবাইল ফোনো।
10. বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পূৰ্বে মুকলি হ’ল ভাৰতীয় দলৰ জাৰ্চী৷
Adidas-এ মুকলি কৰে এই জাৰ্চী৷
ভাৰতীয় দলটোৱে ৭ জুনৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিব৷
ইয়াৰ পূৰ্বে মুকলি কৰা হয় এই জাৰ্চী৷
11. শিলচৰৰ চদৰঘাট দলঙত পথ দুৰ্ঘটনা৷
তীব্ৰবেগী মেজিক বাহনৰ খুন্দাত নিহত হয় বাইক আৰোহী৷
নিহত যুৱকজন কাছাৰৰ দুধপাতীলৰ সুমন দাস৷
মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
12. প্ৰচণ্ড গৰমৰ বাবে তেজপুৰৰ শোণিতপুৰ জাতীয় বিদ্যালয়ৰ ১১ গৰাকী শিক্ষাৰ্থী ঢলি পৰে৷
শিক্ষাৰ্থীসকলক ততালিকে সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷
অধিক গৰমৰ বাবেই এনে অৱস্থা হোৱা বুলি মন্তব্য কৰে চিকিৎসকে।
13. SI জোনমণি ৰাভাৰ অকাল মৃত্যুৰ উচিত তদন্তৰ দাবী৷
যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী৷
দেউৰী মহিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক মহিলাই।
*SI জোনমণি ৰাভাৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি জাগুনত প্ৰতিবাদ।
সদৌ নিখিল ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ উদ্যোগত জনগোষ্ঠীয় সংগঠনসমূহে ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ।
14. ৰোগ নিৰ্মূল বিটিআৰ আঁচনিৰ অধীনত এম্বুলেন্স আৰু শৱদেহ কঢ়িওৱা বাহন বিতৰণ৷
কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয় প্ৰাংগনত আয়োজিত এক কাৰ্যসূচীৰ জৰিয়তে বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়ো আৰু বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যৱাহী সদস্য অৰুপ কুমাৰ দে’ই স্বাস্থ্য বিভাগক প্ৰদান কৰে বাহনসমূহ।
15. নামৰূপৰ সাৰকাৰখানাত অগ্নিকাণ্ড।
অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই।
বৰ্তমানলৈকে ক্ষয়ক্ষতিৰ পৰিমাণো জানিব পৰা হোৱা নাই।
16. চিৰাঙৰ বিজনীত আৰক্ষীৰ জালত ড্রাগছ সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীটো বিজনীৰ কাৱাটিকাৰ ৰাকেশ ৰায়।
ৰাকেশ ৰায়ৰ পৰা ৬টা ড্রাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে।
জব্দকৃত ড্রাগছখিনিৰ ওজন ৭.৫ গ্রাম।
17. মিজোৰামৰ ডাংটলঙত বুজন পৰিমাণৰ ড্রাগছ জব্দ কৰা হয়।
১১৫টা হেৰ’ইনভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয়।
জব্দকৃত হেৰ’ইনখিনিৰ ওজন ১,৪১৮ কিলোগ্রাম।
18. কাছাৰ, কৰিমগঞ্জ ড্ৰাগছ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ৷
১০০টা চাবোনৰ বাকচত উদ্ধাৰ কৰে ১.৪ কিলোগ্ৰাম হেৰ’ইন৷
ড্ৰাগছ সৰবৰাহত জড়িত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
19. ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিভা সন্ধানী লোকসংগীত বৃত্তি পৰীক্ষাত উজ্বলিল বৰপথাৰৰ ১নং তামুলী গাঁৱৰ ছুইটী ফুকন।
প্ৰায় ৩ হাজাৰ প্ৰতিযোগীৰ মাজত নিৰ্বাচিত হয় ৫৩৯ গৰাকী।
ছুইটী ফুকনৰ সফলতাত উৎফুল্লিত হৈ পৰিছে ধনশিৰিবাসী।
20. গুৱাহাটীৰ মালিগাঁৱৰ উৰণ সেতুৰ তলত অঘটন।
নিৰ্মীয়মান অৱস্থাত উৰণ সেতুত হঠাতে লাগিল জুই।
এই ঘটনাৰ পাছতে বন্ধ হৈ পৰিছে যাতায়াত।
যাৰ ফলত ব্যাপক জান-জঁটৰ সন্মুখীন হৈছে পথচাৰী।
নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অসাৱধানতাৰ বাবে ঘটিবলৈ পালে এই ঘটনা।
Post navigation
Go Top