৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 8/2023:- 

1. অসম বিধানসভাৰ উদ্যোগত শংকৰদেৱ কলাক্ষেত্ৰত দ্বিতীয় পঞ্চায়ত সন্মিলন৷
পঞ্চায়ত ৰাজ ব্যৱস্থা সন্দৰ্ভত অধিক সজাগতা সৃষ্টিৰ পদক্ষেপ৷
পঞ্চায়ত সন্মিলনত ৰাজ্যৰ ৬ খন জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ কৰে৷
সন্মিলনত উপস্থিত থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মন্ত্ৰী কেশৱ মহন্ত, চন্দ্ৰমোহন পাটোৱাৰী, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বহু গণ্যমান্য ব্যক্তি।

2. ভাৰতীয় ৰে’লৱেই হ্ৰাস কৰিছে AC চেয়াৰ কাৰৰ ভাড়া।
বন্দে ভাৰত এক্সপ্ৰেছকে ধৰি ভাৰতত চলা সকলো ৰে’লৰ ক্ষেত্ৰত ২৫ শতাংশ ভাড়া হ্ৰাস।
ভাৰতীয় ৰে’লৱেই সদৰী কৰিছে এই কথা।

3. অসমবাসীৰ বাবে আন এক গৌৰৱৰ খবৰ।
এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন অসমৰ শিৱাংগী শৰ্মাৰ।
সাঁতোৰত অংশ ল’ব শিৱাংগীয়ে।
২৩ ছেপ্টেম্বৰৰ পৰা চীনত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ বাবে ভাৰতীয় দল ঘোষণা কৰিলে চুইমিং ফেডাৰেশ্যনে।
এছিয়ান গেমছৰ বাবে নিৰ্বাচিত হোৱা ৩৬জনীয়া দলটোত আছে ৯গৰাকী মহিলা ।

4. নৱগ্ৰহ মন্দিৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷
মন্দিৰ পৰিচালনা সমিতিৰে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে।
পৰ্যটনৰ ক্ষেত্ৰত নৱগ্ৰহক লৈ নতুন পৰিকল্পনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

5. লখিমপুৰৰ নাওবৈচাৰ শিঙৰা নদীৰ মথাউৰিৰ ছিগা অংশ পৰিদৰ্শন কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
ৰাইজক শীঘ্ৰে মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে।

6. ‘২০২২চনৰ জুন মাহৰ তুলনাত ২০২৩ চনৰ জুন মাহত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা’৷
দুৰ্ঘটনা বৃদ্ধিৰ পাছতেই টুইটযোগে তথ্য প্ৰকাশ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

7. ৰঙিয়াৰ ‘স্বস্তি হস্পিটাল’ৰ ICUত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে বিধায়ক দিগন্ত কলিতাই৷
বৃক্ক, মধুমেহ, উচ্চ ৰক্তচাপ, হৃদৰোগত আক্ৰান্ত থানেশ্বৰ বড়ো৷

8. শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাই দাহ কৰিলে মন্ত্ৰী ৰঞ্জিত দাস আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিকৃতি।
আহোম জনগোষ্ঠীক লৈ আপত্তিজনক মন্তব্য কৰিছিল দুয়ো নেতাই।
প্ৰতিবাদত আৰক্ষীৰ সৈতে হতাহতি সংগঠনটোৰ।

9. পশ্চিম বংগত পঞ্চায়ত নিৰ্বাচনৰ ভোটদানৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতিত ৮ জনৰ মৃত্যু হয়।
তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত সূত্ৰপাত হয় কাজিয়া।

10. বাংলাদেশৰ ঢাকাত গ্রেপ্তাৰ হয় অল কায়দাৰ দুৰ্ধৰ্ষ সন্ত্রাসবাদী।
ভাৰতৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী আবু তালহাক গ্রেপ্তাৰ কৰে।
ঢাকাৰ সবুজবাগ এলেকাৰ পৰা গ্রেপ্তাৰ আবু তালহাক।
কিছুদিন পূৰ্বে অসমতো বাহৰ পাতি আছিল সন্ত্রাসবাদীজনে।

12. নলবাৰীৰ চান্দকুছিত শোকাৱহ ঘটনা।
পানীত পৰি মৃত্যু দুই শিশু।
পুখুৰীৰ পাৰত খেলি থকা অৱস্থাত মৃত্যু হয় শিশু দুটিৰ।

13. মহানগৰী জু ৰোডত ফুটিল পানীৰ পাইপ৷
ৰাজগড়-জু ৰোড সংযোগী পথত সংঘটিত এই ঘটনা।
শ্ৰমিকে কাম কৰি থকা সময়তেই ফুটিল পাইপ৷

14. কাছাৰৰ বৰখলা বৰযাত্ৰাপুৰত শোকাৱহ ঘটনা৷
বিদ্যুৎস্পৃষ্ট হৈ পাৰভেজ আহমেদ নামৰ যুৱকৰ কৰুণ মৃত্যু হয়।
জল প্ৰকল্পৰ বাৰ্জত উঠাৰ সময়তে সংঘটিত এই ঘটনা৷

15. অৰুণাচলৰ পৰা ব্যাপক হাৰত অসমলৈ সৰবৰাহ সুৰা৷
ধেমাজিৰ চিলাপথাৰত জব্দ কৰ শিৱসাগৰলৈ সৰবৰাহ কৰা সুৰা৷
লিকাবালিৰ পৰা জাঁজীলৈ অনা সুৰা জব্দ কৰে আৰক্ষী-CRPF-এ৷

16. মহানগৰীত চাঞ্চল্যকৰ ঘটনা।
হেঙেৰাবাৰীত উদ্ধাৰ কৰে দুটাকৈ মৃতদেহ।
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সমীপত এই ঘটনা।
এটা পৰিত্যক্ত বাসগৃহৰ ভিতৰত উদ্ধাৰ কৰে মৃতদেহ দুটা।
ঘটনাস্থলীত উপস্থিত হয় দিছপুৰ আৰক্ষী।

17. যাত্ৰীবাহী ৰে’লৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ সক্ৰিয় গুলী।
ৰঙিয়া ৰে’ল ষ্টেচনত আটক কৰে সৰবৰাহকাৰী কৈলাশ শৰ্মাক।
ৰঙিয়া ষ্টেচনত নামনিমুৱা অব’ধ এক্সপ্ৰেছৰ পৰা উদ্ধাৰ কৰে ৭০০ সক্ৰিয় গুলী।
বিহাৰৰ পৰা কাটিহাৰলৈ সৰবৰাহ কৰাৰ সময়তে GRPFএ উদ্ধাৰ কৰে সজীৱ গুলীসহ আটক বিহাৰৰ খৰ্গাৰিয়া জিলাৰ কৈলাশ শৰ্মাক।

18. বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী হৈছে ভৰত জৈন৷
ভৰত জৈনে মুম্বাইত বাস কৰে আৰু তেওঁৰ মুঠ সম্পত্তি ৭.৫ কোটি টকা বুলি প্ৰকাশিত হৈছে তথ্য।
তেওঁ ভিক্ষা খুজি প্ৰতিমাহে ৬০,০০০-৭৫,০০০টকা উপাৰ্জন কৰে আৰু তেওঁৰ মুম্বাইত ১.২ কোটি টকাৰ দুটা বেডৰুম থকা ফ্লেট আছে।
মুম্বাইৰ থানেতো দুখন দোকান আছে যাৰ পৰা ৩০,০০০ টকা উপাৰ্জন হয় ভিক্ষাৰীজনৰ।

19. ডিব্ৰুগড় ভয়ংকৰ দুৰ্ঘটনা।
দুৰ্ঘটনাত নিহত ছাত্ৰজন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লুকু শৰ্মা।
জামুগুৰিহাটৰ ধলাইবিলত ছুইফট-ডাম্পাৰৰ সংঘৰ্ষত আহত হয় মহিলাসহ ৪গৰাকী যাত্ৰী।
ডিব্ৰুগড়ৰ পৰা মঙলদৈ অভিমুখে গৈ আছিল ছুইফট বাহনখন।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ডাম্পাৰখনৰ পলায়ন কৰে।

20. সৰ্প দংশনৰ ফলত অকালতে মৃত্যু পলাশবাৰী হুদুমপুৰৰ প্ৰণতি কলিতা।
কাৰেণ্ট নথকা সময়ত ঘৰ ঝাৰু দি থকা অৱস্থাত ভৰিত দংশন কৰিছিল সৰ্পই।
নিশা অত্যাধিক বিষ অনুভৱ কৰাত GMCHলৈ লৈ যোৱা অৱস্থাত আদবাটতে মৃত্যু হয় কুকুৰীয়া গাঁৱৰ প্ৰণতি কলিতাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *